--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গাড়ী চলাওঁতে সাৱধান হওক৷ নহ’লে আপুনিও সোমাই পৰিব পাৰে এনে তালিকাত৷ বিগত দুটা বৰ্ষত মহামাৰী ক’ভিডৰ কৱলত পৰি বহু লোকৰ মৃত্যু হৈছে৷ কিন্তু আশ্চৰ্যকৰ বিষয় যে, ক’ভিডতকৈ মৃত্যুৰ সংখ্যা সৰহ পথ দুৰ্ঘটনাতহে৷ উত্তৰ-প্ৰদেশৰ নয়ডাত চলোৱা এক সমীক্ষাৰ পাছতে চৰকাৰী তথ্যত প্ৰকাশ পায় এই ভয়ংকৰ তথ্য৷

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি গৌতম বুদ্ধ নগৰ জিলাৰ দুখন চহৰত বিগত দুটা বছৰত মৃত্যু ঘটিছিল ৪৬৮জন লোকৰ৷ ইয়াৰ বিপৰীতে জিলাখনত বিভিন্ন পথদুৰ্ঘটনাত ২০২০ বৰ্ষটোত ৩৮০ জন আৰু ২০২১ বৰ্ষত মৃত্যু ঘটে ৩২০জন লোকৰ৷ সৰ্বমুঠ দুটা বছৰতে ৭০০ লোকৰ মৃত্যু হয় দুৰ্ঘটনাত৷ অৱশ্যে এই সমীক্ষাত ডিচেম্বৰ মাহৰ তথ্য ধৰা হোৱা নাই৷

আনহাতে, সোমবাৰলৈকে গৌতম বুদ্ধ নগৰত ৫৬জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ ২০২০ বৰ্ষৰ মাৰ্চ মাহত ধৰা পৰিছিল প্ৰথমজন ক’ভিড ৰোগী৷ আৰক্ষীয়ে জনোৱা মতে, বিগত দুটা বৰ্ষত ১,৪৪২টা পথদুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় জিলাখনত৷ লগতে মুঠ ১,০৩২জন লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ২০২০ বৰ্ষত ৫২৮জন আৰু ২০২১ বৰ্ষত ৫০৪জন আহত হোৱা বুলি তথ্যত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা