--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত আজি ঘোষিত হ'ল ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল। প্ৰত্যাশিতভাৱেই দেশৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’ল এন ডি এ প্ৰক্ষেপিত প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু। মুঠ ভোটৰ ৬৪ শতাংশতকৈও অধিক ভোট লাভ কৰি ৰাইচিনা হিলৰ নতুন আবাসী হিচাপে পৰিগণিত হ'ল মুৰ্মু। আজি সন্ধিয়া ফলাফল প্ৰকাশ হোৱাৰ পিছত মুৰ্মুৰ প্ৰতিদ্বন্দী তথা বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহাই ভাৰতৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অভিনন্দন জনায়। লগতে সিনহাই ৰাষ্ট্ৰপতি হিচাপে পক্ষপাতহীন আচৰণেৰে মুৰ্মুক দেশৰ সংবিধানৰ ৰক্ষক হিচাপে কাম কৰিবলৈও আহ্বান জনায়।

ফলাফল ঘোষণাৰ পাছতে এক টুইট যোগে যশৱন্ত সিনহাই কয়, "ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্ৰৌপদী মুৰ্মুৰ বিজয়ৰ বাবে দেশৰ সকলো নাগৰিকৰ লগতে ময়ো অভিনন্দন জনাইছো। ভাৰতীয় গণৰাজ্যৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে তেওঁ ভয় বা পক্ষপাত অবিহনে সংবিধানৰ ৰক্ষক হিচাপে কাম কৰিব বুলি সমগ্ৰ ভাৰতবৰ্ষই আশা কৰিছে।"

পৰাজয় স্বীকাৰ কৰি এক বিবৃতিত সিঙে কয় যে নিৰ্বাচনৰ ফলাফলে ভাৰতীয় গণতন্ত্ৰক দুটা গুৰুত্বপূৰ্ণ উপায়েৰে লাভান্বিত কৰিছে বুলি তেওঁ বিশ্বাস কৰিছে। প্ৰথম উপায় হিচাপে আঙুলিয়াই দি সিনহাই কয় যে এই নিৰ্বাচনে দেশৰ বেছিভাগ বিৰোধী দলক এক উমৈহতীয়া মঞ্চত উপৱিষ্ট কৰাইছিল।

এই বুজাবুজি বৰ্তমানৰ সময়ৰ প্ৰয়োজন বুলি উল্লেখ কৰি তেওঁ বিৰোধী দলসমূহক পাছৰ পৰ্যায়তো বিৰোধী ঐক্য অব্যাহত ৰাখিবলৈ আন্তৰিকতাৰে অনুৰোধ জনাইছো।আগন্তুক উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনতো এইয়া সমানে স্পষ্ট হ'ব লাগিব বুলি সিনহাই পৰামৰ্শ আগবঢ়ায়।

দ্বিতীয় দিশটোৰ বিষয়ে বাখ্যা কৰি সিনহাই কয়, “মোৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মই ৰাষ্ট্ৰ আৰু সাধাৰণ জনতাৰ সন্মুখত গুৰুত্বপূৰ্ণ বিষয়বোৰত বিৰোধী দলসমূহৰ মতামত, উদ্বেগ আৰু প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰিবলৈ চেষ্টা কৰিছিলো। বিশেষকৈ মই বিৰোধী দল আৰু নেতাসকলৰ বিৰুদ্ধে ইডি, চিবিআই, আয়কৰ বিভাগৰ লগতে আনকি ৰাজ্যপালৰ কাৰ্যালয়ক স্পষ্টৰূপত ব্যাপকভাৱে অস্ত্ৰী হিচাপে ব্যৱহাৰ কৰাৰ ওপৰতো তীব্ৰ উদ্বেগ ব্যক্ত কৰিছিলো।"

উল্লেখ্য যে নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি মুৰ্মুৱে উৰিষ্যাত এগৰাকী কাউন্সিলাৰ হিচাপে ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত ক্ৰমশ: ৰাজনৈতিক উত্থানৰ জৰিয়তে এতিয়া ভাৰতৰ প্ৰথম গৰাকী আদিবাসী ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ