--°C
Loading...
Listen to Article
2 min read
80%
উৰিষ্যাৰ ময়ুৰভঞ্জৰ এটি সাধাৰণ চাওতালী পৰিয়ালৰ কণ্যা জনজাতীয় নেত্ৰী তথা এন ডি এৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী  দ্ৰৌপদী মূৰ্মূয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,কেবিনেট মন্ত্ৰীবৃন্দ তথা বিজেপিশাসিত ৰাজ্যসমূহৰ মূখ্যমন্ত্ৰীসকলৰ উপস্থিতিত ৰাষ্ট্ৰপতি পদৰ বাবে নিজৰ মনোনয়ন দাখিল কৰে ৷ মনোনয়নপত্ৰ দাখিল কৰাৰ পূৰ্বে তেখেতে মহাত্মা গান্ধী, ড° বি আৰ আম্বেদকাৰ আৰু বিৰছা মুণ্ডাৰ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷  শ্ৰীমতী মূৰ্মূয়ে সমৰ্থনৰ বাবে পশ্চিমবংগৰ মূখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সৈতে যোগাযোগ কৰিছিল যদিও তেখেতে নিজাববীয়াকৈ কেৱল শুভকামনা জনোৱাৰ লগতে সমৰ্থনৰ বিষয়ত দলে সিদ্ধান্ত ল’ব বুলি জনায়৷ 

অৱশ্যে নবীন পাটনায়কৰ বিজেডি আৰু জগন মোহন ৰেড্ডীৰ ৱাই এচ আৰ কংগ্ৰেছ পাৰ্টীৰ সমৰ্থন লাভ কৰাৰ পিছত তেখেতৰ ৰাষ্ট্ৰপতি ভৱনলৈ পথ প্ৰায় প্ৰশস্ত হৈছে বুলিব পাৰি ।বিপক্ষৰ টি এম চিৰ নেতা যশৱন্ত সিনহাই অহা ২৭তাৰিখে ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল কৰিব ৷ 

ৰাজনীতিত যোগ দিয়াৰ পূৰ্বে দ্ৰৌপদী মূৰ্মূ এগৰাকী শিক্ষয়িত্ৰী আছিল ।পিছলৈ অৱশ্যে তেওঁ উৰিষ্যাৰ ৰাইৰঙ্গপুৰ সমষ্টিৰ পৰা দুবাৰকৈ বিধায়ক নিৰ্বাচিত হয় ৷তাৰোপৰি তেওঁ আছিল ঝাৰখণ্ডৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল । যদিহে দ্ৰৌপদী মূৰ্মূ ৰাষ্ট্ৰপতিৰূপে নিৰ্বাচিত হয়, তেন্তে তেখেত হ’ব ভাৰতৰ প্ৰথমগৰাকী জনজাতীয় ৰাষ্ট্ৰপতি ৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি