ডিজিটেল ডেস্ক : চেষ্টাৰ অসাধ্য একো নাই৷ এসময়ত বিদ্যালয়লৈ খালী ভৰিৰে যোৱা এগৰাকী ব্যক্তি এতিয়া হৈ পৰিছে কোটিপতি৷ আমাৰ সমাজত এনে বহু উদাহৰণ আছে যিসকলৰ জীৱনৰ সংগ্ৰাম আৰু সফলতাই আমাক অনুপ্ৰাণিত কৰে। আজি আমি এগৰাকী মাৰাঠী লোকৰ জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী এবাৰ জুকিয়াই চাব বিচাৰিছোঁ। যিয়ে জোতা-চেণ্ডেলৰ অভাৱত শৈশৱত খালী ভৰিৰে বিদ্যালয়লৈ গৈছিল। তেওঁ আনকি দশম শ্ৰেণীত অনুত্তীৰ্ণও হৈছিল৷ এখন সাধাৰণ গ্ৰোচাৰী দোকান চলাই তেওঁ কৰিছিল জীৱন নিৰ্বাহ। কিন্তু সেই লোকজনেই আজি ডুবাইত ৪০০০কোটি টকাৰ কোম্পানীৰ স্বত্তাধিকাৰী।
এই সফলতাৰ কাহিনী বহু সময়ত অবিশ্বাস্য যেন বোধ হ’ব পাৰে। আপুনি আচৰিতো হৈ পৰিব পাৰে। কিন্তু ধনঞ্জয় দাতাৰৰ কঠোৰ পৰিশ্ৰমে বাস্তৱত পৰিণত কৰিছে তেওঁৰ সপোন। এটা সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰা ধনঞ্জয়ৰ পিতৃ মহাদেৱ দাতাৰ ভাৰতীয় বায়ু সেনাৰ এজন কনিষ্টবল আছিল। এই চাকৰিৰ বাবে, তেওঁক যিকোনো ঠাইলৈ বদলি কৰা হৈছিল।
চাকৰি বদলি হৈ থকাৰ বাবে , মহাদেৱে ধনঞ্জয়ক চোৱাচিতা কৰিবলৈ অমৰাৱতীত থকা আইতাৰ ঘৰলৈ পঠিয়ায়। ধনঞ্জয়ৰ বয়স তেতিয়া আছিল মাত্ৰ ৮ বছৰ । আইতাৰ অৱস্থাও নাজল-নাথল৷ ফলস্বৰূপে ধনঞ্জয়ৰ শৈশৱ খুব অযত্নপালিতভাৱে পাৰ হৈছিল। ধনঞ্জয়ৰ দেউতাকে আইতাকলৈ টকাও প্ৰেৰণ কৰিছিল কিন্তু আইতাকে তেওঁৰ পৰা এটকাও গ্ৰহণ কৰা নাছিল। যাৰফলত ধনঞ্জয়ৰ শিক্ষাৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। তেওঁ এখন সৰু বিদ্যালয়লৈ যাব লগা হৈছিল, আৰু স্কুলত পঢ়িবলৈ তেওঁৰ ভৰিত জোতাও নাছিল। খালী ভৰিৰে তেওঁ নিতৌ বিদ্যালয়লৈ গৈছিল।
ধনঞ্জয়ে বৰষুণৰ বতৰত ছাতি অবিহনেও বিদ্যালয়লৈ যাবলগীয়া হৈছিল। আইতাকৰ আৰ্থিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ কেৱল ২খন ৰুটীৰেই দিনটো কটাই দিছিল৷ আনকি নিশাও কেতিয়াবা একো নোখোৱাকৈ শুই পৰিছিল৷ তেওঁ আইতাৰ সৈতে ৪ বছৰ অতিবাহিত কৰিছিল। পাছত, যেতিয়া তেওঁৰ পিতৃ কামৰ পৰা অৱসৰ গ্ৰহণ কৰে, তেওঁ মুম্বাইলৈ উভতি আহে।
অৱসৰৰ পাছত, তেওঁৰ পিতৃয়ে ডুবাইৰ এখন দোকানত মেনেজাৰ হিচাপে চাকৰি লাভ কৰে। তেওঁ পৰিয়ালৰ সকলো খৰচ পৰিশোধ কৰিছিল। সাত বছৰ কাম কৰাৰ পাছত, তেওঁ ধনঞ্জয়ক ডুবাইলৈ মাতি পঠিয়াইছিল আৰু এখন সৰু গ্ৰোচাৰী দোকান আৰম্ভ কৰিছিল। ১৯৮৪ চনত, ধনঞ্জয় ডুবাইলৈ যায়। তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ২০ বছৰ। ধনঞ্জয়ে পিতৃ মহাদেৱৰ দ্বাৰা আৰম্ভ কৰা গ্ৰোচাৰী দোকানত সহায় কৰিবলৈ আৰম্ভ কৰে। দোকানৰ পৰা ভাল উপাৰ্জন আহিছিল। ১০ বছৰত, তেওঁ আবু-ধাবিত এখন নিজাববীয়াকৈ দোকান খোলে আৰু শ্বাৰজাহতো আনখন দোকান খোলে৷
এই দোকানখনৰ পৰাই তেওঁৰ সফলতাৰ যাত্ৰা আৰম্ভ হয় আৰু তেতিয়াৰ পৰা তেওঁ পিছলৈ কেতিয়াও ঘূৰি চাব লগা হোৱা নাই। ডুবাইত বহুতো ভাৰতীয় লোকে বসবাস কৰে। সেয়েহে ভাৰতীয়সকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ বাবে তেওঁ মছলাৰ ব্যৱসায় হাতত লয়। ভাৰতীয়সকলৰ বাবে প্ৰয়োজনীয় মচলা সেই সময়ত ডুবাইত সুলভ নাছিল। দেউতাই প্ৰথমে পথটো দেখুৱাইছিল আৰু প্ৰথম ‘আল আদিল’ নামৰ এটা মচলাৰ ব্ৰেণ্ড আৰম্ভ কৰিছিল। আজি বজাৰত তেওঁলোকৰ এই ব্ৰেণ্ডৰ ৯০০০তকৈও অধিক সামগ্ৰী আছে।
তেওঁলোকৰ ৭০০ তকৈও অধিক আচাৰ আছে। বিভিন্ন প্ৰকাৰৰ দাইল তেওঁলোকে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আমদানি কৰে। এই গ্ৰোচাৰী দোকানৰ গৰাকীয়ে দিনে ১৫ৰ ১৬ ঘণ্টা কাম কৰি বহু কোটি টকাৰ ব্যৱসায় গঢ়ি তুলিছে। এসময়ত পইচাৰ অভাৱত মাকৰ মংগলসূত্ৰ বিক্ৰী কৰা ধনঞ্জয়া দাতাৰক আজি ডুবাইৰ স্পাইচ কিং বুলি জনা যায়। আজি তেওঁৰ ওচৰত ২ নিযুত দামৰ এখন ৰোলছ ৰয়েছ গাড়ী আছে।

