--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰীড়াংগনত কোনে সিঁচিলে বৰ্ণবিদ্বেষৰ বীজ? ঐতিহাসিক ডুৰাণ্ড কাপত ঘটিছে অঘটন৷ পুনৰ এবাৰ কলংকিত বংগ ফুটবল৷ ডুৰাণ্ড কাপৰ ছেমি ফাইনেল খেলখনত নৰ্থ-ইষ্ট ইউনাইটেড এএফচিয়ে ইষ্ট বেংগলৰ মুখামুখি হয়। সেই খেলখনত ইষ্ট বেংগল এটা সময়ত পিছ পৰি যায়, য’ৰ পৰা তেওঁলোকে যুঁজখন ঘূৰাই দিয়ে আৰু তাৰ পাছত টাইব্ৰেকাৰত মেচখন জিকে আৰু খেলপথাৰ এৰি যায়। 

তেতিয়ালৈ সকলো ঠিকেই আছিল, কিন্তু তাৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ৷ দৰাচলতে, এই খেলখনৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। সেই ভিডিঅ’ত দেখা গৈছে যে খেলখনৰ সময়ত খেলপথাৰত উপস্থিত নৰ্থ-ইষ্ট ইউনাইটেড এফচিৰ অনুৰাগীসকলক ইষ্ট বেংগলৰ অনুৰাগীসকলে আক্ৰমণ কৰি আছে। অভিযোগ কৰা হৈছে যে এই সময়ছোৱাত তেওঁলোকে উত্তৰ-পূবৰ সমৰ্থকসকলক লৈ বৰ্ণবাদী মন্তব্য কৰিছিল। ইষ্ট বেংগলৰ সমৰ্থকসকলে নৰ্থ-ইষ্ট ইউনাইটেডৰ সমৰ্থকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।

খেলপথাৰত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীৰ মতে, মঙলবাৰে খেলখন জিকাৰ পিছত ইষ্ট বেংগলৰ অনুৰাগীসকলে নৰ্থ-ইষ্ট ইউনাইডেটৰ অনুৰাগীসকলৰ ওপৰত শিল-ইটা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে।

ইষ্ট বেংগলৰ কাৰ্যকৰী সমিতিৰ সদস্য ৰাজা গুহই কয়, মই কালি খেলপথাৰত আছিলো।  মই খেলৰ পিছত বাহিৰলৈ গৈছিলো। মই এনেকুৱা একো কেতিয়াও দেখা নাই। ইষ্ট বেংগল আৰু নৰ্থ-ইষ্ট ইউনাইটেডৰ ফুটবল খেলুৱৈসকলে একেলগে ঘূৰি ফুৰিছিল। মই এই বিষয়ে একো স্পষ্ট নাজানো। এনে পৰিস্থিতিত, বহুতে ইষ্ট বেংগল ক্লাবৰ বাবে শাস্তি দাবী কৰিছে।

বিশেষজ্ঞসকলৰ মতে, ফিফাৰ নিয়ম অনুসৰি খেলপথাৰত উপস্থিত দৰ্শকে যদি আন দলৰ দৰ্শকৰ ওপৰত বৰ্ণবাদী মন্তব্য কৰে, তেন্তে সেই দলটোৰ সমৰ্থক আৰু সেই দলটোক শাস্তি দিয়া হ'ব। অৱশ্যে, ই কিমান কঠোৰ হ'ব সেয়া আৰম্ভণিতে সিদ্ধান্ত লোৱাটো উদ্যোগী আৰু আয়োজকৰ ওপৰত নিৰ্ভৰ কৰিব। পৰৱৰ্তী সময়ত ডুৰাণ্ডৰ আয়োজক সমিতিয়ে কি শাস্তি আগবঢ়াব তাৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এছ বি আইৰ প্ৰতিবেদন; ২৮% অপৰাধ হ্রাস হৈছে অসমত
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement