--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ প্ৰভু ঈশ্বৰ বিতৰ্কক লৈ উত্তাল হৈ আছে মাজুলীকে ধৰি সমগ্ৰ অসম। এনে বিতৰ্কৰ মাজতে জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই মাজুলীত পৰিবেশন কৰিলে সংগীতানুষ্ঠান। মাজুলীত ঘোষাৰে সংগীতানুষ্ঠান আৰম্ভ কৰিলে পাপনে। ঘোষাৰ ধ্বনিত আপ্লুত হৈ পৰিল হাজাৰ হাজাৰ দৰ্শক। মাজুলী নয়াবজাৰ বিহু অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত গীতৰ মায়াজালেৰে দৰ্শকক বিমোহিত কৰিলে  জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই। মাজুলীত পোন প্ৰথমবাৰৰ বাবে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি আপ্লুত হৈ পৰে পাপনো।

 পাপনে কয় যে মাজুলীলৈ আহিব পৰাতো তেওঁৰ বাবে পৰম সৌভাগ্যৰ কথা। উজনী মাজুলী নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত বহু জনপ্ৰিয় গীতৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় পাপনে। প্ৰতিকুল বতৰৰ মাজতো পাপনৰ গীত উপভোগ কৰিবলৈ আহিল হাজাৰ হাজাৰ দৰ্শক। কেৱল যে মাজুলীৰ দৰ্শকেই পাপনৰ গীত উপভোগ কৰিলে এনে নহয় লক্ষীমপুৰ , ঢকুৱাখনা, ধেমাজিৰ পৰাও বহু দৰ্শক অহা পৰিলক্ষিত হয়। এক কথাত পাপনময় হৈ পৰে উজনী মাজুলী। পাপনৰ গীতৰ তালে তালে দৰ্শকে নৃত্য পৰিবেশনো কৰে।জীয়ৰী- বোৱাৰী ডেকা সকলোৱে কঁকাল ভাঙি ন‍াচিলে পাপনৰ গীতত। একাংশৰ মাজত দেখা গ'ল বোকা ডান্স কৰাও।  

                          
এটাৰ পাছত এটা মুঠ ১৭ টাৰো অধিক জনপ্ৰিয় গীত পৰিবেশন কৰে পাপনে। উজনী মাজুলী নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোক্তাই পাপনক  ফুলাম গামোচা, ফুল‍াম জাপি, জগত বিখ্যাত  মুখা, শৰাই, সম্বৰ্ধনা পত্ৰ, মিচিং জনগোষ্ঠীৰ সাজপাৰৰ লগতে উপহাৰ দিলে খাদ্যৰ টোপোলা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ