--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ প্ৰাচী নিগম। উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে প্ৰাচীয়ে। ৯৮.৫ শতাংশ নম্বৰ পোৱাৰ পিছতো প্ৰাচীক বহুতে প্ৰশংসা কৰাৰ সলনি ছ’চিয়েল মিডিয়াত দৃষ্টিকটুভাবে ট্ৰ'ল কৰিছে।   প্ৰাচী এতিয়া  নেটৰ পৃথিৱীত কুৎসিত ট্ৰলিঙৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ কাৰণ আন একো নহয়, প্ৰাচীৰ মুখত থকা অতিৰিক্ত নোমৰ বাবেই মেধাবী ছাত্ৰীগৰাকী ট্ৰ'লৰ সন্মুখীন হৈছে।

 নেটিজেনৰ এটা অংশই তেওঁক ভাবিব নোৱাৰা ধৰণে  তাচ্ছিল্য কৰিছে। প্ৰাচীয়ে অৱশেষত ট্ৰলিঙৰ সঁহাৰি দিছে। তেওঁ কৈছে যে তেওঁ পোৱা নম্বৰেই  শেষ কথা, মুখত থকা অতিৰিক্ত আৰু  অবাঞ্ছিত  চুলি নহয়। একাংশ নেটিজেনৰ আচৰণে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ মনোজগতত কেনে প্ৰভাৱ পেলাব সেই কথা সহজেই অনুমেয়। নেটৰ পৃথিৱীত মানুহক মানসিকভাবে নিঃশেষ কৰি দিবলৈ একাংশই যেন খাপ পিটি থাক। সেইসকল লোকৰেই এতিয়া  তাচ্ছিল্যৰ চিকাৰ হৈছে প্ৰাচী। 
 তাচ্ছিল্যৰ বাবে ছাত্ৰীগৰাকীৰ মনত কিমান  আঘাত লাগিছে তাকে লৈ ট্ৰ'লাৰসকল চিন্তিত নহয়। প্ৰায় ১০০  শতাংশ নম্বৰৰ সৈতে ৰাজ্যখনত সৰ্বশ্ৰেষ্ঠ হোৱা স্বত্বেও কেৱল মুখৰ অতিৰিক্ত চুলিৰ বাবেই তেওঁক এনেদৰে ট্ৰ'ল কৰাটো কথাই সচেতন মহলক আচৰিত কৰি তুলিছে।  

এনে তিক্ত  অভিজ্ঞতাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  প্ৰাচীয়ে কয়, "মই মানুহক মোক ট্ৰ'ল কৰা দেখিছো। কিন্তু এয়া  মোৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয়। কিয়নো মোৰ নম্বৰহে সঁচা, মুখৰ অতিৰিক্ত চুলি নহয়। আনকি চাণক্যয়ো  তেওঁৰ  চেহেৰাক লৈ সমালোচনাৰ সন্মুখীন হ'বলগীয়া  হৈছিল। কিন্তু সেই কথাই  তেওঁক  প্ৰভাৱান্বিত কৰা নাছিল। "
অৱশ্যে, প্ৰাচীয়ে এয়াও বুজি পায় যে সকলো নেটিজেন একে নহয়। বহুতে তেওঁক ট্ৰ'ল কৰাৰ বিপৰীতে আন বহুতে আকৌ তেওঁৰ কাষত থিয় দিছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ছোৱালীজনীৰ সৈতে কথা পাতিছে। তেওঁ প্ৰাচীক আন একো চিন্তা নকৰাকৈ আপোনাৰ পঢ়াশুনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে। বহুতে প্ৰাচীক তেওঁৰ সাফল্যৰ বাবে প্ৰশংসাৰে ওপচাই দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ