--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বহুতৰে সংসাৰত যমজ সন্তানৰ আগমন ঘটে। যমজ সন্তানৰ জন্ম হ'লে সময়ৰ ব্যৱধান খুম কম থাকে। এগৰাকী মাতৃয়ে দুটা পৃথক বছৰত জন্ম দিলে যমজ সন্তান। এজনৰ জন্ম ২০২১ চনত আৰু এজনৰ জন্ম ২০২২ চনত হ'ল। প্ৰথম নৱজাতক শিশুটি ২০২১ চনৰ ৩১ ডিচেম্বৰৰ নিশা ১১.৪৫ বজাত জন্ম হৈছিল আৰু আনহাতে দ্বিতীয়টি শিশুৰ জন্ম হৈছিল ১৫ মিনিটৰ পাছত অৰ্থাৎ ২০২২ চনৰ ১ জানুৱাৰী তাৰিখে নিশা ১২ বজাৰ পাছত। এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত। মাতৃৰ নাম ফাতিমা মাদ্ৰিগাল। যমজ সন্তান দুটিৰ এজনী ছোৱালী আৰু এজন ল'ৰা। ল'ৰাজনৰ জন্ম প্ৰথমে হৈছিল।

চিকিৎসকসকলে কয় যে এই যমজ সন্তান দুটা পৃথক বছৰত জন্ম হৈছে। ২০ লাখ ঘটনাৰ মাজত এনে ঘটনা এটাহে সংঘটিত হয়। নাটিভিদাদ চিকিৎসা কেন্দ্ৰৰ এজন চিকিৎসকে কয়, "এয়া নিশ্চিতভাৱে মোৰ কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় নৱজাতক শিশু। "২০২১ আৰু ২০২২ চনত এই দেৱশিশু দুটিক জন্ম হোৱাত সহায় কৰি মই অত্যন্ত সুখী অনুভৱ কৰিছো। নতুন বছৰ এটা আৰম্ভ কৰাৰ কি সুন্দৰ সুযোগ পালোঁ! মাতৃ ফাতিমা মাদ্ৰিগালে কৈছিল, ''যমজ সন্তান লাভ কৰি মই বহুত সুখী।''

পৰিয়ালৰ লোকে ছোৱালীজনীৰ নাম ৰাখিছে আয়লিন আৰু ল'ৰাটোৰ নাম ৰাখিছে আলফ্ৰেডো। উল্লেখ্য যে আয়লিন হৈছে নাটিভিদাদ চিকিৎসা কেন্দ্ৰত ২০২২ চনত জন্ম হোৱা প্ৰথমটি নৱজাতক শিশু। আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম হোৱা মুঠ শিশুৰ ৩% যমজ সন্তান। আলফ্ৰেডো আৰু আয়লিনৰ তিনি বায়েক-ককায়েকো আছে। ইয়াৰে দুগৰাকী বায়েক আৰু এগৰাকী ককায়েক। আলফ্ৰেডো আৰু আয়লিনৰ আগমনত পৰিয়ালটিত মুঠতে এতিয়া ৫টি সন্তান।

আৰু পঢ়কঃ এফালে কৰ’নাৰ সংহাৰী ৰূপ,আনফালে ১৪ জানুৱাৰী-১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব মাঘ মেলা !


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement