--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিগনিয়েও ভাং খায়! ২২ কিলোগ্ৰাম ভাং খাই পেলালে নিগনিয়ে। নিগনিৰ কৃপাতে  অভিযুক্ত লোক দুজনক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে । চেন্নাইত ঘটিছে এই অদ্ভুত ঘটনা। দুয়োজন লোকৰ বিৰুদ্ধে ভাং সৰবৰাহৰ অভিযোগ আৰোপ কৰা হৈছিল। 

অৱশ্যে  নিগনিয়ে  জব্দ কৰা ভাং খাই  শেষ  কৰাৰ বাবেই আৰক্ষীয়ে আদালতত প্ৰমাণ দাখিল কৰিব নোৱাৰিলে। ফলস্বৰূপে, বিচাৰকে অভিযুক্ত লোক দুজনক  চৰ্তহীনভাবে  মুক্তি প্ৰদান কৰে।

গোচৰটো ২০২০ চনত আৰম্ভ হৈছিল। একে বছৰতে ৰাজাগোপাল আৰু নাগেশ্বৰ ৰাওক মেৰিনা আৰক্ষীয়ে ২২ কিলোগ্ৰাম ভাঙৰ সৈতে ধৰা পেলাইছিল। আৰক্ষীয়ে সেই ভাং  জব্দ কৰিছিল। প্ৰাথমিক অনুসন্ধানৰ পিছত  অভিযুক্ত দুজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। আৰক্ষীয়ে শেহতীয়াকৈ গোচৰটোত অভিযোগনামা দাখিল কৰিছে । 

অৱশ্যে আদালতত আৰক্ষী বিষয়াসকলে ১০০  গ্ৰাম ভাংহে  জমা কৰিবলৈ সক্ষম হৈছে।  বিচাৰকজনে  বাকী ২১.৯ কিলোগ্ৰাম জব্দ কৰা ভাং  ক'লৈ গ’ল বুলি সোধাত অনুসন্ধানকাৰী আৰক্ষীয়ে এটা অদ্ভুত উত্তৰ দিয়ে । তেওঁ  কয়  যে ভাং খিনি সংৰক্ষণ কৰা হৈছিল। তাত বহুত  নিগনি  আছে। নিগনিবোৰে সেই ভাং  খাই শেষ কৰিলে। বিচাৰকজনে তেতিয়া প্ৰমাণৰ অভাৱত অভিযুক্ত দুজনক নিৰ্দোষী সাব্যস্ত কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান