--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে উত্তৰ প্ৰদেশ। শেহতীয়া কিছুদিনৰ পৰা উৎকট গৰমে জ্বলা-কলা খুৱাইছিল ৰাজ্যখনৰ জনসাধাৰণক। তাপমাত্ৰাৰ মাপে অতিক্ৰম কৰিছিল ৪০ ডিগ্ৰী ছেলছিয়াছ। এনে উৎকট গৰমৰ পাছত মঙ্গলবাৰে হঠাতে হোৱা বৰষুণে ৰাজ্যবাসীক কিছু স্বস্তি দিছিল। 

কিন্তু বৰষুণৰ সমসাময়িকভাৱে বজ্ৰপাতৰ ভয়ে আতংকিত কৰি তুলিছিল ৰাজ্যখনক। চৰকাৰী তথ্য অনুসৰি সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ লগতে অহা বজ্ৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মঙ্গলবাৰ আৰু বুধবাৰে ১৪ জন লোকে প্ৰাণ হেৰুৱায়। আনহাতে প্ৰকৃতিৰ এই তাণ্ডৱত ১৬ গৰাকী ব্যক্তি আহতো হৈছে।

উত্তৰ প্ৰদেশৰ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি বজ্ৰপাতৰ ফলত ৰাজ্যখনৰ বান্দাৰ জিলাত চাৰিজন আৰু ফাতেহপুৰৰ জিলাৰ দুজন লোকৰ মৃত্যু হৈছে।

আনহাতে বলৰামপুৰ, চান্দাউলি, বুলন্দচহৰ, ৰায়বৰেলী, আমেঠি, কৌশাম্বী, চুলতানপুৰ আৰু চিত্ৰকূট জিলাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰা হৈছে।

এই শোকাৱহ ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত লোকসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

লগতে এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগত নিহত হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালৰ বাবে ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
ফেচবুক, ইনষ্টাগ্ৰামে ভাঙিলে সোমনাথ বাঢ়ৈৰ সুখৰ সংসাৰ! ৭ বছৰীয়া কন্যাৰ সৈতে নিৰুদ্দেশ পত্নী
প্ৰথমটো হাইড্ৰ’জেন চালিত ডবাৰ সফল পৰীক্ষণ ভাৰতীয় ৰে’ল বিভাগৰ
প্ৰথম ইনিংছত ভাৰতৰ ৩৫৮ ৰান
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক