--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মহাৰাষ্ট্ৰৰ চেলচুৰাৰ সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা৷ এই দুৰ্ঘটনাত এজন বিজেপি বিধায়কৰ পুত্ৰসহ সাতগৰাকী শিক্ষাৰ্থী মৃত্যু হয়৷ সোমবাৰে নিশা মহাৰাষ্ট্ৰৰ চেলচুৰাৰ ওচৰৰ এখন দলঙৰ ওপৰৰ পৰা গাড়ীখন পৰি যোৱাৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো৷ এই দুৰ্ঘটনাত বিজেপি বিধায়ক বিজয় ৰাহাংডেলৰ পুত্ৰ আবিষ্কাৰ ৰাহাংদালেকে ধৰি সাতজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ মৃত্যু হয়৷ আৰক্ষীৰ জনোৱা মতে, ছাত্ৰ-ছাত্ৰীসকলে দেউলীৰ পৰা ৱাৰ্ধালৈ গৈ থকা অৱস্থাত তেওঁলোকৰ বাহনখন পৰি গৈছিল। আৰক্ষী অধীক্ষক ৱাৰ্ধাৰ প্ৰশান্ত হোলকাৰৰ মতে যোৱা নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বাহনখনত থকা লোকসকলক ৱাৰ্ধাৰ চাৱাংগী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ হিচাপে চিনাক্ত কৰা হৈছে। নীৰজ চৌহান, বিবেক নন্দন, প্ৰত্যুষ সিং আৰু শুভম জয়ছোৱাল চূড়ান্ত বৰ্ষৰ এমবিবিএছ ছাত্ৰ, আবিষ্কাৰ ৰাহাংডেল আৰু পৱন শক্তি প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ আৰু নীতেশ সিং এজন চিকিৎসা বিজ্ঞানৰে শিক্ষাৰ্থী আছিল৷ আৰু পঢ়কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সন্ত্ৰাসৰ আগজাননী! সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিব নেকি মোদী? কি আছে চোৰাংচোৱাৰ শেহতীয়া তথ্যত ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক