--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আপুনি বিজ্ঞাপন চাই ব্যৱহাৰ কৰে নেকি সামগ্ৰী? যদিহে আকৰ্ষণীয় বিজ্ঞাপন চাই সামগ্ৰী ক্ৰয় আৰু ব্যৱহাৰ কৰে তেনেহ'লে সাৱধান হ'বৰ হ'ল৷ কাৰণ বহু সামগ্ৰী নিৰ্মাতাই বিভ্ৰান্তিকৰ বিজ্ঞাপন দি গ্ৰাহকক ঠগি আহিছে৷ ছেনছ’ডাইন নামৰ টুথপেষ্টবিধ এতিয়া এইক্ষেত্ৰত এটা উদাহৰণ হিচাপে বিবেচিত হৈছে। বজাৰত সুলভ বিভিন্ন টুথপেষ্টৰ ভিতৰত ছেনছ’ডাইন টুথপেষ্ট বিশেষভাৱে জনপ্ৰিয়৷ কিন্তু এই কোম্পানীটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে কেন্দ্ৰীয় উপভোক্তা সুৰক্ষা। অহা সাত দিনৰ ভিতৰত ছেনছ’ডাইন টুথপেষ্টৰ কিছু বিভ্ৰান্তিকৰ বিজ্ঞাপন বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ লগতে কোম্পানীটোৰ ওপৰত ১০লাখ টকা জৰিমনা আৰোপ কৰা হৈছে। মঙলবাৰে এটা চৰকাৰী বিজ্ঞপ্তিত কোৱা হৈছে যে, 'বিশ্বব্যাপী দন্ত চিকিৎসকৰ দ্বাৰা অনুমোদিত' আৰু 'বিশ্বৰ এক নম্বৰ সংবেদনশীলতা টুথপেষ্ট' বুলি দাবী কৰা ছেনছ’ডাইনৰ বিজ্ঞাপন সাত দিনৰ ভিতৰত বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। লগতে কৰ্তৃপক্ষক ১০ লাখ টকা জৰিমনা পৰিশোধ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। বিদেশী দন্ত চিকিৎসকৰ দ্বাৰা অনুমোদিত বুলি দেখুওৱা বিজ্ঞাপনবোৰ চিচিপিএৰ দ্বাৰা প্ৰদান কৰা পূৰ্বৰ আদেশ অনুসৰি বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। নিধি খাৰেৰ নেতৃত্বত চিচিপিএ-য়ে "শেহতীয়াকৈ ছেনছ’ডাইন সামগ্ৰীৰ বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে নিৰ্দেশ প্ৰদান কৰিছে৷ য’ত 'বিশ্বব্যাপী দন্ত চিকিৎসকৰ দ্বাৰা অনুমোদিত' আৰু 'বিশ্বৰ এক নম্বৰ সংবেদনশীলতা টুথপেষ্ট' বুলি ভুলকৈ প্ৰচাৰ কৰা বুলি বিবৃতিটোত কোৱা হৈছে। ইয়াৰ পূৰ্বে ৯ ফেব্ৰুৱাৰীত, চিচিপিএ-য়ে বিদেশী দন্ত চিকিৎসকৰ দ্বাৰা অনুমোদিত বুলি কৰা প্ৰচাৰ বন্ধ কৰিবলৈ ছেনছ’ডাইনক নিৰ্দেশ দিছিল। চিচিপিএ-য়ে টেলিভিছন, ইউটিউব, ফেচবুক আৰু টুইটাৰকে ধৰি বিভিন্ন প্লেটফৰ্মত ছেনছ’ডাইন সামগ্ৰীৰ বিজ্ঞাপনৰ বিৰুদ্ধে স্বতঃস্ফূৰ্ত ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছিল। বিজ্ঞাপনবোৰত দন্ত চিকিৎসকসকলে দাঁতৰ সংবেদনশীলতাৰ বিৰুদ্ধে সুৰক্ষাৰ বাবে ছেনছ’ডাইন ৰেপিড ৰিলিফ আৰু ছেনছ’ডাইন ফ্ৰেছ জেল নামৰ ছেনছ’ডাইন সামগ্ৰীৰ ব্যৱহাৰক সমৰ্থন কৰা দেখা গৈছে। বিবৃতিটোত কোৱা হৈছে যে এই বিজ্ঞাপনবোৰে দাবী কৰে যে ছেনছ’ডাইনক 'বিশ্বব্যাপী দন্ত চিকিৎসকৰ দ্বাৰা অনুমোদিত', 'বিশ্বৰ ১ নম্বৰ সংবেদনশীলতা টুথপেষ্ট' আৰু 'নিদানিকভাৱে প্ৰমাণিত তথা ই ৬০ ছেকেণ্ডৰ ভিতপত সকাহ দিয়া বুলি দাবী কৰা হয়।’

জৰীপ কেৱল ভাৰতৰ দন্ত চিকিৎসকৰ সৈতে কৰা হৈছিল

'কোম্পানীটোৱে দাখিল কৰা পৰীক্ষাৰ পাছত, চিচিপিএ-য়ে লক্ষ্য কৰিছিল যে কোম্পানীটোৱে 'বিশ্বব্যাপী দন্ত চিকিৎসকৰ দ্বাৰা অনুমোদিত' আৰু বিজ্ঞাপনত দেখুওৱা 'বিশ্বৰ এক নম্বৰ সংবেদনশীলতা টুথপেষ্ট'ৰ সমৰ্থনত দাখিল কৰা দুটা বজাৰ জৰীপ কেৱল ভাৰতৰ দন্ত চিকিৎসকৰ সৈতে কৰা হৈছিল। 'বিজ্ঞাপনবোৰত কৰা দাবীবোৰ প্ৰমাণিত কৰিবলৈ বা ছেনছ’ডাইন সামগ্ৰীৰ বিশ্বব্যাপী কোনো গুৰুত্ব সূচিত কৰিবলৈ কোম্পানীৰ দ্বাৰা কোনো সহজাত অধ্যয়ন বা সামগ্ৰী দাখিল কৰা হোৱা নাছিল। সেয়েহে, দাবীবোৰ যিকোনো কাৰণ বা ন্যায্যতাৰ পৰা বঞ্চিত হোৱা দেখা গৈছিল,- এই বুলি মন্ত্ৰালয়ে কয়। PCA Banner 2022
FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
লং জাম্প, ৭.৭৫ মিটাৰ জঁপিয়াই শ্ৰেষ্ঠ ভাৰতৰ মুৰলী শ্ৰীশংকৰ
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত