--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাহোৰৰ পৰা ডুবাইলৈ গীত ৰেকৰ্ডিং কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় ৰাহত ফাতেহ আলী খান। এনে খবৰ সমগ্ৰ বিশ্বতে বিয়পি পৰিল। জানিব পৰা মতে, সোমবাৰে সন্ধিয়া ডুবাই বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় গায়কজনক। তেওঁৰ প্ৰাক্তন মেনেজাৰে কৰা অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় ৰাহাটক।

অৱশ্যে এই খবৰ বিয়পি পৰাৰ কিছু সময়ৰ পাছতেই শিল্পীগৰাকীয়ে এক বিবৃতি প্ৰকাশ কৰে। সেই ভিডিঅ’টোত দেখা গৈছে যে গায়কজন আৰামত বহি আছে। অনুৰাগীক কয় - ‘‘সকলো ঠিকেই আছে। আমাৰ গীতৰ ৰেকৰ্ডিং বহুত ভালকৈয়ে গ’ল। অনুগ্ৰহ কৰি জঘন্য উৰাবাতৰিবোৰ নুশুনিব। মই সোনকালে তোমাৰ ওচৰলৈ উভতি যাম।"

জন্মসূত্ৰে পাকিস্তানী হ’লেও বলীউডৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী ৰাহত ফাতেহ আলী খান। তেখেতে ‘তেৰে মস্ত মষ্ট দো নয়ন’, ‘তেৰে বিন’, ‘অৰে পিয়া’ আদি জনপ্ৰিয় গীত গাইছে। ভাৰতীয় দৰ্শকে বিদেশৰ নাগৰিক হৈও তেওঁক গ্ৰহণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। কিন্তু এতিয়াৰ বাবে ভাৰতত তেওঁৰ গান গোৱাৰ পথ বন্ধ। ২০১৬ চনত উৰি আক্ৰমণৰ পিছৰে পৰা পাকিস্তানী শিল্পীয়ে ভাৰতত কোনো কাম কৰাত বাধা আৰোপ কৰি আহিছে।

এইবাৰ উৰাবাতৰি বিয়পাই দিয়া মেনেজাৰজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ ফলত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পূর্বে ২০১৪ চনত ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ গোচৰীয়াই ৰাহাটক দিল্লী বিমানবন্দৰত নগদ ১ লাখ ২৪ হাজাৰ মাৰ্কিন ডলাৰ লৈ গ্ৰেপ্তাৰ কৰিছিল। বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন বা ফেমা আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে আৰম্ভণিৰে পৰাই তেওঁ এই অভিযোগ অস্বীকাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ