--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় কাৰ কেতিয়া ভাগ্য সলনি হয় সেয়া কোনেও ক'ব নোৱাৰে। ভাগ্য চকৰী ভালে ঘূৰিলে ভিক্ষাৰীও ৰজা হয় আৰু ভাগ্যই লগ এৰিলে ৰজাও ভিক্ষাৰী হয়। এজন দৰিদ্ৰ ব্যক্তিৰ হঠাতে কপাল ফুলিল। ব্যক্তিজনে ৫০০ টকা খুচুৰা কৰিবৰ বাবে এটা লটাৰী টিকট কিনিছিল, সেই লটাৰী টিকটটোৱে সলাই দিলে ব্যক্তিজনৰ ভাগ্য। ব্যক্তিজনৰ নাম সদানন্দন। পেছাত তেওঁ এজন চিত্ৰকৰ। চিত্ৰশিল্পী সদানন্দনে লটাৰী টিকট কিনি ১২ কোটি টকা পাবলৈ সক্ষম হয়। সদানন্দনে কয় যে সেইদিনা তেওঁ মাংসৰ দোকানলৈ মাংস কিনিবলৈ গৈছিল। ৫০০ টকাৰ খুচুৰা কৰিবৰ বাবেহে তেওঁ ওচৰতে লটাৰী টিকট বিক্ৰী কৰি থকা এজন বিক্ৰেতাৰ পৰা এটা লটাৰী টিকট ক্ৰয় কৰে। সেই টিকটটোৱে সলাই দিলে তেওঁৰ ভাগ্য। পিছবেলালে খবৰ আহে যে সদানন্দনে লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ ১২ কোটি টকা পাবলৈ সক্ষম হৈছে। এই খবৰ শুনি সদানন্দনৰ পৰিয়ালটোত আনন্দৰ বন্যা বয়। ইয়াৰ পূৰ্বে সদানন্দনে কেইবাবাৰো লটাৰী টিকট ক্ৰয় কৰিছিল কিন্তু কোনো এবাৰেই তেওঁ জয়ী হোৱা নাছিল। এইবাৰ তেওঁ অনিচ্ছাস্বত্বেও ল'ব লগা টিকটটোৱেহে তেওঁৰ জীৱনলৈ সুখ কঢ়িয়াই আনিলে। তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল যে কেৱল ৫০০ টকা খুচুৰা কৰিবৰ বাবে মন নথকা স্বত্বেও কিনিব লগা হোৱা লটাৰী টিকটটোৱে তেওঁৰ ভাগ্যৰ দশা সলনি কৰি পেলাব। সদানন্দন আৰু তেওঁৰ পৰিয়াল তেনেই এটা সৰু ঘৰত বাস কৰে। একপ্ৰকাৰ দৰিদ্ৰ জীৱন কটাইছিল পৰিয়ালটোৱে। লটাৰীত পোৱা টকাৰে এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰাৰ সপোন দেখিছে সদানন্দনে। তেওঁৰ কিছুমান ধাৰো আছে, সেই ধাৰো তেওঁ সোনকালে পৰিশোধ কৰাৰ কথা ভাবিছে আৰু লটাৰীত পোৱা ধনেৰে সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কথা ভাবিছে সদানন্দনে। এই ঘটনা কেৰালাৰ তিৰুৱন্তপুৰমৰ। আৰু পঢ়কঃ ‘মুছলমান বাবেই মোক মন্ত্ৰী পদৰ পৰা বাহিৰ কৰিলে’-অভিযোগত তোলপাৰ ৰাজনৈতিক মহল

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি