--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সকলোৰে মনত এটা ধাৰণা থাকে যে বিমানবন্দৰ মানে অগণন মানুহ৷ ইখনৰ পিছত সিখন বিমানৰ উৰণ। সকলো সময়তে ব্যস্ততা। কিন্তু এই বিমানবন্দৰটো সম্পূৰ্ণ বেলেগ।

মৰ্গানটাউন পৌৰ বিমানবন্দৰ আমেৰিকাৰ পশ্চিম ভাৰ্জিনিয়াত অৱস্থিত। সেই বিমানবন্দৰটোক শেহতীয়াকৈ বিশ্বৰ এটা ক্ষুদ্ৰ বিমানবন্দৰ হিচাপে জনা গৈছে।

বিমানৰ সংখ্যা একেবাৰে কম। স্বাভাৱিকতে যাত্ৰীৰ সংখ্যাও নূন্যতম  বিমানবন্দৰটোৰ আয়তন ৪৯০ একৰ। চুটি ৰাণৱেৰ বাবে বিমানবন্দৰটোত বৃহৎ বিমান ৰখাব নোৱাৰি। এই বিমানবন্দৰৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা ১২৪৪ ফুট উচ্চতাত অৱস্থিত৷

বিমানবন্দৰটোত মাত্ৰ এটা ৰাণৱে আছে। প্ৰায় ডেৰ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাণৱে। বিমানবন্দৰলৈ মাত্ৰ এটা বিমান সংস্থাইহে উৰা মাৰে। মৰ্গানটাউন পৌৰ বিমানবন্দৰৰ পৰা দৈনিক মাত্ৰ ২খন বিমান চলাচল কৰে। এটা হ’ল ৱাশ্বিংটনৰ ডালেছ বিমানবন্দৰ আৰু পিটচবাৰ্গ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ। বিমান ভাড়াও যথেষ্ট কম। মৰ্গানটাউনৰ পৰা পিটচবাৰ্গলৈ ভাড়া ২৪০০ টকা। আকৌ ৱাশ্বিংটনত ভাড়া ৩ হাজাৰ টকা।

উল্লেখ্য যে মৰ্গানটাউন পৌৰ বিমানবন্দৰতকৈ সৰু সৰু বিমানবন্দৰ আছে। ৱাশ্বিংটনত আছে ফ্ৰাইডে হাৰ্বাৰ বিমানবন্দৰ। ইয়াৰ আয়তন ১৪৫ একৰ। হিল্টন হেড বিমানবন্দৰ দক্ষিণ কেৰ’লিনাত অৱস্থিত। ইয়াৰ মাটিকালি ১৮০ একৰ। মিচিগানৰ চাৰ্লভয়ছ পৌৰ বিমানবন্দৰ ১৮৫ একৰ বিস্তৃত।

শেহতীয়াকৈ মৰ্গানটাউন বিমানবন্দৰৰ ভিডিঅ’টো টিকটকত মুক্তি পাইছিল আৰু ইয়াৰ ওপৰত আলোচনা আৰম্ভ হৈছিল। ইতিমধ্যে লাখ লাখ লোকে এই ভিডিঅ’টো চাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস