--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ক্ৰীড়াৰ ‘গ'ল্ডেন বয়’ খ্যাত তাৰকা জেভলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই নিজৰ কেৰিয়াৰৰ আটাইতকৈ শ্ৰেষ্ঠ স্মৃতিৰ সাক্ষী স্বৰূপ এক মূল্যবান সম্পদ আজি অলিম্পিক সংগ্ৰহালয়লৈ উপহাৰ দিয়ে। কেৱল নীৰজ বুলিয়েই নহয়, দেশৰ ক্ৰীড়া ইতিহাসৰে এক ঐতিহাসিক সমলস্বৰূপ টকিঅ' অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন চুইজাৰলেণ্ডৰ লাউচেনস্থিত অলিম্পিক সংগ্ৰহালয়লৈ উপহাৰ স্বৰূপে আগবঢ়াইছে ভাৰতীয় তাৰকা খেলুৱৈগৰাকীয়ে। এই জেভলিনেৰেই ৮৭.৫৮ মিটাৰ থ্ৰ’ কৰি চোপ্ৰাই বিগত বৰ্ষৰ টকিঅ' অলিম্পিকত স্বৰ্ণ জয়েৰে দেশৰ প্ৰথমগৰাকী স্বৰ্ণজয়ী ট্ৰেক এণ্ড ফিল্ড এথলীট হিচাপে ইতিহাস ৰচনা কৰিছিল।

আজি অলিম্পিক সংগ্ৰহালয়লৈ এই মূল্যবান সম্পদ স্বৰূপ জেভলিনডাল আগবঢ়াই Olympics.com ৰ সৈতে বাৰ্তালাপ কৰি নীৰজ চোপ্ৰাই কয়, "যিকোনো খেলুৱৈৰ বাবে আন কাৰোবাক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হোৱাটো এক গৌৰৱৰ বিষয়। সংগ্ৰহালয়ত দেখিবলৈ পোৱা অভিনৱ বিন্দ্ৰাৰ ৰাইফলে মোক যথেষ্ট অনুপ্ৰেৰণা দিয়ে। মই আশা কৰোঁ, মোৰ এই জেভলিনে ভৱিষ্যতৰ খেলুৱৈসকলৰ ওপৰত, বিশেষকৈ ভাৰতৰ খেলুৱৈসকলৰ ওপৰত এনে প্ৰভাৱ পেলাব।"

আনহাতে অনুষ্ঠানত উপস্থিত থকা ব্যক্তিগত শাখাত দেশৰ প্ৰথমগৰাকী অলিম্পিক স্বৰ্ণ বিজয়ী খেলুৱৈ অভিনৱ বিন্দ্ৰা এই বিশেষ সময়চোৱাত আবেগিক হৈ পৰে। বৰ্তমান আন্তৰ্জাতিক অলিম্পিক সমিতিৰ এথলীট আয়োগৰ সদস্য হিচাপে থকা বিন্দ্ৰাই নীৰজ চোপ্ৰাৰ জেভলিনে সংগ্ৰহালয়ত অন্তৰ্ভুক্ত হোৱাৰ বাবে আনন্দিত হোৱা বুলি জানিবলৈ দিয়ে।

“মই আনন্দিত যে, নীৰজৰ জেভলিনে এতিয়া অলিম্পিক সংগ্ৰহালয়ত বৰ্তমানলৈকে ভাৰতীয় সঙ্গীৰ অভাৱত অকলশৰীয়া হৈ থকা মোৰ ৰাইফলৰ সৈতে যোগ দিব।"- ২০০৮ চনৰ বেইজিং অলিম্পিকত স্বৰ্ণ জয়ী বিন্দ্ৰাই কয়।

আন্তৰ্জাতিক অলিম্পিক সমিতিৰ ‘হেৰিটেজ টীম’ৰ দ্বাৰা পৰিচালনা কৰা এই সংগ্ৰহালয়টোত অলিম্পিক ইতিহাসৰ স্মৃতি বিজড়িত ১২০ বছৰৰ সমৃদ্ধিশালী সম্পদৰ সংগ্ৰহ আছে। অলিম্পিক সংগ্ৰহালয়ত ৯০,০০০তকৈও অধিক শিল্পকলা, ৬৫০,০০০ আলোকচিত্ৰ, ৪৫,০০০ ঘণ্টাৰ ভিডিঅ' আৰু ১.৫ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা ঐতিহাসিক সম্পদ সংৰক্ষিত কৰা হৈছে।

উল্লেখ্য যে শনিবাৰে নীৰজ চোপ্ৰাই লাউচেনতে অনুষ্ঠিত হোৱা ডায়মণ্ড লীগৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰিছিল। এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে দেশৰ ক্ৰীড়া ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছিল নীৰজ চোপ্ৰাই। এই সাফল্যৰ লগে লগে চোপ্ৰাই অহা মাহত জুৰিখত অনুষ্ঠিত হ'বলগীয়া ডায়মণ্ড লীগ ফাইনেলৰ লগতে হাংগেৰীৰ ৰাজধানী চহৰ বুদাপেষ্টত অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপৰ বাবেও যোগ্যতা অৰ্জন কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement