--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • নাগেশ্বৰণে কয় যে আমেৰিকান বজাৰৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল হৈ থকা ৰপ্তানি কোম্পানীবোৰহে এই মার্কিন শুল্কৰ পৰা প্ৰভাৱিত হ'ব আৰু ইয়াৰ বাবেই বহুতে চাকৰি হেৰুৱাব।

ডিজিটেল ডেস্কঃ ভাৰতীয় সামগ্ৰীৰ ঘৰুৱা চাহিদা আৰু গ্রামাঞ্চলত ব্যৱহাৰ বৃদ্ধিৰ জৰিয়তে আমেৰিকাৰ ৫০% শুল্কৰ সমস্যাক প্রতিহত কৰিব পৰা যাব। এই মন্তব্য কৰিছে প্রাধনমন্ত্রী নৰেন্দ্ৰ মোদীৰ মুখ্য অর্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰণে।


নাগেশ্বৰণে কয় যে আমেৰিকান বজাৰৰ ওপৰত ঘাইকৈ নিৰ্ভৰশীল হৈ থকা ৰপ্তানি কোম্পানীবোৰহে এই মার্কিন শুল্কৰ পৰা প্ৰভাৱিত হ'ব আৰু ইয়াৰ বাবেই বহুতে চাকৰি হেৰুৱাব। তেওঁ কয় যে কিছুমান বিপৰীত প্ৰভাৱ পৰিব ঠিকেই, আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল ৰপ্তানি গোটবোৰৰ কৰ্মচাৰীয়ে চাকৰি হেৰুৱাব।


দ্বিতীয়তে তেওঁলোকে এখন বিকল্প বজাৰৰ সন্ধান কৰিব আৰু কিছুমানে এইটোও সিদ্ধান্ত ল'ব পাৰে যে যদি এই শুল্ক যুদ্ধ শাম কাটে আৰু অস্থায়ী হয়, তেনেহ'লে তেওঁলোকৰ কৰ্মচাৰীসকলক চাটাই নকৰিবও পাৰে।


নিউজ এ এন আইৰ সৈতে হোৱা বাৰ্তালাপত মুখ্য অর্থনৈতিক উপদেষ্টাজনে এইদৰে মন্তব্য কৰে। উপদেষ্টাজনে এইটোও উল্লেখ কৰে যে ট্রাম্পৰ শুল্কৰ পৰা হ'ব পৰা ক্ষতি এটা উচ্চ ঘৰুৱা চাহিদাৰ জৰিয়তে ক্ষতিপূৰণ কৰিব পৰা যাব। তদুপৰি এই ক্ষেত্রত গ্রামীণ চাহিদা বৃদ্ধি হ'ব লাগিব। তেওঁ কয় যে ট্রাম্পৰ এই শুল্ক নীতিৰ বাবে যদি কোনো লোকে চাকৰি হেৰুৱাব লগাত পৰে, সেইটো ইমান গুৰুত্বপূৰ্ণ আৱশ্যকীয় বিষয় নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ