--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহা উৎকণ্ঠাৰে আজি নিশা ৭.৩০ বজালৈ বাট চাইছে দুখন দেশৰ কোটি কোটি জনতাই। কেৱল দুখন দেশেই নে, বিশ্ব সম্প্ৰদায়ৰো উৎসুকতা ভৰা অপেক্ষা এই বিশেষ ক্ষণলৈ। এই সময়তে ডুবাইত আজি আৰম্ভ হ'ব এক হাইভল্টেজ মহাৰণৰ। তাৰ পিছতেই টেলিভিচনৰ পৰ্দাত দৃষ্টি নিবদ্ধ হৈ পৰিব বিশ্ব ক্ৰিকেটৰ কোটি কোটি অনুৰাগীৰ। বেট-বলৰ যুঁজৰ ৰোমাঞ্চ, দুই দেশৰ অনুৰাগী তথা সমৰ্থকৰ পাৰস্পৰিক বাকযুদ্ধ আৰু তাৰ সমসাময়িকভাৱে কমেণ্ট বক্সত বাজি উঠা ক্ৰিকেটীয় বিৱৰণে শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সাক্ষী হ’বলৈ সাজু হৈছে ক্ৰিকেট বিশ্ব। সাধাৰণতেই ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচ মানেই এনে এক দৃশ্যই সকলোৰে সমুখত ভাঁহি আহে। গতিকে আজি ডুবাইৰ ইণ্টাৰনেচনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপৰ মেচখনতো এনে পৰিস্থিতিৰেই আশা কৰিছে ক্ৰিকেট অনুৰাগীসকলে।

শনিবাৰৰ পৰা আৰম্ভ হোৱা এছিয়া কাপ টুৰ্ণামেণ্টৰ আজি দ্বিতীয় দিনা পৰস্পৰৰ সন্মুখীন হৈ নিজৰ অভিযান আৰম্ভ কৰিব ভাৰত আৰু পাকিস্তানে। যোৱা বৰ্ষত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপত শোচনীয় পৰাজয়ৰ পিছত আজি প্ৰথমবাৰৰ বাবে ভাৰত চুবুৰীয়া দেশখনৰ সৈতে পুনৰ মুখামুখি হ’ব। 

বিশ্বকাপৰ মেচত পৰাজয়ৰ  পিছত কঠোৰ সমালোচনাৰ সন্মুখীন হোৱা ভাৰতীয় দলে এইবাৰ  জয়ৰ লক্ষ্যৰেই অৱতীৰ্ণ হ’ব। এছিয়া কাপৰ পূৰ্বৰ ৰেকৰ্ডলৈ চালে অৱশ্যে পাকিস্তানৰ বিপক্ষে ভাৰতীয় দলৰ ৰেকৰ্ড উন্নত। এতিয়ালৈকে হোৱা ১৪ বাৰৰ মুখামুখিত ভাৰতীয় দলে ৮ বাৰ জয়ী সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে পাকিস্তান জয়ী হৈছে ৫ খন মেচত। ২০১৮ চনত অন্তিমবাৰ এছিয়া কাপৰ মুখামুখিত ভাৰতে পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰিছিল।

টি-২০ ক্ৰিকেটৰ ইতিহাসতো ভাৰত পাকিস্তানতকৈ যথেষ্ট আগবাঢ়ি আছে। দুয়োখন দেশ ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত ৯ বাৰৰ মুখামুখি হৈছে। ইয়াৰে ৭ খনত ভাৰত আৰু ২ খনত পাকিস্তান জয়ী হৈছে। অৱশ্যে এনে সমীক্ষাই ক্ৰিকেটীয় যুঁজৰ ফলাফল নিৰ্ণয় কৰিব নোৱাৰে। ইতিমধ্যে টি-২০ বিশ্বকাপৰ মুখামুখিতে পাকিস্তানে সেই প্ৰমাণ দি থৈছে। বিশেষকৈ বিশ্ব ক্ৰিকেটৰ ৰেংকিঙৰ শীৰ্ষত থকা বেটাৰ বাবৰ আজমে যি প্ৰশংসনীয় প্ৰদৰ্শনেৰে দলটোক সমুখৰ পৰা নেতৃত্ব দিছে, পাকিস্তানে এতিয়া যিকোনো পৰিস্থিতিতে বিপক্ষৰ সমুখত প্ৰত্যাহ্বান থিয় কৰাব পাৰে।

বাবৰৰ লগতে দলৰ উইকেটৰক্ষক বেটাৰ মহম্মদ ৰিজৱানো সম্প্ৰতি দুৰ্দান্ত ফৰ্মত আছে। ভাৰতৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ মেচত জয়ৰ এই দুই নায়কে আজিও পুনৰ ভাৰতৰ সমুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। তদুপৰি ফখৰ জামান আৰু আছিফ আলিৰ বিস্ফোৰক বেটিং ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিব পাৰে। অৱশ্যে দলৰ তাৰকা বলাৰ শ্বাহিন আফ্ৰিদীৰ অভাৱ অনুভূত হ’ব দলৰ বলিং আক্ৰমণত। আফ্ৰিদীৰ অনুপস্থিতিত দলৰ বলিং আক্ৰমণৰ কামান চম্ভালিব হেৰিচ ৰ’ফে। তেওঁক সহযোগ আগবঢ়াব হাচান আলি, মহম্মদ হাচনাইন, নাচিম শ্বাহ আৰু শ্বাহনৱাজ দাহানিয়ে। সেইদৰে স্পীন আক্ৰমণত থাকিব শ্বাদব খান আৰু ওচমান কাদিৰ।

ইফালে বেটিং বিভাগতে প্ৰধান অস্ত্ৰ হিচাপে লৈ এইবাৰৰ এছিয়া কাপত অৱতীৰ্ণ হ’ব ভাৰত। অধিনায়ক ৰোহিত শৰ্মাৰ লগতে ৰাহুল, কোহলী, পণ্ট, সূৰ্যকুমাৰ যাদৱৰে গঠিত বেটিং বিভাগৰ ওপৰতে দলৰ মূল ভৰসা নিৰ্ণয় কৰিব। লগত থাকিব দুই অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু ৰবীন্দ্ৰ জাদেজা। শেহতীয়া দুটা বছৰ ধৰি কোহলীৰ ফৰ্মে ভাৰতীয় দলক চিন্তাত ৰাখিছে যদিও পাকিস্তানৰ বিৰুদ্ধে আজি কোহলীয়ে ফৰ্ম ঘূৰাই পাব  বুলি আশা কৰিছে ভাৰতীয় অনুৰাগীয়ে। অৱশ্যে অভিজ্ঞ বেটাৰ দীনেশ কাৰ্তিক আৰু উদীয়মান দীপক হুডা মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা প্ৰায় কম। 

ইফালে ভাৰতীয় বলিং আক্ৰমণৰ মেৰুদণ্ডস্বৰূপ যশপ্ৰীত বুমৰাহ আঘাতৰ বাবে এছিয়া কাপৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হোৱাৰ ফলত দলৰ বলিং আক্ৰমণৰ শক্তি স্বাভাৱিকতেই কম হৈ পৰিছে। তদুপৰি আঘাতৰ বাবেই দলত নাই হৰ্ষল পেটেলো। অভিজ্ঞ চিমাৰ ভুৱনেশ্বৰ কুমাৰে নেতৃত্ব বহন কৰিবলগীয়া বলিং আক্ৰমণত সহায়ক হিচাপে থাকিব উদীয়মান পেচাৰ অৰ্শদ্বীপ সিং আৰু আভেশ খান। অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ সহযোগেও বলিং শক্তি কিছু বৃদ্ধি কৰিব।

সেইদৰে স্পীন বলিং আক্ৰমণত লেগ স্পিনাৰ চাহাল, অভিজ্ঞ ৰবিচন্দ্ৰন অশ্বিন আৰু অলৰাউণ্ডাৰ জাডেজাৰ লগতে থাকিব ৰবি বিষ্ণৈ। অৱশ্যে আজি মূল একাদশত স্পিনাৰ হিচাপে চাহাল আৰু জাডেজাৰ অন্তৰ্ভুক্তিৰহে অধিক সম্ভাৱনা আছে। কিন্তু ডুবাইৰ উইকেটৰ প্ৰতি লক্ষ্য ৰাখি অশ্বিনৰ অন্তৰ্ভুক্তিৰো সম্ভাৱনা নথকা নহয়।

প্ৰতিটো বলৰ লগে লগে মেচৰ পৰিস্থিতিৰ সলনি হ’ব পৰা চৰিত্ৰৰ বাবে ক্ৰিকেট মেচ এখনৰ পূৰ্বানুমান সম্ভৱ নহয়। তাতে ভাৰত-পাক যুঁজ মানেই দুয়োদলৰ খেলুৱৈৰ মৰণপণ প্ৰদৰ্শনৰ চেষ্টা। গতিকে স্বাভাৱিকতেই দুয়োটা শক্তিশালী দলৰ মাজত আজি এক ৰোমাঞ্চকৰ যুঁজৰ আশাত আগ্ৰহেৰে বাট চাইছে ক্ৰিকেটপ্ৰেমীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু