--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নাগৰিকত্বৰ প্ৰমাণ দিয়াৰ নামত বিভিন্ন ভাৰতীয় নাগৰিকে নানা হাৰাশাস্তিৰ সন্মুখীন হৈ অহাৰ খবৰে প্ৰায়েই সংবাদ শিৰোনাম দখল কৰি আহিছে। অসমতো তেনে ঘটনা সংঘটিত নোহোৱা নহয়। এইবাৰ এগৰাকী মৃত ব্যক্তিক নাগৰিকত্বৰ প্ৰমাণ দিবলৈ বিদেশী ন্যায়াধীকৰণ নিৰ্দেশ দিয়াক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ। ছবছৰ আগতেই মৃত্যু হোৱা এই লোকজনক শেহতীয়াকৈ ভাৰতীয় নাগৰিক বুলি প্ৰমাণ দিবলৈ আচহুৱা নিৰ্দেশ দিছে বিদেসী ন্যায়াধীকৰণে। অসমৰ কাছাৰ জিলাৰ বিদেশী ন্যায়াধিকৰণে ২০১৬ চনত মৃত্যু হোৱা এজন লোকক তেওঁৰ ভাৰতীয় পৰিচয় প্ৰমাণ কৰিবলৈ কৈছে। ১৫ মাৰ্চত শিলচৰৰ এফটি-৩ ৰ দ্বাৰা উদাৰবন্দ নিবাসী মৃত শ্যামা চৰণ দাসৰ বিৰুদ্ধে জাননী জাৰি কৰে আৰু তেওঁক ৩০ মাৰ্চত আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়ে। একেখন আদালতে দাসৰ মৃত্যুৰ হোৱাৰ পৰিপ্ৰেক্ষিতত ২০১৬ চনৰ ২৩ ছেপ্টেম্বৰত দাসৰ বিৰুদ্ধে এটা গোচৰ বন্ধ কৰিছিল। অসম চৰকাৰে জাৰি কৰা মৃত্যুৰ প্ৰমাণপত্ৰ অনুসৰি, দাসৰ ২০২৬ চনৰ ৬ মে’ত ৭৪ বছৰ বয়সত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পাছত, পৰিয়ালটোৱে এফটি-৩-ৰ আগত মৃত্যুৰ প্ৰমাণপত্ৰ দাখিল কৰিছিল, যাৰ ওপৰত আধাৰ কৰি, তেওঁৰ বিৰুদ্ধে থকা গোচৰটো ন্যায়াধীশ বি কে তালুকদাৰে বন্ধ কৰি দিছিল। তালুকদাৰে ২৩ ছেপ্টেম্বৰ, ২০১৬ তাৰিখৰ তেওঁৰ আদেশত লিখিছিল, ‘অ'পি (সুধন ৰাম দাসৰ পুত্ৰ শ্যামা চৰণ দাস)ৰ পৰিয়ালৰ সদস্যসকলে নথিপত্ৰ দাখিল কৰিছে যিয়ে প্ৰমাণ কৰে যে গোচৰৰ বিচাৰ চলি থকাৰ সময়তে শিলচৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত তেওঁৰ মৃত্যু হৈছিল (গোচৰ নং 7582/98)। অ'পি উদৰবন্দৰ থালিগ্ৰাম গাঁৱৰ বাসিন্দা আছিল আৰু তেওঁ এজন সন্দেহজনক ভোটাৰ আছিল। তথ্য অনুসৰি, তেওঁৰ দেউতাক সুধন ৰাম দাসৰ নাম ১৯৬৫ আৰু ১৯৭০ চনৰ ভোটাৰ তালিকাত পোৱা গৈছিল। যিহেতু অ'পি-ৰ মৃত্যু হৈছে গতিকে তেওঁ বিৰুদ্ধে থকা গোচৰ ইয়াৰ দ্বাৰা বন্ধ কৰি দিয়া হৈছে।" কিন্তু এই বছৰৰ আৰম্ভণিতে, দাসক অবৈধ অনুপ্ৰৱেশকাৰী বুলি সন্দেহ কৰি সীমান্ত আৰক্ষীয়ে দাসৰ বিৰুদ্ধে এটা নতুন গোচৰ ৰুজু কৰিছিল আৰু ইয়াৰ ওপৰত আধাৰ কৰি, তিনি নং বিদেশী ন্যায়াধীকৰণে তেওঁৰ বিৰুদ্ধে ২০২২চনৰ ১৫ মাৰ্চত জাননী জাৰি কৰিছিল। দাসক দিয়া জাননীখনত এফটি-৩ৰ সদস্যসকলে লিখিছে, "কাছাৰ জিলাৰ এছপি (সীমান্ত)য়ে বিদেশী (ন্যায়াধীকৰণ) আদেশ, ১৯৬৪ ৰ ব্যৱস্থা অনুসৰি মতামত প্ৰদান কৰিবলৈ নিম্ন স্বাক্ষৰকাৰীৰ সন্দৰ্ভত উল্লেখ কৰিছিল যে আপুনি ০১-০১-১৯৬৬ ৰ পৰা ২৪-০৩-১৯১১ ৰ ভিতৰত কোনো বৈধ নথি অবিহনে অসমত বেআইনীভাৱে প্ৰৱেশ কৰিছে আৰু শিলচৰত বাস কৰা আৰম্ভ কৰিছে। আনহাতে আপুনি নিৰ্ধাৰিত সময়ৰ ভিতৰত আপোনাৰ ভাৰতীয় নাগৰিকত্ব সম্পৰ্কে অনুসন্ধান/প্ৰমাণীকৰণৰ সময়ত আৰক্ষীৰ সন্মুখত কোনো বৈধ নথি প্ৰস্তুত কৰিব নোৱাৰিলে, আৰু তাৰ ভিত্তিতে আপোনাক এজন অবৈধ প্ৰব্ৰজনকাৰী বুলি সন্দেহ কৰা হৈছে।" PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ