--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উদয়পুৰৰ লীলা পেলেছত চলিছে ৰাঘৱ-পৰিণীতিৰ বিবাহৰ প্ৰস্তুতি। প্ৰায় এসপ্তাহজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে অনুষ্ঠিত হ’ব বিবাহ। 

আপ সাংসদ ৰাঘৱ চাদ্ধা আৰু বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা আবদ্ধ হ’ব বিবাহ-বান্ধোনত। উদয়পুৰৰ হোটেল লীলা পেলেছক ইতিমধ্যে জাক-জমকতাৰে সজাই তোলা হৈছে। অতি গোপনে বিবাহৰ মহাআয়োজন চলিছে ৰাজস্থানৰ উদয়পুৰত। 

ইতিমধ্যে লীলা পেলেছত উপস্থিত হৈছে ‘চেলিব্ৰিটী-কাপল’ ৰাঘৱ-পৰিণীতি। বিবাহ উপলক্ষে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে লীলা পেলেছত। নিৰাপত্তাৰ দায়িত্বত থাকিব প্ৰায় ১০০ৰো অধিক প্ৰাইভেট ছিকিউৰিটী গাৰ্ড। বিবাহৰ বাবে উদয়পুৰৰ বিভিন্ন ঠাইত চলোৱা হৈছে তালাচী। 

বিবাহৰ কাৰ্যসূচী গোপনে ৰাখিবলৈ সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে লীলা পেলেছত। অতিথিসকলৰ পৰিচয়ো ৰখা হৈছে গোপনে। লীলা পেলেছত অতিথিসকলে যাতে বিবাহৰ মুহূৰ্ত কেমেৰাত বন্দী কৰিব নোৱাৰে তাৰ বাবেও লোৱা হৈছে ব্যৱস্থা।

প্ৰৱেশৰ পাছতেই অতিথিৰ কেমেৰাত লগোৱা হ’ব ব্লু টেপ। ৩ দিন ধৰি লীলা পেলেছতে আবদ্ধ থাকিব লাগিব হোটেলখনৰ কৰ্মচাৰী। উল্লেখ্য যে বলীউডৰ লগতে ৰাজনৈতিক ক্ষেত্ৰৰো অতিথি উপস্থিত থাকিব বিবাহ অনুষ্ঠানত। 

অতিথিৰ তালিকাত আছে প্ৰিয়ংকা চোপ্ৰা, নিক জোনাছ, ছানিয়া মিৰ্জা, কৰণ জোহৰকে আদি কৰি বহু তাৰকা। ঠিক সেইদৰে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা অৰবিন্দ কেজৰিৱাল, ভাগৱন্ত মান, অশোক গেহলট আদি নেতা উপস্থিত থাকিব বিবাহ অনুষ্ঠানত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল