--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেটৰিনা কাঈফ, দীপিকা পাডুকন হৈছে বলীউড ইণ্ডাষ্ট্ৰীৰ শীৰ্ষস্থানীয় অভিনেত্ৰী। যাৰ লগত নতুন পুৰণি সকলো অভিনেতাই কাম কৰাৰ সপোন দেখে। কিন্তু বৰুণ ধাৱানে কেটৰিনা কাঈফ আৰু দীপিকা পাডুকনৰ সৈতে কাম কৰিব নিবিচাৰে। কফি উইথ কৰণত নিজে এই কথা শ্বেয়াৰ কৰিছে বৰুণে। বৰুণৰ কথা শুনি সকলো আচৰিত হৈ পৰিছে।

কফি উইথ কৰণৰ নতুন খণ্ডটো যথেষ্ট আকৰ্ষণীয় হ’বলৈ গৈ আছে। শ্ব’টোৰ শেহতীয়া প্ৰম'টোৱে সেই কথা প্ৰমাণিত কৰিছে।। এই বিশেষ খণ্ডটোত বৰুণক অভিনেতা অনিল কাপুৰৰ সৈতে শ্ব’টোত দেখা যাব। য’ত তেওঁ পেছাদাৰী জীৱনৰ পৰা ব্যক্তিগত জীৱনৰ বিষয়ে বহু কথা আলোচনা কৰিব। প্ৰম'ত কৰণ জোহৰে বৰুণক এই প্ৰশ্নটো সুধি থকা দেখা গৈছে যে কেটৰিনা বা দীপিকা, কাৰ সৈতে আপুনি কাম কৰিব বিচাৰিব? ইয়াৰ উত্তৰত বৰুণে কয় যে ''তেওঁলোকতকৈ মোক দেখাত সৰু লাগে।'' এই উত্তৰ শুনি কৰণে সুধে যে আপুনি ক’ব বিচাৰে নেকি যে ''তেওঁলোকক আপোনাতকৈ ডাঙৰ দেখা যায়।'' বৰুণে কয় যে ''মোক সৰু দেখা যায়।'' 

বৰুণৰ কথাটো শুনি হয়তো কেটৰিনা আৰু দীপিকাৰ অলপ খং উঠিব পাৰে বুলি ধাৰণা কৰিছে সকলোৱে।

উল্লেখ্য যে বৰুণ ধাৱানৰ সদ্য মুক্তিপ্ৰাপ্ত “জুগ জুগ জিঅ’” ছবিখনে বক্স অফিচত জনপ্ৰিয় হৈ পৰিছে। এই ছবিখনত কিয়াৰা আদৱানীৰ সৈতে তেওঁৰ যুটিটোক সকলোৱে পচন্দ কৰিছে। ইয়াৰ লগতে ভেড়িয়াত কৃতী সেননৰ সৈতে বৱালত জাহ্নৱী কাপুৰৰ সৈতে দেখা যাব বৰুণক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি