--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিগনিয়েও ভাং খায়! ২২ কিলোগ্ৰাম ভাং খাই পেলালে নিগনিয়ে। নিগনিৰ কৃপাতে  অভিযুক্ত লোক দুজনক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে । চেন্নাইত ঘটিছে এই অদ্ভুত ঘটনা। দুয়োজন লোকৰ বিৰুদ্ধে ভাং সৰবৰাহৰ অভিযোগ আৰোপ কৰা হৈছিল। 

অৱশ্যে  নিগনিয়ে  জব্দ কৰা ভাং খাই  শেষ  কৰাৰ বাবেই আৰক্ষীয়ে আদালতত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে। ফলস্বৰূপে, বিচাৰকে অভিযুক্ত লোক দুজনক  চৰ্তহীনভাবে  মুক্তি প্ৰদান কৰে।

গোচৰটো ২০২০ চনত আৰম্ভ হৈছিল। একে বছৰতে ৰাজাগোপাল আৰু নাগেশ্বৰ ৰাওক মেৰিনা আৰক্ষীয়ে ২২ কিলোগ্ৰাম ভাঙৰ সৈতে ধৰা পেলাইছিল। আৰক্ষীয়ে সেই ভাং  জব্দ কৰিছিল। প্ৰাথমিক অনুসন্ধানৰ পিছত  অভিযুক্ত দুজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে শেহতীয়াকৈ গোচৰটোত অভিযোগনামা দাখিল কৰিছে । 

অৱশ্যে আদালতত আৰক্ষী বিষয়াসকলে ১০০  গ্ৰাম ভাংহে  জমা কৰিবলৈ সক্ষম হৈছে।  বিচাৰকজনে  বাকী ২১.৯ কিলোগ্ৰাম জব্দ কৰা ভাং  ক'লৈ গ’ল বুলি সোধাত অনুসন্ধানকাৰী আৰক্ষীয়ে এটা অদ্ভুত উত্তৰ দিয়ে । তেওঁ  কয়  যে ভাং খিনি সংৰক্ষণ কৰা হৈছিল। তাত বহুত  নিগনি  আছে। নিগনিবোৰে সেই ভাং  খাই শেষ কৰিলে। বিচাৰকজনে তেতিয়া প্ৰমাণৰ অভাৱত অভিযুক্ত দুজনক নিৰ্দোষী সাব্যস্ত কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস