--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি জানেনে, চিয়া ছীডছ আপোনাৰ স্বাস্থ্যৰ বাবে এক আশ্চৰ্যজনক উপাদান। বহুতেই হয়তো জানে, কিন্তু ইয়াৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হ’ব৷ দৈনন্দিন খাদ্যত চিয়া ছীডছ থাকিলে শৰীৰত নানান ধৰণৰ উপকাৰ হয়। স্বাস্থ্য সজাগ মানুহৰ বাবে চিয়া ছীডছ থাকিলে এক গুৰুত্বপূৰ্ণ আহাৰ ৰূপে পৰিগণিত হৈছে। আকাৰত সৰু যদিও ইয়াৰ উপকাৰিতাৰ তালিকা কিন্তু বহুত ডাঙৰ! 

চিয়া বীজত আছে আঁহ, ওমেগা-৩ ফেটি এচিড, এন্টিঅক্সিডেন্ট আৰু বিভিন্ন খনিজ পদাৰ্থ, যিয়ে আপোনাৰ শৰীৰ সুস্থ ৰাখিবলৈ বিশেষ সহায় কৰে। ইয়াত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰি খাদ্য সহজে হজম কৰাত সহায় কৰে। বিশেষকৈ, যিসকল লোকে ওজন নিয়ন্ত্ৰণ কৰিবলৈ চাই, তেওঁলোকৰ বাবে চিয়া বীজ এক পৰিপূৰ্ণ বিকল্প।

হৃদৰোগ আৰু ডায়েবেটিছ সমগ্ৰ বিশ্বতে এক গুৰুত্বপূৰ্ণ সমস্যা। সৌভাগ্যক্ৰমে, চিয়া বীজে এই দুয়োটা ৰোগৰ আশংকা কমায়। ইয়াত থকা ওমেগা-৩ ফেটি এচিডে হৃদযন্ত্ৰ শক্তিশালী কৰে, ৰক্তসঞ্চালন নিয়ন্ত্রণ কৰে আৰু বেয়া হৈ যোৱা কলেষ্টৰ'ল হ্ৰাস কৰে। আনহাতে, ইয়াৰ আঁহ আৰু এন্টিঅক্সিডেন্ট উপাদানে ৰক্তত চেনিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ডায়েবেটিছৰ আশংকা কমায়।

ওজন বৃদ্ধি আজিকালি বহুতৰে এক চিন্তাৰ কাৰণ। কিন্তু চিয়া বীজে সহজতে এই সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। ইয়াত থকা আঁহে পেটলৈ দীঘলীয়াকৈ পূৰ্ণতা অনুভৱ কৰায়, যাৰ ফলত অযথা খোৱাৰ প্ৰৱণতা হ্ৰাস পায়। বিশেষকৈ, যদি চিয়া বীজ নেমুৰ ৰসৰ সৈতে খোৱা হয়, তেন্তে ইয়াৰ গুণ আৰু বৃদ্ধি পায়। ই পাচনতন্ত্ৰ সুস্থ ৰাখি গেছ আৰু বদহজমৰ সমস্যা কমায়, লগতে শৰীৰটো ডিটক্স কৰিবলৈ সহায় কৰে। নিয়মিত ব্যৱহাৰে কেৱল ওজন নিয়ন্ত্ৰণ নহয়, শৰীৰৰ সামগ্ৰিক স্বাস্থ্যও উন্নত কৰে!

হাড় শক্তিশালী কৰাৰ ক্ষেত্ৰতো চিয়া বীজ এক উৎকৃষ্ট উপাদান। ইয়াত থকা কেলচিয়াম, মেগনেছিয়াম আৰু ফছফৰাছে হাড়ৰ গাঁঠি মজবুত কৰাত সহায় কৰে। গাখীৰৰ লগতো মিহলাই খাব পাৰে, যিয়ে অধিক পুষ্টি যোগায়।

যদি আপুনি বিচাৰে,তেন্তে সাধাৰণ পানীৰ সৈতে চিয়া বীজ মিহলাই পান কৰিব পাৰে, নাইবা স্মুদী, জুস, গাখীৰ বা ছালাদত যোগ কৰিব পাৰে। নিয়মীয়াকৈ খাদ্য তালিকাত যোগ কৰিলে আপুনি পাব সুস্থ, সবল আৰু শক্তিৰে ভৰপূৰ জীৱন।

এতিয়া আপোনালোকেও খাদ্য তালিকাত চিয়া বীজ যোগ কৰক আৰু জীৱনক অধিক স্বাস্থ্যবান আৰু সজীৱ বনাওক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ