--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰীড়াংগনত কোনে সিঁচিলে বৰ্ণবিদ্বেষৰ বীজ? ঐতিহাসিক ডুৰাণ্ড কাপত ঘটিছে অঘটন৷ পুনৰ এবাৰ কলংকিত বংগ ফুটবল৷ ডুৰাণ্ড কাপৰ ছেমি ফাইনেল খেলখনত নৰ্থ-ইষ্ট ইউনাইটেড এএফচিয়ে ইষ্ট বেংগলৰ মুখামুখি হয়। সেই খেলখনত ইষ্ট বেংগল এটা সময়ত পিছ পৰি যায়, য’ৰ পৰা তেওঁলোকে যুঁজখন ঘূৰাই দিয়ে আৰু তাৰ পাছত টাইব্ৰেকাৰত মেচখন জিকে আৰু খেলপথাৰ এৰি যায়। 

তেতিয়ালৈ সকলো ঠিকেই আছিল, কিন্তু তাৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ৷ দৰাচলতে, এই খেলখনৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। সেই ভিডিঅ’ত দেখা গৈছে যে খেলখনৰ সময়ত খেলপথাৰত উপস্থিত নৰ্থ-ইষ্ট ইউনাইটেড এফচিৰ অনুৰাগীসকলক ইষ্ট বেংগলৰ অনুৰাগীসকলে আক্ৰমণ কৰি আছে। অভিযোগ কৰা হৈছে যে এই সময়ছোৱাত তেওঁলোকে উত্তৰ-পূবৰ সমৰ্থকসকলক লৈ বৰ্ণবাদী মন্তব্য কৰিছিল। ইষ্ট বেংগলৰ সমৰ্থকসকলে নৰ্থ-ইষ্ট ইউনাইটেডৰ সমৰ্থকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

খেলপথাৰত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীৰ মতে, মঙলবাৰে খেলখন জিকাৰ পিছত ইষ্ট বেংগলৰ অনুৰাগীসকলে নৰ্থ-ইষ্ট ইউনাইডেটৰ অনুৰাগীসকলৰ ওপৰত শিল-ইটা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।

ইষ্ট বেংগলৰ কাৰ্যকৰী সমিতিৰ সদস্য ৰাজা গুহই কয়, মই কালি খেলপথাৰত আছিলো।  মই খেলৰ পিছত বাহিৰলৈ গৈছিলো। মই এনেকুৱা একো কেতিয়াও দেখা নাই। ইষ্ট বেংগল আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ ফুটবল খেলুৱৈসকলে একেলগে ঘূৰি ফুৰিছিল। মই এই বিষয়ে একো স্পষ্ট নাজানো। এনে পৰিস্থিতিত, বহুতে ইষ্ট বেংগল ক্লাবৰ বাবে শাস্তি দাবী কৰিছে।

বিশেষজ্ঞসকলৰ মতে, ফিফাৰ নিয়ম অনুসৰি খেলপথাৰত উপস্থিত দৰ্শকে যদি আন দলৰ দৰ্শকৰ ওপৰত বৰ্ণবাদী মন্তব্য কৰে, তেন্তে সেই দলটোৰ সমৰ্থক আৰু সেই দলটোক শাস্তি দিয়া হ'ব। অৱশ্যে, ই কিমান কঠোৰ হ'ব সেয়া আৰম্ভণিতে সিদ্ধান্ত লোৱাটো উদ্যোগী আৰু আয়োজকৰ ওপৰত নিৰ্ভৰ কৰিব। পৰৱৰ্তী সময়ত ডুৰাণ্ডৰ আয়োজক সমিতিয়ে কি শাস্তি আগবঢ়াব তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
টীয়ক চাহ বাগিচাত যুৱতী নিৰুদ্দেশৰ ঘটনাক লাভ জেহাদ আখ্যা ৰাইজৰ!
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে