--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড, অ'মিক্ৰনৰ শংকাত এতিয়া দেশবাসী৷ দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হালধীয়া সতৰ্কতা জাৰি কৰিছে ক'ভিডৰ সংক্ৰমণক লৈ৷ বিগত ৬ মাহত সোমবাৰৰ দিনটোত দিল্লীত আক্ৰান্তৰ সংখ্যা আছিল সৰ্বাধিক ৩৩১ জন লোক। প্ৰতিদিনে দিল্লীত অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈ দিল্লীত ১৪২ জন লোক আক্ৰান্ত হৈছে অ’মিক্ৰনত। ভাৰতত শেহতীয়াকৈ ৪৬জন অ'মিক্ৰন আক্ৰান্ত ৰোগী ধৰা পৰে৷ ইয়াৰ লগে লগে দেশত মুঠ ৭১৭জনলৈ বৃদ্ধি পায় অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা৷

সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ ৩ জানুৱাৰীৰ পৰা দেশব্যাপি আৰম্ভ হ'ব ১৮ অনূৰ্ধ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। দেশৰ লগতে অসমতো প্ৰদান কৰা হ'ব প্ৰতিষেধক। ইতিমধ্যে প্ৰতিষেধক প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ। প্ৰথম পৰ্যায়ত ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক সামৰি ল'ব বুলি জানিব পৰা গৈছে৷

ইফালে, ৰাজ্যত প্ৰথম পালি প্ৰতিষেধক বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়াৰ কথা জানিবলৈ দিয়ে ৰাজ্যৰ শিক্ষা বিভাগে। উল্লেখ্য যে, দেশত অ'মিক্ৰণৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিনৰ দিনটোতে ৩ জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক টিকাকৰণৰ কথা ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা