--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰৰ হিংসাৰ জুইকুৰা জ্বলিয়ে আছে। অশান্ত হৈ আছে মণিপুৰ। যোৱা বুধবাৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলক জোকাৰি গৈছে মণিপুৰৰ হিংসাই। ৰাজ্যৰ এটা অংশত সান্ধ্য আইন আৰোপ কৰাৰ পৰা আৰম্ভ কৰি ইণ্টাৰনেট সেৱা বন্ধ কৰালৈকে মণিপুৰ চৰকাৰে বিভিন্ন পদক্ষেপ ল’ব লগা হৈছে।

এই পৰিবেশৰ মাজতে মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে প্রথমবাৰৰ বাবে ৰাজহুৱাভাৱে ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতিৰ বিষয়ে মুখ খুলিলে৷ তেওঁ ৰাইজক শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

মণিপুৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা নাই। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ প্ৰতিবাদকাৰীক দেখা মাত্ৰেই গুলী চলোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। মণিপুৰৰ গৃহ আয়ুক্ত টি ৰঞ্জিত সিঙে বৃহস্পতিবাৰে এই নিৰ্দেশ জাৰি কৰে।

এই হিংসাৰ কাৰণ হ’ল মণিপুৰৰ সৰহসংখ্যক জনসংখ্যা মেইটেই সম্প্ৰদায়ৰ।মেইটেই সম্প্ৰদায়ে অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে। মণিপুৰৰ উচ্চ ন্যায়ালয়ে এই বিষয়ে চিন্তা কৰিবলৈ চৰকাৰক নিৰ্দেশ দিছে। কিন্তু ইয়াৰ বিৰোধিতা কৰি পথত নামিছিল ‘অল ট্ৰাইবেল ষ্টুডেন্টছ ইউনিয়ন অৱ মণিপুৰ’। তেওঁলোকৰ আন্দোলনৰ বাবে বুধবাৰৰ পৰা উত্তপ্ত হৈ পৰে মণিপুৰ।

উল্লেখ্য যে মণিপুৰৰ হিংসাই মেঘালয়কো চুইছেগৈ। মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া মেঘালয়ৰ শ্বিলঙত কুকিছ আৰু মেইটেইৰ সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ হয়। এই সংঘৰ্ষৰ বাবে কুকিছ আৰু মেইটেইৰ কমেও ১৬ জন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে এই পৰিস্থিতিৰ বাবে যিসকল দায়ী তেওঁলোকক ৰেহাই দিয়া নহ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব বুলিও সকীয়াই দিয়ে। এই হিংসাত এতিয়ালৈকে ৬০ জন লোকে প্ৰাণ হেৰুৱাইছে। আহত হৈছে ২৩১জন লোক। ইয়াৰ বাহিৰেও কমেও ১৭০০ ঘৰ জ্বলি গৈছে। এই পৰ্যন্ত ২০ হাজাৰ লোকক নিৰাপদ আশ্ৰয়স্থললৈ প্ৰেৰণ কৰা হৈছে। আৰু ১০ হাজাৰ লোক গৃহহীন হৈ আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস