--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আনক ভালপাৱলৈ হ’লে প্ৰথমে নিজক ভালপোৱাটো জৰুৰী। মনোবিজ্ঞানীসকলে প্ৰায়ে এই বিষয়ে কোৱা শুনিবলৈ পোৱা যায়। সেই অনুসৰি প্ৰত্যেকে নিজক ভালপোৱা, নিজৰ প্ৰতি যত্ন ৰখা, নিজকে সময় দিয়া আৰম্ভ কৰে। কিন্তু নিজকে এনেদৰে ভালপোৱাৰ নজিৰ সম্ভত ইয়াৰ পূৰ্বে দেখা নাই কোনেও। বিবাহ বন্ধন প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এটি বিশেষ মুহূৰ্ত। কাৰণ, সেই দিনটোৰ পৰাই আৰম্ভ হয় জীৱনৰ নতুন ইনিংছ। হাতে হাত ধৰি একেলগে আৰম্ভ হয় নতুন দিনৰ যাত্ৰা। এগৰাকী যুৱতী আৰু এজন যুৱকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠা কথাটোত আচৰিত হ’বলগীয়া নাই। প্ৰেম-ভালপোৱাত পুৰুষ-স্ত্ৰীৰ প্ৰভেদ নাথাকে। কিন্তু জীৱনৰ এই বিশেষ মুহূৰ্তত কোনো দৰা নাথাকিব, মন্ত্ৰোচ্চাৰণো নিজে কৰিবলগীয়া হোৱা ঘটনা হয়তো বিৰল। গুজৰাটৰ ভদোদৰাত তেনে এটা ঘটনাৰে সাক্ষী হ’বলৈ ওলাইছে দেশৰ নাগৰিকে।

২৪ বছৰীয়া ক্ষমা বিন্দু।গুজৰাটৰ বাসিন্দা।এটি বেচৰকাৰী সংস্থাত কৰ্মৰ তেওঁ। প্ৰতিগৰাকী যুৱতীৰ দৰেই ক্ষমা বিন্দুও ব্যস্ত হৈ পৰিছে নিজৰ বিয়াৰ প্ৰস্তুতিত। ১১ জুনত তেওঁৰ বিয়া। বিয়াৰ বাবে লেহেংগাৰ পৰা আৰম্ভ কৰি পাৰ্লাৰ আৰু গহনালৈকে বিধে বিধে প্ৰতিবিধ সামগ্ৰী সংগ্ৰহ কৰিছে তেওঁ। পিছে দৰা অবিহনে কিদৰে বিয়াত বহিব ক্ষমা বিন্দুৱে? শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। হয়, নিজেই নিজক বিয়া কৰাবলৈ ওলাইছে ক্ষমা বিন্দুই।

সম্পূৰ্ণ আনুষ্ঠানিকতাৰ মাজেৰে সম্পন্ন হ’ব বিন্দুৰ বিয়া। সকলো ৰীতি-নীতি অনুসৰি কপালত সেন্দুৰ ল’ব বিন্দুই। অৱশ্যে, বিয়াত নাথাকিব বিন্দুৰ দৰা, নাথাকে বৰযাত্ৰী, নাবাজে আকাশ আন্দোলিত কৰি তোলা বেণ্ডপাৰ্টীৰ সুৰীয়া সুৰ। সম্ভৱতঃ এইখনেই গুজৰাটৰ প্ৰথম একক বিবাহ হিচাপে বিবেচিত হোৱাৰ দিশে।

এই প্ৰসংগত সর্বভাৰতীয় ইংৰাজী দৈনিক কাকতত ক্ষমা বিন্দুই কয়, ‘মই কেতিয়াও বিয়াত বহিব বিচৰা নাই। কিন্তু মোৰ এটা সপোন আছিল কইনা হোৱাৰ। সেয়ে মই নিজকে নিজে বিয়া কৰাবলৈ সিদ্ধান্ত লৈছো।’ দেশৰ কোনো যুৱতীয়ে নিজেই নিজক বিয়া কৰাইছে নে নাই তাৰো সন্ধান কৰিছিল বিন্দুৱে। তেতিয়া বিন্দুৱে কয়, ‘কোনো যুৱতী তেনেদৰে বিবাহ পাশত আবদ্ধ হোৱা মোৰ চকুত নপৰিল। এনেকৈ নিজেই নিজক বিয়া কৰোৱা দেশৰ প্ৰথমগৰাকী যুৱতী হিচাপে ময়েই একমাত্ৰ যুৱতী।’

জানিবলৈ পোৱা মতে, ক্ষমা বিন্দুৱে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে। নিজকে বিয়া কৰাটো নিজৰ প্ৰতি থকা এক প্ৰতিশ্ৰুতি, নিঃচৰ্ত ভালপোৱা বুলিও সদৰী কৰে বিন্দুই। এয়া নিজকে গ্ৰহণ কৰাৰ এটা বাট। মানুহে যাক ভালপায় তেওঁকহে বিয়া কৰায়। মই নিজকে ভাল পাওঁ, সেয়ে নিজকে বিয়া কৰাবলৈ সিদ্ধান্ত ললোঁ।
কিছুমানে এনেদৰে বিয়া হোৱাটো কথাটোক অপ্রাসংগিক বুলি বিবেচনা কৰিব পাৰে৷ কিন্তু মই সেইবোৰলৈ কাণ নিদিও।’ জানিবলৈ পোৱা মতে, গোত্ৰীৰ কোনো এটা মন্দিৰত বিয়া হ’ব বিন্দুৰ। বিয়াৰ বাবে নিজৰ ওচৰত পাঁচটাকৈ প্ৰতিজ্ঞাও কৰিছে বিন্দুই। কেৱল এয়াই নহয়, বিয়াৰ পাছত হনীমুনলৈও যাব তেওঁ। হনীমুনৰ বাবে গোৱালৈ যাব তেওঁ। তাত বিন্দুৱে দুসপ্তাহ থাকিবও-অকলে। সঁচাকৈ এই যে সপোন সপোন লগা কথাবোৰ কি আচৰিত নহয়নে? চাই থাকিব প্ৰাগ ডিজিটেল.....

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস