--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড, অ'মিক্ৰনৰ শংকাত এতিয়া দেশবাসী৷ দিল্লীত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে হালধীয়া সতৰ্কতা জাৰি কৰিছে ক'ভিডৰ সংক্ৰমণক লৈ৷ বিগত ৬ মাহত সোমবাৰৰ দিনটোত দিল্লীত আক্ৰান্তৰ সংখ্যা আছিল সৰ্বাধিক ৩৩১ জন লোক। প্ৰতিদিনে দিল্লীত অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। বৰ্তমানলৈ দিল্লীত ১৪২ জন লোক আক্ৰান্ত হৈছে অ’মিক্ৰনত। ভাৰতত শেহতীয়াকৈ ৪৬জন অ'মিক্ৰন আক্ৰান্ত ৰোগী ধৰা পৰে৷ ইয়াৰ লগে লগে দেশত মুঠ ৭১৭জনলৈ বৃদ্ধি পায় অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যা৷

সংক্ৰমণ বৃদ্ধিৰ সমান্তৰালকৈ ৩ জানুৱাৰীৰ পৰা দেশব্যাপি আৰম্ভ হ'ব ১৮ অনূৰ্ধ কিশোৰ-কিশোৰীক প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া। দেশৰ লগতে অসমতো প্ৰদান কৰা হ'ব প্ৰতিষেধক। ইতিমধ্যে প্ৰতিষেধক প্ৰদানৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে স্বাস্থ্য বিভাগ। প্ৰথম পৰ্যায়ত ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীক সামৰি ল'ব বুলি জানিব পৰা গৈছে৷

ইফালে, ৰাজ্যত প্ৰথম পালি প্ৰতিষেধক বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক অগ্ৰাধিকাৰ দিয়াৰ কথা জানিবলৈ দিয়ে ৰাজ্যৰ শিক্ষা বিভাগে। উল্লেখ্য যে, দেশত অ'মিক্ৰণৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰদিনৰ দিনটোতে ৩ জানুৱাৰীৰ পৰা ১৫ ৰ পৰা ১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীক টিকাকৰণৰ কথা ঘোষণা কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন