--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসমৰ এগৰাকী শিশুশিল্পী৷ নিজৰ প্ৰতিভাৰে প্ৰধানমন্ত্ৰীৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে নাজিৰাৰ ধৃতিস্মান চক্ৰৱৰ্তীয়ে৷ শিৱসাগৰ জিলাৰ নাজিৰাৰ শিশু কণ্ঠশিল্পীগৰাকীলৈ লৈ আগবঢ়োৱা হৈছে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২২। চাৰিবছৰ বয়সৰ পৰাই গীত গাই জনপ্ৰিয়তা অৰ্জন কৰা নাজিৰাৰ ধৃতিস্মান চক্ৰৱৰ্তীলৈ ভাৰত চৰকাৰে এইবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ আগবঢ়াইছে৷ অৱশ্যে, ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান অনুষ্ঠান কৰা হোৱা নাই৷ সেয়েহে  আজি প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু ৰাষ্ট্ৰপতি ভৱনে ভিডিঅ’ কনফাৰেন্সযোগে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত কণমানি ধৃতিস্মানে অংশগ্ৰহণ কৰিছে৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত উপস্থিত হৈ ধৃতিস্মানে অনুষ্ঠানটোত অংশ গ্ৰহণ কৰিছে আৰু ব্লকচেইন পদ্ধতিৰে তেওঁক প্ৰদান কৰিব মানপত্ৰ৷ প্ৰধানমন্ত্ৰীৰ এই বঁটাত আছে এটা মেডেল, এখন মানপত্ৰ আৰু নগদ ১লাখ টকা৷ ধৃতিস্মানৰ এই সাফল্যত তেওঁৰ পৰিয়ালৰ লগতে শিৱসাগৰ জিলাবাসী উৎফুল্লিত হৈ পৰা দেখা গৈছে৷ কণমানিগৰাকীক উপায়ুক্তগৰাকীয়ে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে তাৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। উল্লেখযোগ্য যে, দেৱজিৎ চক্ৰৱৰ্তী আৰু সুনম চক্ৰৱৰ্তীৰ পুত্ৰ ধৃতিস্মান চক্ৰৱৰ্ত্তীয়ে মাত্ৰ ৩ বছৰ বয়সতে ‘Youngest Multilingual Singer’ৰ খিতাপ অৰ্জন কৰে। বৰ্তমান তেওঁ আঠটা ভাষা ক্ৰমে অসমীয়া, হিন্দী, ইংৰাজী, বাংলা, মাৰাঠী কানাড়া, সংস্কৃত আৰু সিনহালিত গীত পৰিৱেশন কৰি পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। তেওঁ ইতিমধ্যে মাত্ৰ ৫ বছৰ বয়সতে ৭-৮টা ভাষাৰ প্ৰায় ৭০টা গীত বাণীবদ্ধ কৰে। অসমৰ মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ গীত টুইত কৰিছে৷ বলীউদ জগতৰ প্ৰসিদ্ধ শিল্পী ক্ৰমে চান, টনী কক্কৰ, সুনিধি চৌহান, শান্তনু মইত্ৰ, জীত গাংগুলী আদিকে ধৰি কেইবাগৰকী জনপ্ৰিয় শিল্পী ধৃতিস্মানৰ গীত শুনি আপ্লুত হৈছে৷ উল্লেখযোগ্য যে, ৰবীন্দ্ৰ তীৰ্থ কলিকতাত অনুষ্ঠিত কৰা এটা লাইভ অনুষ্ঠানত তেওঁ ‘Performer and Champ of the day’ খিতাপ অৰ্জন কৰে। তদুপৰি তেওঁ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীৰ সৈতেও অনুষ্ঠান পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি