--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ প্ৰভু ঈশ্বৰ বিতৰ্কক লৈ উত্তাল হৈ আছে মাজুলীকে ধৰি সমগ্ৰ অসম। এনে বিতৰ্কৰ মাজতে জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই মাজুলীত পৰিবেশন কৰিলে সংগীতানুষ্ঠান। মাজুলীত ঘোষাৰে সংগীতানুষ্ঠান আৰম্ভ কৰিলে পাপনে। ঘোষাৰ ধ্বনিত আপ্লুত হৈ পৰিল হাজাৰ হাজাৰ দৰ্শক। মাজুলী নয়াবজাৰ বিহু অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত গীতৰ মায়াজালেৰে দৰ্শকক বিমোহিত কৰিলে  জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই। মাজুলীত পোন প্ৰথমবাৰৰ বাবে সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি আপ্লুত হৈ পৰে পাপনো।

 পাপনে কয় যে মাজুলীলৈ আহিব পৰাতো তেওঁৰ বাবে পৰম সৌভাগ্যৰ কথা। উজনী মাজুলী নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোৱা বহাগী উৎসৱৰ সাংস্কৃতিক সন্ধিয়াত বহু জনপ্ৰিয় গীতৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় পাপনে। প্ৰতিকুল বতৰৰ মাজতো পাপনৰ গীত উপভোগ কৰিবলৈ আহিল হাজাৰ হাজাৰ দৰ্শক। কেৱল যে মাজুলীৰ দৰ্শকেই পাপনৰ গীত উপভোগ কৰিলে এনে নহয় লক্ষীমপুৰ , ঢকুৱাখনা, ধেমাজিৰ পৰাও বহু দৰ্শক অহা পৰিলক্ষিত হয়। এক কথাত পাপনময় হৈ পৰে উজনী মাজুলী। পাপনৰ গীতৰ তালে তালে দৰ্শকে নৃত্য পৰিবেশনো কৰে।জীয়ৰী- বোৱাৰী ডেকা সকলোৱে কঁকাল ভাঙি ন‍াচিলে পাপনৰ গীতত। একাংশৰ মাজত দেখা গ'ল বোকা ডান্স কৰাও।  

                          
এটাৰ পাছত এটা মুঠ ১৭ টাৰো অধিক জনপ্ৰিয় গীত পৰিবেশন কৰে পাপনে। উজনী মাজুলী নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোক্তাই পাপনক  ফুলাম গামোচা, ফুল‍াম জাপি, জগত বিখ্যাত  মুখা, শৰাই, সম্বৰ্ধনা পত্ৰ, মিচিং জনগোষ্ঠীৰ সাজপাৰৰ লগতে উপহাৰ দিলে খাদ্যৰ টোপোলা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু