--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ৰোষত পৰি অসহায় হৈ পৰিছে উত্তৰ প্ৰদেশ। শেহতীয়া কিছুদিনৰ পৰা উৎকট গৰমে জ্বলা-কলা খুৱাইছিল ৰাজ্যখনৰ জনসাধাৰণক। তাপমাত্ৰাৰ মাপে অতিক্ৰম কৰিছিল ৪০ ডিগ্ৰী ছেলছিয়াছ। এনে উৎকট গৰমৰ পাছত মঙ্গলবাৰে হঠাতে হোৱা বৰষুণে ৰাজ্যবাসীক কিছু স্বস্তি দিছিল। 

কিন্তু বৰষুণৰ সমসাময়িকভাৱে বজ্ৰপাতৰ ভয়ে আতংকিত কৰি তুলিছিল ৰাজ্যখনক। চৰকাৰী তথ্য অনুসৰি সমগ্ৰ ৰাজ্যজুৰি বৰষুণৰ লগতে অহা বজ্ৰপাতৰ ফলত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মঙ্গলবাৰ আৰু বুধবাৰে ১৪ জন লোকে প্ৰাণ হেৰুৱায়। আনহাতে প্ৰকৃতিৰ এই তাণ্ডৱত ১৬ গৰাকী ব্যক্তি আহতো হৈছে।

উত্তৰ প্ৰদেশৰ সাহায্য আয়ুক্তৰ কাৰ্যালয়ে প্ৰদান কৰা তথ্য অনুসৰি বজ্ৰপাতৰ ফলত ৰাজ্যখনৰ বান্দাৰ জিলাত চাৰিজন আৰু ফাতেহপুৰৰ জিলাৰ দুজন লোকৰ মৃত্যু হৈছে।

আনহাতে বলৰামপুৰ, চান্দাউলি, বুলন্দচহৰ, ৰায়বৰেলী, আমেঠি, কৌশাম্বী, চুলতানপুৰ আৰু চিত্ৰকূট জিলাত এজনকৈ লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ কৰা হৈছে।

এই শোকাৱহ ঘটনাৰ পাছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে নিহত লোকসকলৰ বাবে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসা নিশ্চিত কৰিবলৈ স্থানীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

লগতে এই ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগত নিহত হোৱা প্ৰতিগৰাকী লোকৰ পৰিয়ালৰ বাবে ৪ লাখ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ