--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰত আজি সন্ত্ৰাসবাদীৰ জিঘাংসাৰ বলি হৈ মৃত্যুবৰণ কৰে বেংক বিষয়া বিজয় কুমাৰে৷ কৰ্মসূত্ৰে কাশ্মীৰত থকা বিজয় কুমাৰৰ ঘৰ ৰাজস্থানত৷ আজি উগ্ৰপন্থীয়ে কাশ্মীৰৰ কুলগামত ৰাজস্থানৰ হনুমানগড় জিলাৰ ভগৱান গাঁৱৰ বাসিন্দা বিজয় কুমাৰ বেনিৱালক লক্ষ্য কৰি হত্যা কৰে। সন্ত্ৰাসবাদীসকলে বেংকত প্ৰৱেশ কৰি বিজয় কুমাৰক গুলীয়াই হত্যা কৰে। তাৰ পাছতে বেংকটোত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাৰ পাছত বিজয় কুমাৰক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।

ৰাজস্থানৰ বিজয় কুমাৰ দুবছৰ পূৰ্বে বদলি হৈছিল কাশ্মীৰলৈ...
কাশ্মীৰত বিজয় কুমাৰ বেনিৱালে এলাকী দেৱাতি বেংকত মেনেজাৰ হিচাপে কৰ্মৰত আছিল। মোহনপোৰা শাখাত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীসকলে তেওঁক গুলীয়াই হত্যা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, বিজয় কুমাৰক দুবছৰ পূৰ্বে কাশ্মীৰলৈ স্থানান্তৰ কৰা হৈছিল। তেওঁৰ দেউতাক ওমপ্ৰকাশ বেনিৱাল এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক। সৰু ভায়েক অনিলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

ছমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিজয় কুমাৰ...
বিজয়ৰ বিবাহৰো বেছি দিন হোৱা নাছিল। বিজয়ে প্ৰায় ৬ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। এমাহ আগতে তেওঁ তেওঁৰ পত্নীক কাশ্মীৰলৈ লৈ গৈছিল।

সন্ত্ৰাসবাদী গোট টিআৰএফে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা...
উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা কাশ্মীৰত হিন্দুসকলক নিৰন্তৰ লক্ষ্য কৰি লোৱা হৈছে। ২০২২ চনৰ ১২ মে’ত বডগামত কাশ্মীৰী পণ্ডিত ৰাহুল ভট্টক গুলীয়াই হত্যা কৰা হয়। তেতিয়াৰ পৰা সন্ত্ৰাসবাদীৰ এই প্ৰৱণতা অব্যাহত আছে। আজিৰ ঘটনাৰ পাছত সন্ত্ৰাসবাদী সংগঠন টিআৰএফে বেংক মেনেজাৰ বিজয় বেনিৱালৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি