--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমকামী সম্পৰ্কত লিপ্ত হ'লেই ১৫ বছৰলৈকে কাৰাদণ্ড হ'ব পাৰে। ইৰাকৰ সংসদত সমকামী সম্পৰ্কক বেআইনী ঘোষণা কৰি অনা হৈছে এখন বিশেষ  আইন । ইৰাকৰ চৰকাৰে দাবী কৰিছে যে নতুন আইনৰ উদ্দেশ্য হৈছে ধৰ্মীয় মূল্যবোধক সুৰক্ষা প্ৰদান কৰা। ইফালে, বহুকেইটা সমকামী লোকৰ সংগঠন তথা মানৱ অধিকাৰ সংগঠনে ইৰাকৰ চৰকাৰৰ নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে৷ 

উল্লেখ্য বিশ্বৰ ৬০  খনতকৈও অধিক দেশত সমকামী সম্পৰ্ক নিষিদ্ধ কৰা হৈছে।পূৰ্বে বিশ্বৰ বহু দেশত সমকামীসকলক মৃত্যুদণ্ড বিহাৰ  পোষকতা কৰা হৈছিল। কিন্তু বহু ইউৰোপীয় দেশত  এনে সম্পৰ্কত লিপ্ত লোকৰ সৰ্বাধিক শাস্তি হৈছে ১৫  বছৰৰ কাৰাবাস। 

 ইৰাকী সমাজক সমগ্ৰ বিশ্বত বিয়পি পৰা নৈতিক অৱক্ষয় আৰু সমকামিতাৰ পৰা সুৰক্ষিত কৰিবলৈ এই আইন অনা হৈছে বুলি দেশ খনৰ চৰকাৰে প্ৰকাশ কৰিছে। আইন অনুসৰি সমকামী সম্পৰ্কৰ সৈতে জড়িত যিকোনো লোকক সৰ্বাধিক ১৫ বছৰ আৰু নূন্যতম ১০ বছৰৰ কাৰাবাসৰ শাস্তি বিহা হ'ব। যিসকল ব্যক্তিয়ে সমকামিতা বা পতিতাবৃত্তিক সমৰ্থন কৰি সেইবোৰৰ সপক্ষে প্ৰচাৰ চলায় তেনে লোককো  কমেও সাত বছৰৰ বাবে কাৰাবাস দিয়া হ'ব। 

ইয়াৰ পূৰ্বে ইৰাকত আইনৰ দ্বাৰা সমকামিতাক অপৰাধ বুলি গণ্য   কৰা হোৱা নাছিল। এতিয়া  নতুন আইনে দেশ খনত সমকামিতাক অপৰাধ হিচাপে গণ্য কৰাৰ বাট মুকলি কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ