--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপহৰণ আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন ৭২ বছৰীয়া বৃদ্ধাক আমেৰিকা যুক্তৰাষ্ট্ৰত আটক কৰা হৈছে। অভিযুক্ত থমাছ ৱেলনিস্কিক সোমবাৰে নিউয়ৰ্কৰ পৰা ইউএছ ছিক্ৰেট ছাৰ্ভিচৰ সদস্যসকলে আটক কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক অপহৰণ আৰু হত্যাৰ ভাবুকি দি একাধিকবাৰ ছিক্ৰেট ছাৰ্ভিচলৈ বৃদ্ধাগৰাকীয়ে ফোন কৰিছিল বুলি জানিবলৈ পোৱা গৈছে। নিউয়ৰ্কত ব্ৰুকলিনৰ কাৰ্যবাহী সকলে কয়,‘আটকাধীন বৃদ্ধাজনে ইচ্ছাকৃতভাৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপহৰণ আৰু হত্যাৰ ভাবুকি দিছিল।’ কেৱল সেয়াই নহয় থমাছ ৱেলনিস্কিৰ বিৰুদ্ধে আছে আন এটা গুৰুতৰ অভিযোগ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত যদি ট্ৰাম্প পৰাজিত হয় আৰু ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ ট্ৰাম্পক গুলীয়াই হত্যা কৰিব বুলিও ২০২০ চনৰ জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপিটল হিলত আৰক্ষীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল। জানিবলৈ পোৱা মতে, থমাছ ৱেলনিস্কিয়ে বিগত বৰ্ষৰ জানুৱাৰী মাহত নিউয়ৰ্কৰ লং আইলেণ্ডৰ ছিক্ৰেট ছাৰ্ভিচৰ কাৰ্যালয়লৈ দুটা ভইচ মেছেজ প্ৰেৰণ কৰিছিল আৰু ট্ৰাম্পক হত্যাৰ ভাবুকি দিছিল। প্ৰকাশতি প্ৰতিবেদন অনুসৰি, অভিযুক্ত থমাছ ৱেলনিস্কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুইঞ্চৰ বাসিন্দা। ট্ৰাম্পক হত্যাৰ ভাবুকি দিয়া বাৰ্তাত তেওঁ কৈছিল, ‘মই ভাবুকি দি আছো। যদি পাৰে মোক গ্ৰেপ্তাৰ কৰক। মই ড’নাল্ড ট্ৰাম্পক হত্যা কৰিবলৈ যিকোনো প্ৰকাৰে প্ৰস্তুত।’ ট্ৰাম্পক 'হিটলাৰ' বুলিও সম্বোধন কৰিছিল এইগৰাকী বৃদ্ধাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ