--°C
Loading...
Listen to Article
2 min read
80%

ৱাশ্বিংটনঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপহৰণ আৰু হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত এজন ৭২ বছৰীয়া বৃদ্ধাক আমেৰিকা যুক্তৰাষ্ট্ৰত আটক কৰা হৈছে। অভিযুক্ত থমাছ ৱেলনিস্কিক সোমবাৰে নিউয়ৰ্কৰ পৰা ইউএছ ছিক্ৰেট ছাৰ্ভিচৰ সদস্যসকলে আটক কৰে। প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক অপহৰণ আৰু হত্যাৰ ভাবুকি দি একাধিকবাৰ ছিক্ৰেট ছাৰ্ভিচলৈ বৃদ্ধাগৰাকীয়ে ফোন কৰিছিল বুলি জানিবলৈ পোৱা গৈছে। নিউয়ৰ্কত ব্ৰুকলিনৰ কাৰ্যবাহী সকলে কয়,‘আটকাধীন বৃদ্ধাজনে ইচ্ছাকৃতভাৱে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক অপহৰণ আৰু হত্যাৰ ভাবুকি দিছিল।’ কেৱল সেয়াই নহয় থমাছ ৱেলনিস্কিৰ বিৰুদ্ধে আছে আন এটা গুৰুতৰ অভিযোগ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত যদি ট্ৰাম্প পৰাজিত হয় আৰু ক্ষমতা ত্যাগ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে তেওঁ ট্ৰাম্পক গুলীয়াই হত্যা কৰিব বুলিও ২০২০ চনৰ জুলাই মাহত আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেপিটল হিলত আৰক্ষীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত স্পষ্ট কৰি দিছিল। জানিবলৈ পোৱা মতে, থমাছ ৱেলনিস্কিয়ে বিগত বৰ্ষৰ জানুৱাৰী মাহত নিউয়ৰ্কৰ লং আইলেণ্ডৰ ছিক্ৰেট ছাৰ্ভিচৰ কাৰ্যালয়লৈ দুটা ভইচ মেছেজ প্ৰেৰণ কৰিছিল আৰু ট্ৰাম্পক হত্যাৰ ভাবুকি দিছিল। প্ৰকাশতি প্ৰতিবেদন অনুসৰি, অভিযুক্ত থমাছ ৱেলনিস্কি আমেৰিকা যুক্তৰাষ্ট্ৰৰ কুইঞ্চৰ বাসিন্দা। ট্ৰাম্পক হত্যাৰ ভাবুকি দিয়া বাৰ্তাত তেওঁ কৈছিল, ‘মই ভাবুকি দি আছো। যদি পাৰে মোক গ্ৰেপ্তাৰ কৰক। মই ড’নাল্ড ট্ৰাম্পক হত্যা কৰিবলৈ যিকোনো প্ৰকাৰে প্ৰস্তুত।’ ট্ৰাম্পক 'হিটলাৰ' বুলিও সম্বোধন কৰিছিল এইগৰাকী বৃদ্ধাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু