--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ এগৰাকী শিশুশিল্পী৷ নিজৰ প্ৰতিভাৰে প্ৰধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰাৰ ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ শিশু কণ্ঠশিল্পীগৰাকীলৈ লৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২। চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা নাজিৰাৰ ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰে এইবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ আগবঢ়াইছে৷ অৱশ্যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান কৰা হোৱা নাই৷ সেয়েহে  আজি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু ৰাষ্ট্ৰপতি ভৱনে ভিডিঅ’ কনফাৰেন্সযোগে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত কণমানি ধৃতিস্মানে অংশগ্ৰহণ কৰিছে৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ধৃতিস্মানে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰিছে আৰু ব্লকচেইন পদ্ধতিৰে তেওঁক প্ৰদান কৰিব মানপত্ৰ৷ প্ৰধানমন্ত্ৰীৰ এই বঁটাত আছে এটা মেডেল, এখন মানপত্ৰ আৰু নগদ ১লাখ টকা৷ ধৃতিস্মানৰ এই সাফল্যত তেওঁৰ পৰিয়ালৰ লগতে শিৱসাগৰ জিলাবাসী উৎফুল্লিত হৈ পৰা দেখা গৈছে৷ কণমানিগৰাকীক উপায়ুক্তগৰাকীয়ে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। উল্লেখযোগ্য যে, দেৱজিৎ চক্ৰৱৰ্তী আৰু সুনম চক্ৰৱৰ্তীৰ পুত্ৰ ধৃতিস্মান চক্ৰৱৰ্ত্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে ‘Youngest Multilingual Singer’ৰ খিতাপ অৰ্জন কৰে। বৰ্তমান তেওঁ আঠটা ভাষা ক্ৰমে অসমীয়া, হিন্দী, ইংৰাজী, বাংলা, মাৰাঠী কানাড়া, সংস্কৃত আৰু সিনহালিত গীত পৰিৱেশন কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ ইতিমধ্যে মাত্ৰ ৫ বছৰ বয়সতে ৭-৮টা ভাষাৰ প্ৰায় ৭০টা গীত বাণীবদ্ধ কৰে। অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ গীত টুইত কৰিছে৷ বলীউদ জগতৰ প্ৰসিদ্ধ শিল্পী ক্ৰমে চান, টনী কক্কৰ, সুনিধি চৌহান, শান্তনু মইত্ৰ, জীত গাংগুলী আদিকে ধৰি কেইবাগৰকী জনপ্ৰিয় শিল্পী ধৃতিস্মানৰ গীত শুনি আপ্লুত হৈছে৷ উল্লেখযোগ্য যে, ৰবীন্দ্ৰ তীৰ্থ কলিকতাত অনুষ্ঠিত কৰা এটা লাইভ অনুষ্ঠানত তেওঁ ‘Performer and Champ of the day’ খিতাপ অৰ্জন কৰে। তদুপৰি তেওঁ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতেও অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক