--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় কাৰ কেতিয়া ভাগ্য সলনি হয় সেয়া কোনেও ক'ব নোৱাৰে। ভাগ্য চকৰী ভালে ঘূৰিলে ভিক্ষাৰীও ৰজা হয় আৰু ভাগ্যই লগ এৰিলে ৰজাও ভিক্ষাৰী হয়। এজন দৰিদ্ৰ ব্যক্তিৰ হঠাতে কপাল ফুলিল। ব্যক্তিজনে ৫০০ টকা খুচুৰা কৰিবৰ বাবে এটা লটাৰী টিকট কিনিছিল, সেই লটাৰী টিকটটোৱে সলাই দিলে ব্যক্তিজনৰ ভাগ্য। ব্যক্তিজনৰ নাম সদানন্দন। পেছাত তেওঁ এজন চিত্ৰকৰ। চিত্ৰশিল্পী সদানন্দনে লটাৰী টিকট কিনি ১২ কোটি টকা পাবলৈ সক্ষম হয়। সদানন্দনে কয় যে সেইদিনা তেওঁ মাংসৰ দোকানলৈ মাংস কিনিবলৈ গৈছিল। ৫০০ টকাৰ খুচুৰা কৰিবৰ বাবেহে তেওঁ ওচৰতে লটাৰী টিকট বিক্ৰী কৰি থকা এজন বিক্ৰেতাৰ পৰা এটা লটাৰী টিকট ক্ৰয় কৰে। সেই টিকটটোৱে সলাই দিলে তেওঁৰ ভাগ্য। পিছবেলালে খবৰ আহে যে সদানন্দনে লটাৰী খেলখনৰ প্ৰথম পুৰস্কাৰ ১২ কোটি টকা পাবলৈ সক্ষম হৈছে। এই খবৰ শুনি সদানন্দনৰ পৰিয়ালটোত আনন্দৰ বন্যা বয়। ইয়াৰ পূৰ্বে সদানন্দনে কেইবাবাৰো লটাৰী টিকট ক্ৰয় কৰিছিল কিন্তু কোনো এবাৰেই তেওঁ জয়ী হোৱা নাছিল। এইবাৰ তেওঁ অনিচ্ছাস্বত্বেও ল'ব লগা টিকটটোৱেহে তেওঁৰ জীৱনলৈ সুখ কঢ়িয়াই আনিলে। তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল যে কেৱল ৫০০ টকা খুচুৰা কৰিবৰ বাবে মন নথকা স্বত্বেও কিনিব লগা হোৱা লটাৰী টিকটটোৱে তেওঁৰ ভাগ্যৰ দশা সলনি কৰি পেলাব। সদানন্দন আৰু তেওঁৰ পৰিয়াল তেনেই এটা সৰু ঘৰত বাস কৰে। একপ্ৰকাৰ দৰিদ্ৰ জীৱন কটাইছিল পৰিয়ালটোৱে। লটাৰীত পোৱা টকাৰে এটা সুন্দৰ ঘৰ নিৰ্মাণ কৰাৰ সপোন দেখিছে সদানন্দনে। তেওঁৰ কিছুমান ধাৰো আছে, সেই ধাৰো তেওঁ সোনকালে পৰিশোধ কৰাৰ কথা ভাবিছে আৰু লটাৰীত পোৱা ধনেৰে সন্তানৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কথা ভাবিছে সদানন্দনে। এই ঘটনা কেৰালাৰ তিৰুৱন্তপুৰমৰ। আৰু পঢ়কঃ ‘মুছলমান বাবেই মোক মন্ত্ৰী পদৰ পৰা বাহিৰ কৰিলে’-অভিযোগত তোলপাৰ ৰাজনৈতিক মহল

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক