--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: গাড়ী চলাওঁতে সাৱধান হওক৷ নহ’লে আপুনিও সোমাই পৰিব পাৰে এনে তালিকাত৷ বিগত দুটা বৰ্ষত মহামাৰী ক’ভিডৰ কৱলত পৰি বহু লোকৰ মৃত্যু হৈছে৷ কিন্তু আশ্চৰ্যকৰ বিষয় যে, ক’ভিডতকৈ মৃত্যুৰ সংখ্যা সৰহ পথ দুৰ্ঘটনাতহে৷ উত্তৰ-প্ৰদেশৰ নয়ডাত চলোৱা এক সমীক্ষাৰ পাছতে চৰকাৰী তথ্যত প্ৰকাশ পায় এই ভয়ংকৰ তথ্য৷

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি গৌতম বুদ্ধ নগৰ জিলাৰ দুখন চহৰত বিগত দুটা বছৰত মৃত্যু ঘটিছিল ৪৬৮জন লোকৰ৷ ইয়াৰ বিপৰীতে জিলাখনত বিভিন্ন পথদুৰ্ঘটনাত ২০২০ বৰ্ষটোত ৩৮০ জন আৰু ২০২১ বৰ্ষত মৃত্যু ঘটে ৩২০জন লোকৰ৷ সৰ্বমুঠ দুটা বছৰতে ৭০০ লোকৰ মৃত্যু হয় দুৰ্ঘটনাত৷ অৱশ্যে এই সমীক্ষাত ডিচেম্বৰ মাহৰ তথ্য ধৰা হোৱা নাই৷

আনহাতে, সোমবাৰলৈকে গৌতম বুদ্ধ নগৰত ৫৬জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে৷ ২০২০ বৰ্ষৰ মাৰ্চ মাহত ধৰা পৰিছিল প্ৰথমজন ক’ভিড ৰোগী৷ আৰক্ষীয়ে জনোৱা মতে, বিগত দুটা বৰ্ষত ১,৪৪২টা পথদুৰ্ঘটনাৰ ঘটনা সংঘটিত হয় জিলাখনত৷ লগতে মুঠ ১,০৩২জন লোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে ২০২০ বৰ্ষত ৫২৮জন আৰু ২০২১ বৰ্ষত ৫০৪জন আহত হোৱা বুলি তথ্যত প্ৰকাশ পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন