--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন খেলুৱৈ শ্বেন ৱাৰ্নে ২০২২ চনৰ ৪ মাৰ্চত হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিছিল। তেওঁৰ আকস্মিক মৃত্যুক বহু লোকেই সহজভাৱে লব পৰা নাছিল। শেহতীয়াকৈ তেওঁৰ মৃত্যুৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে। 

ব্ৰিটেইনৰ এজন আগশাৰীৰ ভাৰতীয় মূলৰ পৰামৰ্শদাতা কাৰ্ডিঅ’লজিষ্ট আৰু এজন অষ্ট্ৰেলিয়ান মেডিকে মন্তব্য কৰিছে যে কিংবদন্তি ক্ৰিকেটাৰগৰাকীৰ আকস্মিক মৃত্যু হয়তো ক’ভিড mRNA ভেকচিনৰ ফলতেই হৈছে।

হৃদৰোগ বিশেষজ্ঞ ডাঃ আসীম মালহোত্ৰা আৰু ডাঃ ক্ৰীছ নীলে কয় যে শ্বেন ৱাৰ্নৰ মৰণোত্তৰ পৰীক্ষাৰ তথ্যত হৃদৰোগৰ তথ্য পোৱা গৈছে। তেওঁলোকৰ গৱেষণাত ধৰা পৰিছে যে ক’ভিড mRNA ভেকচিনৰ ফলত হৃদৰোগ দ্ৰুতগতিত ত্বৰান্বিত হ’ব পাৰে। এই ভেকচিনে ‘ক’ৰ’নাৰী’ ৰোগ দ্ৰুতগতিত বৃদ্ধি কৰে, বিশেষকৈ যিসকল লোকৰ ইতিমধ্যে মৃদু হৃদৰোগ আছে।

ডাঃ মালহোত্ৰাই কয় যে ৫২ বছৰ বয়সত এজন খেলুৱৈৰ হৃদযন্ত্ৰৰ ফলত হঠাৎ মৃত্যু হোৱা বুলি বিশ্বাস কৰাটো কঠিন। অষ্ট্ৰেলিয়াস্থিত ডাঃ নীলে তদন্তৰ অপেক্ষাত ক’ভিড-১৯ৰ ভেকচিনৰ ব্যৱহাৰ বন্ধ কৰিবলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস