--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বহুতৰে সংসাৰত যমজ সন্তানৰ আগমন ঘটে। যমজ সন্তানৰ জন্ম হ'লে সময়ৰ ব্যৱধান খুম কম থাকে। এগৰাকী মাতৃয়ে দুটা পৃথক বছৰত জন্ম দিলে যমজ সন্তান। এজনৰ জন্ম ২০২১ চনত আৰু এজনৰ জন্ম ২০২২ চনত হ'ল। প্ৰথম নৱজাতক শিশুটি ২০২১ চনৰ ৩১ ডিচেম্বৰৰ নিশা ১১.৪৫ বজাত জন্ম হৈছিল আৰু আনহাতে দ্বিতীয়টি শিশুৰ জন্ম হৈছিল ১৫ মিনিটৰ পাছত অৰ্থাৎ ২০২২ চনৰ ১ জানুৱাৰী তাৰিখে নিশা ১২ বজাৰ পাছত। এই ঘটনা সংঘটিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত। মাতৃৰ নাম ফাতিমা মাদ্ৰিগাল। যমজ সন্তান দুটিৰ এজনী ছোৱালী আৰু এজন ল'ৰা। ল'ৰাজনৰ জন্ম প্ৰথমে হৈছিল।

চিকিৎসকসকলে কয় যে এই যমজ সন্তান দুটা পৃথক বছৰত জন্ম হৈছে। ২০ লাখ ঘটনাৰ মাজত এনে ঘটনা এটাহে সংঘটিত হয়। নাটিভিদাদ চিকিৎসা কেন্দ্ৰৰ এজন চিকিৎসকে কয়, "এয়া নিশ্চিতভাৱে মোৰ কেৰিয়াৰৰ আটাইতকৈ স্মৰণীয় নৱজাতক শিশু। "২০২১ আৰু ২০২২ চনত এই দেৱশিশু দুটিক জন্ম হোৱাত সহায় কৰি মই অত্যন্ত সুখী অনুভৱ কৰিছো। নতুন বছৰ এটা আৰম্ভ কৰাৰ কি সুন্দৰ সুযোগ পালোঁ! মাতৃ ফাতিমা মাদ্ৰিগালে কৈছিল, ''যমজ সন্তান লাভ কৰি মই বহুত সুখী।''

পৰিয়ালৰ লোকে ছোৱালীজনীৰ নাম ৰাখিছে আয়লিন আৰু ল'ৰাটোৰ নাম ৰাখিছে আলফ্ৰেডো। উল্লেখ্য যে আয়লিন হৈছে নাটিভিদাদ চিকিৎসা কেন্দ্ৰত ২০২২ চনত জন্ম হোৱা প্ৰথমটি নৱজাতক শিশু। আমেৰিকা যুক্তৰাষ্ট্ৰত জন্ম হোৱা মুঠ শিশুৰ ৩% যমজ সন্তান। আলফ্ৰেডো আৰু আয়লিনৰ তিনি বায়েক-ককায়েকো আছে। ইয়াৰে দুগৰাকী বায়েক আৰু এগৰাকী ককায়েক। আলফ্ৰেডো আৰু আয়লিনৰ আগমনত পৰিয়ালটিত মুঠতে এতিয়া ৫টি সন্তান।

আৰু পঢ়কঃ এফালে কৰ’নাৰ সংহাৰী ৰূপ,আনফালে ১৪ জানুৱাৰী-১ মাৰ্চলৈকে অনুষ্ঠিত হ’ব মাঘ মেলা !


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু