--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উদয়পুৰৰ লীলা পেলেছত চলিছে ৰাঘৱ-পৰিণীতিৰ বিবাহৰ প্ৰস্তুতি। প্ৰায় এসপ্তাহজোৰা কাৰ্যসূচীৰে উলহ-মালহেৰে অনুষ্ঠিত হ’ব বিবাহ। 

আপ সাংসদ ৰাঘৱ চাদ্ধা আৰু বলীউডৰ মোহময়ী অভিনেত্ৰী পৰিণীতি চোপ্ৰা আবদ্ধ হ’ব বিবাহ-বান্ধোনত। উদয়পুৰৰ হোটেল লীলা পেলেছক ইতিমধ্যে জাক-জমকতাৰে সজাই তোলা হৈছে। অতি গোপনে বিবাহৰ মহাআয়োজন চলিছে ৰাজস্থানৰ উদয়পুৰত। 

ইতিমধ্যে লীলা পেলেছত উপস্থিত হৈছে ‘চেলিব্ৰিটী-কাপল’ ৰাঘৱ-পৰিণীতি। বিবাহ উপলক্ষে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে লীলা পেলেছত। নিৰাপত্তাৰ দায়িত্বত থাকিব প্ৰায় ১০০ৰো অধিক প্ৰাইভেট ছিকিউৰিটী গাৰ্ড। বিবাহৰ বাবে উদয়পুৰৰ বিভিন্ন ঠাইত চলোৱা হৈছে তালাচী। 

বিবাহৰ কাৰ্যসূচী গোপনে ৰাখিবলৈ সকলোধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে লীলা পেলেছত। অতিথিসকলৰ পৰিচয়ো ৰখা হৈছে গোপনে। লীলা পেলেছত অতিথিসকলে যাতে বিবাহৰ মুহূৰ্ত কেমেৰাত বন্দী কৰিব নোৱাৰে তাৰ বাবেও লোৱা হৈছে ব্যৱস্থা।

প্ৰৱেশৰ পাছতেই অতিথিৰ কেমেৰাত লগোৱা হ’ব ব্লু টেপ। ৩ দিন ধৰি লীলা পেলেছতে আবদ্ধ থাকিব লাগিব হোটেলখনৰ কৰ্মচাৰী। উল্লেখ্য যে বলীউডৰ লগতে ৰাজনৈতিক ক্ষেত্ৰৰো অতিথি উপস্থিত থাকিব বিবাহ অনুষ্ঠানত। 

অতিথিৰ তালিকাত আছে প্ৰিয়ংকা চোপ্ৰা, নিক জোনাছ, ছানিয়া মিৰ্জা, কৰণ জোহৰকে আদি কৰি বহু তাৰকা। ঠিক সেইদৰে ৰাজনৈতিক ক্ষেত্ৰৰ পৰা অৰবিন্দ কেজৰিৱাল, ভাগৱন্ত মান, অশোক গেহলট আদি নেতা উপস্থিত থাকিব বিবাহ অনুষ্ঠানত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা