--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নাগেশ্বৰণে কয় যে আমেৰিকান বজাৰৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল হৈ থকা ৰপ্তানি কোম্পানীবোৰহে এই মার্কিন শুল্কৰ পৰা প্ৰভাৱিত হ'ব আৰু ইয়াৰ বাবেই বহুতে চাকৰি হেৰুৱাব।

ডিজিটেল ডেস্কঃ ভাৰতীয় সামগ্ৰীৰ ঘৰুৱা চাহিদা আৰু গ্রামাঞ্চলত ব্যৱহাৰ বৃদ্ধিৰ জৰিয়তে আমেৰিকাৰ ৫০% শুল্কৰ সমস্যাক প্রতিহত কৰিব পৰা যাব। এই মন্তব্য কৰিছে প্রাধনমন্ত্রী নৰেন্দ্ৰ মোদীৰ মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে।


নাগেশ্বৰণে কয় যে আমেৰিকান বজাৰৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল হৈ থকা ৰপ্তানি কোম্পানীবোৰহে এই মার্কিন শুল্কৰ পৰা প্ৰভাৱিত হ'ব আৰু ইয়াৰ বাবেই বহুতে চাকৰি হেৰুৱাব। তেওঁ কয় যে কিছুমান বিপৰীত প্ৰভাৱ পৰিব ঠিকেই, আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল ৰপ্তানি গোটবোৰৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব।


দ্বিতীয়তে তেওঁলোকে এখন বিকল্প বজাৰৰ সন্ধান কৰিব আৰু কিছুমানে এইটোও সিদ্ধান্ত ল'ব পাৰে যে যদি এই শুল্ক যুদ্ধ শাম কাটে আৰু অস্থায়ী হয়, তেনেহ'লে তেওঁলোকৰ কৰ্মচাৰীসকলক চাটাই নকৰিবও পাৰে।


নিউজ এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য অর্থনৈতিক উপদেষ্টাজনে এইদৰে মন্তব্য কৰে। উপদেষ্টাজনে এইটোও উল্লেখ কৰে যে ট্রাম্পৰ শুল্কৰ পৰা হ'ব পৰা ক্ষতি এটা উচ্চ ঘৰুৱা চাহিদাৰ জৰিয়তে ক্ষতিপূৰণ কৰিব পৰা যাব। তদুপৰি এই ক্ষেত্রত গ্রামীণ চাহিদা বৃদ্ধি হ'ব লাগিব। তেওঁ কয় যে ট্রাম্পৰ এই শুল্ক নীতিৰ বাবে যদি কোনো লোকে চাকৰি হেৰুৱাব লগাত পৰে, সেইটো ইমান গুৰুত্বপূৰ্ণ আৱশ্যকীয় বিষয় নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু