--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৰে মনত এটা ধাৰণা থাকে যে বিমানবন্দৰ মানে অগণন মানুহ৷ ইখনৰ পিছত সিখন বিমানৰ উৰণ। সকলো সময়তে ব্যস্ততা। কিন্তু এই বিমানবন্দৰটো সম্পূৰ্ণ বেলেগ।

মৰ্গানটাউন পৌৰ বিমানবন্দৰ আমেৰিকাৰ পশ্চিম ভাৰ্জিনিয়াত অৱস্থিত। সেই বিমানবন্দৰটোক শেহতীয়াকৈ বিশ্বৰ এটা ক্ষুদ্ৰ বিমানবন্দৰ হিচাপে জনা গৈছে।

বিমানৰ সংখ্যা একেবাৰে কম। স্বাভাৱিকতে যাত্ৰীৰ সংখ্যাও নূন্যতম  বিমানবন্দৰটোৰ আয়তন ৪৯০ একৰ। চুটি ৰাণৱেৰ বাবে বিমানবন্দৰটোত বৃহৎ বিমান ৰখাব নোৱাৰি। এই বিমানবন্দৰৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ১২৪৪ ফুট উচ্চতাত অৱস্থিত৷

বিমানবন্দৰটোত মাত্ৰ এটা ৰাণৱে আছে। প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাণৱে। বিমানবন্দৰলৈ মাত্ৰ এটা বিমান সংস্থাইহে উৰা মাৰে। মৰ্গানটাউন পৌৰ বিমানবন্দৰৰ পৰা দৈনিক মাত্ৰ ২খন বিমান চলাচল কৰে। এটা হ’ল ৱাশ্বিংটনৰ ডালেছ বিমানবন্দৰ আৰু পিটচবাৰ্গ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বিমান ভাড়াও যথেষ্ট কম। মৰ্গানটাউনৰ পৰা পিটচবাৰ্গলৈ ভাড়া ২৪০০ টকা। আকৌ ৱাশ্বিংটনত ভাড়া ৩ হাজাৰ টকা।

উল্লেখ্য যে মৰ্গানটাউন পৌৰ বিমানবন্দৰতকৈ সৰু সৰু বিমানবন্দৰ আছে। ৱাশ্বিংটনত আছে ফ্ৰাইডে হাৰ্বাৰ বিমানবন্দৰ। ইয়াৰ আয়তন ১৪৫ একৰ। হিল্টন হেড বিমানবন্দৰ দক্ষিণ কেৰ’লিনাত অৱস্থিত। ইয়াৰ মাটিকালি ১৮০ একৰ। মিচিগানৰ চাৰ্লভয়ছ পৌৰ বিমানবন্দৰ ১৮৫ একৰ বিস্তৃত।

শেহতীয়াকৈ মৰ্গানটাউন বিমানবন্দৰৰ ভিডিঅ’টো টিকটকত মুক্তি পাইছিল আৰু ইয়াৰ ওপৰত আলোচনা আৰম্ভ হৈছিল। ইতিমধ্যে লাখ লাখ লোকে এই ভিডিঅ’টো চাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি