--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এখন ৰাষ্টলৈ কিমান কাল অমানিশা আহিব পাৰে! সন্ত্ৰাসবাদীৰ কাল সন্ত্ৰাসৰ পৰা ক্ষন্তেকৰ বাবে পৰিত্ৰাণ পোৱা ৰাষ্ট্ৰখনলৈ পুনৰ বিভীষিকা নামি অহা ৰাষ্ট্ৰখনৰ কথাকে ক’বলৈ লৈছো৷ হয়, আফগানিস্তানত তালিবানৰ ক্ষমতালৈ অহাৰ পাছত পুনৰ জেহাদী চৰিত্ৰ লৈছে৷ তালিবানে আফগান মহিলাৰ ওপৰত জাৰি কৰিছে ইটোৰ-পাছত সিটো নিষেধাজ্ঞ৷

তালিবানে মহিলাৰ ওপৰত শেহতীয়াকৈ জাৰি কৰা নিষেধাজ্ঞ অনুসৰি মহিলাসকলে পুৰুষ- আত্মীয় অবিহনে দূৰলৈ যাত্ৰা কৰিব নোৱাৰে, অৰ্থাৎ আফগান মহিলাই অকলে ৭২ কিলোমিটাৰৰ অধিক পথ অকলে ভ্ৰমণ কৰিব নোৱাৰিব৷ তদুপৰি যিসকল মহিলাই হিজাব পৰিধান নকৰে, তেওঁলোককো গাড়ীত ভ্ৰমণ কৰিব দিয়া নহ’ব৷ ইয়াৰ পূৰ্বে তালিবানে মহিলাসকলক ধাৰাবাহিক ছবিত অভিনয় কৰাতো বাধা দিছিল৷

তালিবানে আফগানিস্তান নিজৰ দখললৈ অনাৰ পাছত আফগানিস্তানৰ বহুটো ৰাষ্ট্ৰ নেতাই দেশ ত্যাগ কৰিছিল, বৰ্তমান তেওঁলোক ক’ত আছে সেয়া বহুতৰ বাবে ৰহস্যৰ মাজত! আফগান ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে তালিবানৰ আক্ৰমণত দেশখনৰ পৰা পলায়ন কৰিছিল৷ ঘানিৰ সন্ধান এতিয়ালৈ অনিশ্চিত হৈ আছে যদিও অভ্যন্তৰীণ মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কোৱা মতে তেওঁ তাজিকিস্তানলৈ ৰাওনা হৈছে, বৈদেশিক মন্ত্ৰালয়ৰ এজন বিষয়াই কৈছিল যে তেওঁৰ অৱস্থান এতিয়াও অজ্ঞাত আৰু তালিবানে ৰাষ্ট্ৰপতি গৰাকীৰ সন্ধানত আছে। কিছুমান স্থানীয় সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে ৰাষ্ট্ৰ নেতাজন এনেদৰে সন্ধানহীন হৈ থকা কথাটোক ‘কাপুৰুষ’ বুলি অভিহিত কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ