--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কাশ্মীৰত আজি সন্ত্ৰাসবাদীৰ জিঘাংসাৰ বলি হৈ মৃত্যুবৰণ কৰে বেংক বিষয়া বিজয় কুমাৰে৷ কৰ্মসূত্ৰে কাশ্মীৰত থকা বিজয় কুমাৰৰ ঘৰ ৰাজস্থানত৷ আজি উগ্ৰপন্থীয়ে কাশ্মীৰৰ কুলগামত ৰাজস্থানৰ হনুমানগড় জিলাৰ ভগৱান গাঁৱৰ বাসিন্দা বিজয় কুমাৰ বেনিৱালক লক্ষ্য কৰি হত্যা কৰে। সন্ত্ৰাসবাদীসকলে বেংকত প্ৰৱেশ কৰি বিজয় কুমাৰক গুলীয়াই হত্যা কৰে। তাৰ পাছতে বেংকটোত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় আৰু ঘটনাৰ পাছত বিজয় কুমাৰক এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়।

ৰাজস্থানৰ বিজয় কুমাৰ দুবছৰ পূৰ্বে বদলি হৈছিল কাশ্মীৰলৈ...
কাশ্মীৰত বিজয় কুমাৰ বেনিৱালে এলাকী দেৱাতি বেংকত মেনেজাৰ হিচাপে কৰ্মৰত আছিল। মোহনপোৰা শাখাত কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীসকলে তেওঁক গুলীয়াই হত্যা কৰে৷ প্ৰাপ্ত তথ্য অনুসৰি, বিজয় কুমাৰক দুবছৰ পূৰ্বে কাশ্মীৰলৈ স্থানান্তৰ কৰা হৈছিল। তেওঁৰ দেউতাক ওমপ্ৰকাশ বেনিৱাল এখন চৰকাৰী বিদ্যালয়ৰ শিক্ষক। সৰু ভায়েক অনিলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে।

ছমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিজয় কুমাৰ...
বিজয়ৰ বিবাহৰো বেছি দিন হোৱা নাছিল। বিজয়ে প্ৰায় ৬ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল। এমাহ আগতে তেওঁ তেওঁৰ পত্নীক কাশ্মীৰলৈ লৈ গৈছিল।

সন্ত্ৰাসবাদী গোট টিআৰএফে স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা...
উল্লেখযোগ্য যে বিগত কিছুদিনৰ পৰা কাশ্মীৰত হিন্দুসকলক নিৰন্তৰ লক্ষ্য কৰি লোৱা হৈছে। ২০২২ চনৰ ১২ মে’ত বডগামত কাশ্মীৰী পণ্ডিত ৰাহুল ভট্টক গুলীয়াই হত্যা কৰা হয়। তেতিয়াৰ পৰা সন্ত্ৰাসবাদীৰ এই প্ৰৱণতা অব্যাহত আছে। আজিৰ ঘটনাৰ পাছত সন্ত্ৰাসবাদী সংগঠন টিআৰএফে বেংক মেনেজাৰ বিজয় বেনিৱালৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস