--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আনক ভালপাৱলৈ হ’লে প্ৰথমে নিজক ভালপোৱাটো জৰুৰী। মনোবিজ্ঞানীসকলে প্ৰায়ে এই বিষয়ে কোৱা শুনিবলৈ পোৱা যায়। সেই অনুসৰি প্ৰত্যেকে নিজক ভালপোৱা, নিজৰ প্ৰতি যত্ন ৰখা, নিজকে সময় দিয়া আৰম্ভ কৰে। কিন্তু নিজকে এনেদৰে ভালপোৱাৰ নজিৰ সম্ভত ইয়াৰ পূৰ্বে দেখা নাই কোনেও। বিবাহ বন্ধন প্ৰতিগৰাকী যুৱক-যুৱতীৰ বাবে এটি বিশেষ মুহূৰ্ত। কাৰণ, সেই দিনটোৰ পৰাই আৰম্ভ হয় জীৱনৰ নতুন ইনিংছ। হাতে হাত ধৰি একেলগে আৰম্ভ হয় নতুন দিনৰ যাত্ৰা। এগৰাকী যুৱতী আৰু এজন যুৱকৰ মাজত সম্পৰ্ক গঢ় লৈ উঠা কথাটোত আচৰিত হ’বলগীয়া নাই। প্ৰেম-ভালপোৱাত পুৰুষ-স্ত্ৰীৰ প্ৰভেদ নাথাকে। কিন্তু জীৱনৰ এই বিশেষ মুহূৰ্তত কোনো দৰা নাথাকিব, মন্ত্ৰোচ্চাৰণো নিজে কৰিবলগীয়া হোৱা ঘটনা হয়তো বিৰল। গুজৰাটৰ ভদোদৰাত তেনে এটা ঘটনাৰে সাক্ষী হ’বলৈ ওলাইছে দেশৰ নাগৰিকে।

২৪ বছৰীয়া ক্ষমা বিন্দু।গুজৰাটৰ বাসিন্দা।এটি বেচৰকাৰী সংস্থাত কৰ্মৰ তেওঁ। প্ৰতিগৰাকী যুৱতীৰ দৰেই ক্ষমা বিন্দুও ব্যস্ত হৈ পৰিছে নিজৰ বিয়াৰ প্ৰস্তুতিত। ১১ জুনত তেওঁৰ বিয়া। বিয়াৰ বাবে লেহেংগাৰ পৰা আৰম্ভ কৰি পাৰ্লাৰ আৰু গহনালৈকে বিধে বিধে প্ৰতিবিধ সামগ্ৰী সংগ্ৰহ কৰিছে তেওঁ। পিছে দৰা অবিহনে কিদৰে বিয়াত বহিব ক্ষমা বিন্দুৱে? শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। হয়, নিজেই নিজক বিয়া কৰাবলৈ ওলাইছে ক্ষমা বিন্দুই।

সম্পূৰ্ণ আনুষ্ঠানিকতাৰ মাজেৰে সম্পন্ন হ’ব বিন্দুৰ বিয়া। সকলো ৰীতি-নীতি অনুসৰি কপালত সেন্দুৰ ল’ব বিন্দুই। অৱশ্যে, বিয়াত নাথাকিব বিন্দুৰ দৰা, নাথাকে বৰযাত্ৰী, নাবাজে আকাশ আন্দোলিত কৰি তোলা বেণ্ডপাৰ্টীৰ সুৰীয়া সুৰ। সম্ভৱতঃ এইখনেই গুজৰাটৰ প্ৰথম একক বিবাহ হিচাপে বিবেচিত হোৱাৰ দিশে।

এই প্ৰসংগত সর্বভাৰতীয় ইংৰাজী দৈনিক কাকতত ক্ষমা বিন্দুই কয়, ‘মই কেতিয়াও বিয়াত বহিব বিচৰা নাই। কিন্তু মোৰ এটা সপোন আছিল কইনা হোৱাৰ। সেয়ে মই নিজকে নিজে বিয়া কৰাবলৈ সিদ্ধান্ত লৈছো।’ দেশৰ কোনো যুৱতীয়ে নিজেই নিজক বিয়া কৰাইছে নে নাই তাৰো সন্ধান কৰিছিল বিন্দুৱে। তেতিয়া বিন্দুৱে কয়, ‘কোনো যুৱতী তেনেদৰে বিবাহ পাশত আবদ্ধ হোৱা মোৰ চকুত নপৰিল। এনেকৈ নিজেই নিজক বিয়া কৰোৱা দেশৰ প্ৰথমগৰাকী যুৱতী হিচাপে ময়েই একমাত্ৰ যুৱতী।’

জানিবলৈ পোৱা মতে, ক্ষমা বিন্দুৱে এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰে। নিজকে বিয়া কৰাটো নিজৰ প্ৰতি থকা এক প্ৰতিশ্ৰুতি, নিঃচৰ্ত ভালপোৱা বুলিও সদৰী কৰে বিন্দুই। এয়া নিজকে গ্ৰহণ কৰাৰ এটা বাট। মানুহে যাক ভালপায় তেওঁকহে বিয়া কৰায়। মই নিজকে ভাল পাওঁ, সেয়ে নিজকে বিয়া কৰাবলৈ সিদ্ধান্ত ললোঁ।
কিছুমানে এনেদৰে বিয়া হোৱাটো কথাটোক অপ্রাসংগিক বুলি বিবেচনা কৰিব পাৰে৷ কিন্তু মই সেইবোৰলৈ কাণ নিদিও।’ জানিবলৈ পোৱা মতে, গোত্ৰীৰ কোনো এটা মন্দিৰত বিয়া হ’ব বিন্দুৰ। বিয়াৰ বাবে নিজৰ ওচৰত পাঁচটাকৈ প্ৰতিজ্ঞাও কৰিছে বিন্দুই। কেৱল এয়াই নহয়, বিয়াৰ পাছত হনীমুনলৈও যাব তেওঁ। হনীমুনৰ বাবে গোৱালৈ যাব তেওঁ। তাত বিন্দুৱে দুসপ্তাহ থাকিবও-অকলে। সঁচাকৈ এই যে সপোন সপোন লগা কথাবোৰ কি আচৰিত নহয়নে? চাই থাকিব প্ৰাগ ডিজিটেল.....
FOLLOW US F
POPULAR
FEATURE
TRENDY
ড্ৰ'নেৰে নিক্ষেপ কৰিব পৰা ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা
যোৰহাটত ভোগদৈ নৈ, টোকোলাই জানৰ বেদখলত প্রশাসন মৌন কিয়?
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভংগ কৰিলে ইন্দিৰা গান্ধীৰ অভিলেখ
গৰমৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে নেকি ? সেৱন কৰক এই কেইটা পানীয়
কাৰ্গিল বিজয় দিৱস: ৰাষ্ট্ৰীয় শ্ৰদ্ধাঞ্জলি, অপাৰেচন বিজয়ৰ ২৬ বছৰ পূর্তি
মালদ্বীপৰ ৰাষ্ট্ৰপতি, সমগ্র কেবিনেটে আদৰিলে প্রধানমন্ত্রী মোদীক
মুক্তিৰ বাবে সাজু 'আইৰন গাৰ্লছ' , ২৫ জুলাইৰ পৰা প্ৰদৰ্শিত হ'ব অসমৰ ছবিগৃহত
ছেচং কিৰিৰ সফলতাই‌ গৌৰৱ কঢ়িয়াই আনিলে পশ্চিম কাৰ্বিআংলং জিলালৈ
গৰমৰ পৰা সকাহ পাবলৈ আপুনিও আইচক্ৰীম খায় নেকি ? আইচক্ৰীমে নষ্ট কৰিব পাৰে আপোনাৰ স্বাস্থ্য!
ব্ৰহ্মপুত্ৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণ আৰম্ভ কৰিলে চীনে
ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু এজন আৰক্ষী জোৱানৰ
ৰাছিয়াৰ তেল উদ্যোগৰ বিৰুদ্ধে নতুন নিষেধাজ্ঞা ই ইউৰ
মহিলাসকলে ৪০ বছৰৰ পাছত এইবোৰ খাদ্য খাবলৈ আৰম্ভ কৰক
অসম চৰকাৰৰ বিৰুদ্ধে মমতাৰ জেহাদ, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ