--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফ, দীপিকা পাডুকন হৈছে বলীউড ইণ্ডাষ্ট্ৰীৰ শীৰ্ষস্থানীয় অভিনেত্ৰী। যাৰ লগত নতুন পুৰণি সকলো অভিনেতাই কাম কৰাৰ সপোন দেখে। কিন্তু বৰুণ ধাৱানে কেটৰিনা কাঈফ আৰু দীপিকা পাডুকনৰ সৈতে কাম কৰিব নিবিচাৰে। কফি উইথ কৰণত নিজে এই কথা শ্বেয়াৰ কৰিছে বৰুণে। বৰুণৰ কথা শুনি সকলো আচৰিত হৈ পৰিছে।

কফি উইথ কৰণৰ নতুন খণ্ডটো যথেষ্ট আকৰ্ষণীয় হ’বলৈ গৈ আছে। শ্ব’টোৰ শেহতীয়া প্ৰম'টোৱে সেই কথা প্ৰমাণিত কৰিছে।। এই বিশেষ খণ্ডটোত বৰুণক অভিনেতা অনিল কাপুৰৰ সৈতে শ্ব’টোত দেখা যাব। য’ত তেওঁ পেছাদাৰী জীৱনৰ পৰা ব্যক্তিগত জীৱনৰ বিষয়ে বহু কথা আলোচনা কৰিব। প্ৰম'ত কৰণ জোহৰে বৰুণক এই প্ৰশ্নটো সুধি থকা দেখা গৈছে যে কেটৰিনা বা দীপিকা, কাৰ সৈতে আপুনি কাম কৰিব বিচাৰিব? ইয়াৰ উত্তৰত বৰুণে কয় যে ''তেওঁলোকতকৈ মোক দেখাত সৰু লাগে।'' এই উত্তৰ শুনি কৰণে সুধে যে আপুনি ক’ব বিচাৰে নেকি যে ''তেওঁলোকক আপোনাতকৈ ডাঙৰ দেখা যায়।'' বৰুণে কয় যে ''মোক সৰু দেখা যায়।'' 

বৰুণৰ কথাটো শুনি হয়তো কেটৰিনা আৰু দীপিকাৰ অলপ খং উঠিব পাৰে বুলি ধাৰণা কৰিছে সকলোৱে।

উল্লেখ্য যে বৰুণ ধাৱানৰ সদ্য মুক্তিপ্ৰাপ্ত “জুগ জুগ জিঅ’” ছবিখনে বক্স অফিচত জনপ্ৰিয় হৈ পৰিছে। এই ছবিখনত কিয়াৰা আদৱানীৰ সৈতে তেওঁৰ যুটিটোক সকলোৱে পচন্দ কৰিছে। ইয়াৰ লগতে ভেড়িয়াত কৃতী সেননৰ সৈতে বৱালত জাহ্নৱী কাপুৰৰ সৈতে দেখা যাব বৰুণক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?