--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাৰ জুইকুৰা জ্বলিয়ে আছে। অশান্ত হৈ আছে মণিপুৰ। যোৱা বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক জোকাৰি গৈছে মণিপুৰৰ হিংসাই। ৰাজ্যৰ এটা অংশত সান্ধ্য আইন আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰালৈকে মণিপুৰ চৰকাৰে বিভিন্ন পদক্ষেপ ল’ব লগা হৈছে।

এই পৰিবেশৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে মুখ খুলিলে৷ তেওঁ ৰাইজক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতিবাদকাৰীক দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে।

এই হিংসাৰ কাৰণ হ’ল মণিপুৰৰ সৰহসংখ্যক জনসংখ্যা মেইটেই সম্প্ৰদায়ৰ।মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰৰ উচ্চ ন্যায়ালয়ে এই বিষয়ে চিন্তা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি পথত নামিছিল ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’। তেওঁলোকৰ আন্দোলনৰ বাবে বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

উল্লেখ্য যে মণিপুৰৰ হিংসাই মেঘালয়কো চুইছেগৈ। মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মেঘালয়ৰ শ্বিলঙত কুকিছ আৰু মেইটেইৰ সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ বাবে কুকিছ আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এই পৰিস্থিতিৰ বাবে যিসকল দায়ী তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে। এই হিংসাত এতিয়ালৈকে ৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে ২৩১জন লোক। ইয়াৰ বাহিৰেও কমেও ১৭০০ ঘৰ জ্বলি গৈছে। এই পৰ্যন্ত ২০ হাজাৰ লোকক নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে। আৰু ১০ হাজাৰ লোক গৃহহীন হৈ আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান