--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমকামী সম্পৰ্কত লিপ্ত হ'লেই ১৫ বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে। ইৰাকৰ সংসদত সমকামী সম্পৰ্কক বেআইনী ঘোষণা কৰি অনা হৈছে এখন বিশেষ  আইন । ইৰাকৰ চৰকাৰে দাবী কৰিছে যে নতুন আইনৰ উদ্দেশ্য হৈছে ধৰ্মীয় মূল্যবোধক সুৰক্ষা প্ৰদান কৰা। ইফালে, বহুকেইটা সমকামী লোকৰ সংগঠন তথা মানৱ অধিকাৰ সংগঠনে ইৰাকৰ চৰকাৰৰ নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷ 

উল্লেখ্য বিশ্বৰ ৬০  খনতকৈও অধিক দেশত সমকামী সম্পৰ্ক নিষিদ্ধ কৰা হৈছে।পূৰ্বে বিশ্বৰ বহু দেশত সমকামীসকলক মৃত্যুদণ্ড বিহাৰ  পোষকতা কৰা হৈছিল। কিন্তু বহু ইউৰোপীয় দেশত  এনে সম্পৰ্কত লিপ্ত লোকৰ সৰ্বাধিক শাস্তি হৈছে ১৫  বছৰৰ কাৰাবাস। 

 ইৰাকী সমাজক সমগ্ৰ বিশ্বত বিয়পি পৰা নৈতিক অৱক্ষয় আৰু সমকামিতাৰ পৰা সুৰক্ষিত কৰিবলৈ এই আইন অনা হৈছে বুলি দেশ খনৰ চৰকাৰে প্ৰকাশ কৰিছে। আইন অনুসৰি সমকামী সম্পৰ্কৰ সৈতে জড়িত যিকোনো লোকক সৰ্বাধিক ১৫ বছৰ আৰু নূন্যতম ১০ বছৰৰ কাৰাবাসৰ শাস্তি বিহা হ'ব। যিসকল ব্যক্তিয়ে সমকামিতা বা পতিতাবৃত্তিক সমৰ্থন কৰি সেইবোৰৰ সপক্ষে প্ৰচাৰ চলায় তেনে লোককো  কমেও সাত বছৰৰ বাবে কাৰাবাস দিয়া হ'ব। 

ইয়াৰ পূৰ্বে ইৰাকত আইনৰ দ্বাৰা সমকামিতাক অপৰাধ বুলি গণ্য   কৰা হোৱা নাছিল। এতিয়া  নতুন আইনে দেশ খনত সমকামিতাক অপৰাধ হিচাপে গণ্য কৰাৰ বাট মুকলি কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু