--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এই মুহূৰ্তত বলীউডৰ আগশাৰীৰ পৰিচালক অনুৰাগ কাশ্যপ। চলচ্চিত্ৰৰ কামৰ বাহিৰেও তেওঁ প্ৰায়ে নিজৰ জীৱনৰ পৰিঘটনাসমূহ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে। অনুৰাগে কয় যে শেহতীয়াকৈ এজন অচিনাকি মানুহ তেওঁৰ ঘৰত প্ৰৱেশ কৰি কি কাণ্ড সংঘটিত কৰিছিল।

বলীউডৰ বহু চিত্ৰনাট্যকাৰে অনুৰাগ কাশ্যপৰ সৈতে কাম কৰিব বিচাৰিছে। কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত এটা পোষ্টত তেওঁ নিজেই কৈছিল যে কেনেকৈ উদীয়মান অভিনেতা-পৰিচালকসকলক বিভিন্ন ধৰণে পৰামৰ্শ দিয়ে। কিন্তু অনুৰাগে এনে কেচ আগতে কেতিয়াও দেখা নাই।

ঠিক কি হ’ল? অনুৰাগে ক’লে, “এদিন মোৰ ঘৰত এজন অচিনাকি মানুহ সোমাই আহিল। সেইদিনা কোনোবাই হঠাতে ঘৰত টোকৰ মাৰিলে। মই গৈ দুৱাৰখন খুলি দিওঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে সেই মানুহজন মোৰ ঘৰত সোমাই গ’ল। মই সুধিলোঁ, 'আপুনি কোন'?"

অনুৰাগে কয় যে ব্যক্তিজনে তেওঁৰ লিখা এখন ছবিৰ চিত্ৰনাট্য লৈ আহিছিল। চিনাকি দিয়াৰ আগতে অনুৰাগক চিত্ৰনাট্য পঢ়িবলৈ বাধ্য কৰাইছিল। ব্যক্তিজনে মাথোঁ ক’লে যে কিছুদিন আগতে তেওঁৰ পিতৃৰ মৃত্যু হৈছে।

অনুৰাগে কয়, "দেউতাৰ মৃত্যুৰ খবৰ পাই মই দুখ পাইছো, কিন্তু মই তেওঁক কৈছিলো যে ইয়াৰ অৰ্থ এইটো নহয় যে মই আপোনাৰ চিত্ৰনাট্য পঢ়িব লাগিব। মই বৰ অভদ্ৰ আছিলোঁ আৰু কিছু সময়ৰ পিছত তেওঁক যাবলৈ ক’বলগীয়া হৈছিল। মোৰ লগত এই ধৰণৰ কথাবোৰ হৈয়েই থাকে।”

সম্প্ৰতি অনুৰাগ নিজৰ ৱেব চিৰিজ ‘বেড কপ’ৰ প্ৰচাৰত ব্যস্ত। ধাৰাবাহিকখনৰ প্ৰথম ছিজনৰ তিনিটা খণ্ড মুকলি কৰা হৈছে। এই ধাৰাবাহিকখনত অভিনয় কৰিছে গুলচন দেৱাইয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ