--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাম তেওঁৰ প্ৰাচী নিগম। উত্তৰ প্ৰদেশৰ দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত শীৰ্ষস্থান দখল কৰিছে প্ৰাচীয়ে। ৯৮.৫ শতাংশ নম্বৰ পোৱাৰ পিছতো প্ৰাচীক বহুতে প্ৰশংসা কৰাৰ সলনি ছ’চিয়েল মিডিয়াত দৃষ্টিকটুভাবে ট্ৰ'ল কৰিছে।   প্ৰাচী এতিয়া  নেটৰ পৃথিৱীত কুৎসিত ট্ৰলিঙৰ সন্মুখীন হ'ব লগা হৈছে। ইয়াৰ কাৰণ আন একো নহয়, প্ৰাচীৰ মুখত থকা অতিৰিক্ত নোমৰ বাবেই মেধাবী ছাত্ৰীগৰাকী ট্ৰ'লৰ সন্মুখীন হৈছে।

 নেটিজেনৰ এটা অংশই তেওঁক ভাবিব নোৱাৰা ধৰণে  তাচ্ছিল্য কৰিছে। প্ৰাচীয়ে অৱশেষত ট্ৰলিঙৰ সঁহাৰি দিছে। তেওঁ কৈছে যে তেওঁ পোৱা নম্বৰেই  শেষ কথা, মুখত থকা অতিৰিক্ত আৰু  অবাঞ্ছিত  চুলি নহয়। একাংশ নেটিজেনৰ আচৰণে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ মনোজগতত কেনে প্ৰভাৱ পেলাব সেই কথা সহজেই অনুমেয়। নেটৰ পৃথিৱীত মানুহক মানসিকভাবে নিঃশেষ কৰি দিবলৈ একাংশই যেন খাপ পিটি থাক। সেইসকল লোকৰেই এতিয়া  তাচ্ছিল্যৰ চিকাৰ হৈছে প্ৰাচী। 
 তাচ্ছিল্যৰ বাবে ছাত্ৰীগৰাকীৰ মনত কিমান  আঘাত লাগিছে তাকে লৈ ট্ৰ'লাৰসকল চিন্তিত নহয়। প্ৰায় ১০০  শতাংশ নম্বৰৰ সৈতে ৰাজ্যখনত সৰ্বশ্ৰেষ্ঠ হোৱা স্বত্বেও কেৱল মুখৰ অতিৰিক্ত চুলিৰ বাবেই তেওঁক এনেদৰে ট্ৰ'ল কৰাটো কথাই সচেতন মহলক আচৰিত কৰি তুলিছে।  

এনে তিক্ত  অভিজ্ঞতাৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  প্ৰাচীয়ে কয়, "মই মানুহক মোক ট্ৰ'ল কৰা দেখিছো। কিন্তু এয়া  মোৰ বাবে গুৰুত্বপূৰ্ণ কথা নহয়। কিয়নো মোৰ নম্বৰহে সঁচা, মুখৰ অতিৰিক্ত চুলি নহয়। আনকি চাণক্যয়ো  তেওঁৰ  চেহেৰাক লৈ সমালোচনাৰ সন্মুখীন হ'বলগীয়া  হৈছিল। কিন্তু সেই কথাই  তেওঁক  প্ৰভাৱান্বিত কৰা নাছিল। "
অৱশ্যে, প্ৰাচীয়ে এয়াও বুজি পায় যে সকলো নেটিজেন একে নহয়। বহুতে তেওঁক ট্ৰ'ল কৰাৰ বিপৰীতে আন বহুতে আকৌ তেওঁৰ কাষত থিয় দিছে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ছোৱালীজনীৰ সৈতে কথা পাতিছে। তেওঁ প্ৰাচীক আন একো চিন্তা নকৰাকৈ আপোনাৰ পঢ়াশুনাত মনোনিৱেশ কৰিবলৈ পৰামৰ্শ দিছে। বহুতে প্ৰাচীক তেওঁৰ সাফল্যৰ বাবে প্ৰশংসাৰে ওপচাই দিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু