--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এখন ৰাষ্টলৈ কিমান কাল অমানিশা আহিব পাৰে! সন্ত্ৰাসবাদীৰ কাল সন্ত্ৰাসৰ পৰা ক্ষন্তেকৰ বাবে পৰিত্ৰাণ পোৱা ৰাষ্ট্ৰখনলৈ পুনৰ বিভীষিকা নামি অহা ৰাষ্ট্ৰখনৰ কথাকে ক’বলৈ লৈছো৷ হয়, আফগানিস্তানত তালিবানৰ ক্ষমতালৈ অহাৰ পাছত পুনৰ জেহাদী চৰিত্ৰ লৈছে৷ তালিবানে আফগান মহিলাৰ ওপৰত জাৰি কৰিছে ইটোৰ-পাছত সিটো নিষেধাজ্ঞ৷

তালিবানে মহিলাৰ ওপৰত শেহতীয়াকৈ জাৰি কৰা নিষেধাজ্ঞ অনুসৰি মহিলাসকলে পুৰুষ- আত্মীয় অবিহনে দূৰলৈ যাত্ৰা কৰিব নোৱাৰে, অৰ্থাৎ আফগান মহিলাই অকলে ৭২ কিলোমিটাৰৰ অধিক পথ অকলে ভ্ৰমণ কৰিব নোৱাৰিব৷ তদুপৰি যিসকল মহিলাই হিজাব পৰিধান নকৰে, তেওঁলোককো গাড়ীত ভ্ৰমণ কৰিব দিয়া নহ’ব৷ ইয়াৰ পূৰ্বে তালিবানে মহিলাসকলক ধাৰাবাহিক ছবিত অভিনয় কৰাতো বাধা দিছিল৷

তালিবানে আফগানিস্তান নিজৰ দখললৈ অনাৰ পাছত আফগানিস্তানৰ বহুটো ৰাষ্ট্ৰ নেতাই দেশ ত্যাগ কৰিছিল, বৰ্তমান তেওঁলোক ক’ত আছে সেয়া বহুতৰ বাবে ৰহস্যৰ মাজত! আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে তালিবানৰ আক্ৰমণত দেশখনৰ পৰা পলায়ন কৰিছিল৷ ঘানিৰ সন্ধান এতিয়ালৈ অনিশ্চিত হৈ আছে যদিও অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কোৱা মতে তেওঁ তাজিকিস্তানলৈ ৰাওনা হৈছে, বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই কৈছিল যে তেওঁৰ অৱস্থান এতিয়াও অজ্ঞাত আৰু তালিবানে ৰাষ্ট্ৰপতি গৰাকীৰ সন্ধানত আছে। কিছুমান স্থানীয় সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ৰাষ্ট্ৰ নেতাজন এনেদৰে সন্ধানহীন হৈ থকা কথাটোক ‘কাপুৰুষ’ বুলি অভিহিত কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু