--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীঘলীয়া দিনৰ অন্তত কেমেৰাৰ সন্মুখত কথা ক’লে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীয়ে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত তেওঁৰ জীৱনটোও নিমিষতে সলনি হৈ গ’ল। সেই সময়ত প্ৰয়াত অভিনেতাগৰাকীৰ সৈতে সুশান্তৰ সম্পৰ্কৰ বাবেই সুশান্তৰ পৰিয়ালে ৰিয়াৰ ফালে আঙুলিয়াইছিল। ঘটনাৰ লগত ড্ৰাগছৰ সৈতে জড়িত থকাৰ বাবেও গ্ৰেপ্তাৰ কৰে অভিনেত্ৰীগৰাকীক। ইয়াৰ বাহিৰেও তেওঁ ছ’চিয়েল মিডিয়াত ইটোৰ পিছত সিটো তিৰ্যক মন্তব্যৰ সন্মুখীন হ’বলগীয়া হৈছিল। যদিও সময় পাৰ হৈ গ’ল, তথাপিও ৰিয়াই অভিনয়লৈ ঘূৰি আহিব নোৱাৰিলে। নিজাকৈ পডকাষ্ট আৰম্ভ কৰিলে। তাত জমা হোৱা বহু কথা প্ৰকাশ কৰিলে অভিনেত্ৰীগৰাকীয়ে।

সুশান্তৰ মৃত্যুৰ পিছত নেটিজেনে দাবী কৰিছিল যে ৰিয়াই সুশান্তৰ ওপৰত ‘ব্লেক মেজিক’ কৰিছিল। ইমান সময়ৰ পাছত ৰিয়ে ক’লে যে তাই নিজেই ভাবিছিল যে তাইৰ অলৌকিক শক্তি আছে। ক’ৰবালৈ গ’লে সহজেই বুজি পায় যে মানুহ দুবিধ। কিছুমানে তাইক ডাইনী বুলি গণ্য কৰে। আন কিছুমানে তেওঁৰ সহনশীলতাৰ বাবে তেওঁক প্ৰশংসা কৰে।

ৰিয়াৰ ভাষাত, “মই কেতিয়াবা নিজকে ধেমালি কৰি কওঁ যে মোৰ অলৌকিক শক্তি আছে। কোঠা এটাত সোমোৱাৰ লগে লগে উপস্থিত মানুহবোৰক দুটা গোটত ভাগ কৰি লওঁ। কিছুমানে মোক কয়, মই ডাইনী, মই ক’লা যাদু কৰো। আনটো গোটৰ মানুহে মোক সাহসী আৰু শক্তিশালী বুলি ভাবে। কাৰাই কি ভাবিছে, মই নিমিষতে বুজি পাওঁ। ডাক্তৰৰ চেম্বাৰ হওক বা বিমানবন্দৰ হওক, এই সকলোবোৰ বুজিবলৈ মোৰ কোনো সমস্যা নাই। কিন্তু মই বুজি পাইছো যে তেওঁলোকে মোক আৰু প্ৰভাৱিত কৰিব নোৱাৰে।”

মন কৰিবলগীয়া যে সুশান্তৰ মৃত্যুৰ পিছত ৰিয়াই কোনো চলচ্চিত্ৰৰ কাম নাপালে। তেওঁ নিজৰ প’ডকাষ্টত কয় যে এতিয়া তেওঁৰ পৰিয়ালটো কেনেকৈ চলি আছে। আজিকালি তেওঁ বিভিন্ন অনুষ্ঠানত প্ৰেৰণাদায়ক ভাষণ দি ধন উপাৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ