--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ  শিক্ষানুষ্ঠানত হোলী পালনত জাৰি কৰা হৈছে নিষেধাজ্ঞা।  দেশ খনৰ  উচ্চ শিক্ষা আয়োগে এই বিষয়ত এক  ফতোৱা জাৰি কৰিছে। এই ফতোৱাত কোৱা হৈছে- পাকিস্তানৰ শিক্ষানুষ্ঠানসমূহত হোলী খেলা নহ'ব। এনে নিয়ম কিয়? পাকিস্তানী প্ৰশাসনৰ মতে, হোলী খেলিলে ইছলামৰ সংস্কৃতি ধ্বংস হয়।

 সেয়েহে শিক্ষাৰ্থীসকলে সামাজিক নিয়ম অনুসৰণ কৰিব লাগিব। কেইদিনমান আগতে পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত হোলী খেলি থকা ছাত্ৰ-ছাত্ৰীসকলৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল। তাৰ পিছতে পাকিস্তানত নতুন ফতোৱা জাৰি কৰা হয়। উল্লেখ্য চলিত বছৰৰ মাৰ্চ মাহত সন্ত্ৰাসবাদীয়ে  হোলী উদযাপনৰ সময়ত হিন্দু শিক্ষাৰ্থী একাংশক আক্ৰমণ কৰিছিল।

কেইদিনমান আগতে পাকিস্তানৰ হিন্দু  ছাত্ৰ-ছাত্ৰীৰ এটা দলে কায়েদ-ই-আজম বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰিছিল। ১২ জুনৰ উৎসৱৰ ছবি আৰু ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে  পাকিস্তানৰ উচ্চ শিক্ষা আয়োগ হোলী নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মঙলবাৰে জাৰি কৰা এক নিৰ্দেশত আয়োগে কয় যে বিশ্ববিদ্যালয় চৌহদত কোনেও হোলী খেলিব নোৱাৰিব। পাকিস্তানত সকলো ধৰ্মীয় বিশ্বাসক সন্মান কৰা হয়, কিন্তু ইছলামৰ আদৰ্শ ক্ষতিগ্ৰস্ত হ’বলৈ দিয়া নহ’ব। 

নিৰ্দেশনাটোত কোৱা হৈছে?"আমি সকলো ধৰ্মক সন্মান কৰোঁ। সমতা বজাই ৰখাৰ বাবে সকলো ধৰ্মীয় অনুষ্ঠান গুৰুত্বপূৰ্ণ। কিন্তু কোনো বিষয়কলৈ হুলস্থুল কৰাটো সঠিক নহয়। সেয়েহে, শিক্ষাৰ্থীসকলে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে অৱগত হোৱা উচিত। কেইদিনমান আগতে এখন বিশ্ববিদ্যালয়ত আচহুৱা ঘটনা ঘটিছিল । ই দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস