--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ  শিক্ষানুষ্ঠানত হোলী পালনত জাৰি কৰা হৈছে নিষেধাজ্ঞা।  দেশ খনৰ  উচ্চ শিক্ষা আয়োগে এই বিষয়ত এক  ফতোৱা জাৰি কৰিছে। এই ফতোৱাত কোৱা হৈছে- পাকিস্তানৰ শিক্ষানুষ্ঠানসমূহত হোলী খেলা নহ'ব। এনে নিয়ম কিয়? পাকিস্তানী প্ৰশাসনৰ মতে, হোলী খেলিলে ইছলামৰ সংস্কৃতি ধ্বংস হয়।

 সেয়েহে শিক্ষাৰ্থীসকলে সামাজিক নিয়ম অনুসৰণ কৰিব লাগিব। কেইদিনমান আগতে পাকিস্তানৰ এখন বিশ্ববিদ্যালয়ৰ চৌহদত হোলী খেলি থকা ছাত্ৰ-ছাত্ৰীসকলৰ এটা ভিডিঅ' পোহৰলৈ আহিছিল। তাৰ পিছতে পাকিস্তানত নতুন ফতোৱা জাৰি কৰা হয়। উল্লেখ্য চলিত বছৰৰ মাৰ্চ মাহত সন্ত্ৰাসবাদীয়ে  হোলী উদযাপনৰ সময়ত হিন্দু শিক্ষাৰ্থী একাংশক আক্ৰমণ কৰিছিল।

কেইদিনমান আগতে পাকিস্তানৰ হিন্দু  ছাত্ৰ-ছাত্ৰীৰ এটা দলে কায়েদ-ই-আজম বিশ্ববিদ্যালয়ত হোলী উদযাপন কৰিছিল। ১২ জুনৰ উৎসৱৰ ছবি আৰু ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। তাৰ পিছতে  পাকিস্তানৰ উচ্চ শিক্ষা আয়োগ হোলী নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। মঙলবাৰে জাৰি কৰা এক নিৰ্দেশত আয়োগে কয় যে বিশ্ববিদ্যালয় চৌহদত কোনেও হোলী খেলিব নোৱাৰিব। পাকিস্তানত সকলো ধৰ্মীয় বিশ্বাসক সন্মান কৰা হয়, কিন্তু ইছলামৰ আদৰ্শ ক্ষতিগ্ৰস্ত হ’বলৈ দিয়া নহ’ব। 

নিৰ্দেশনাটোত কোৱা হৈছে?"আমি সকলো ধৰ্মক সন্মান কৰোঁ। সমতা বজাই ৰখাৰ বাবে সকলো ধৰ্মীয় অনুষ্ঠান গুৰুত্বপূৰ্ণ। কিন্তু কোনো বিষয়কলৈ হুলস্থুল কৰাটো সঠিক নহয়। সেয়েহে, শিক্ষাৰ্থীসকলে তেওঁলোকৰ ধৰ্মীয় বিশ্বাসৰ বিষয়ে অৱগত হোৱা উচিত। কেইদিনমান আগতে এখন বিশ্ববিদ্যালয়ত আচহুৱা ঘটনা ঘটিছিল । ই দেশৰ ভাবমূৰ্তি ক্ষতিগ্ৰস্ত কৰিছে। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি