--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে ৰাজ্যসভাতো মহিলাসকলৰ বাবে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত ৩৩% আসন সংৰক্ষণ কৰা বিধেয়কখন গৃহীত হোৱাৰ পাছত বিজেপিয়ে ঐতিহাসিক আইনখনক লৈ ছ’চিয়েল মিডিয়া কেম্পেইন চলোৱা পৰিলক্ষিত হয়৷ 

আনকি বিৰোধী দলৰ সদস্যসকলে বিলম্বিত ৰূপায়ণৰ সময়সীমাক লৈ সমালোচনা কৰে। অৱশ্যে, তাৰমাজতে শুকুৰবাৰৰ দিনটোত বিজেপি সাংসদ ৰমেশ বিধুৰীয়ে লোকসভাত বিএছপি সাংসদ দানিশ আলীক লৈ কৰা মন্তব্যই দেশত সূচনা কৰিলে নতুন বিতৰ্কৰ৷

শুকুৰবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এক ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংৰক্ষণ বিধেয়কখন ‘অমৃত কাল’ৰ দিশত এক পদক্ষেপ আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ ওপৰত বিজেপি চৰকাৰৰ গুৰুত্বৰ প্ৰমাণ। তেওঁ কৈছিল যে চৰকাৰে লাখ লাখ মাতৃ আৰু ভগ্নীৰ সপোন পূৰণ কৰিছে। 

কিন্তু, কেইবাটাও বিৰোধী দলে বিধেয়কখনৰ বিলম্বিত ৰূপায়ণক লৈ চৰকাৰক সমালোচনা অব্যাহত ৰাখিছিল৷ ধাৰণা কৰা হৈছে যে পৰৱৰ্তী লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পাছতহে কাৰ্যকৰী হ’ব এই বিধেয়ক আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণৰ পাছতহে সমগ্ৰ দিশ স্পষ্ট হৈ পৰিব৷





অৱশ্যে বৃহস্পতিবাৰে দক্ষিণ দিল্লীৰ সাংসদ বিধুৰীয়ে কৰা মন্তব্যৰ ওপৰত বিজেপিৰ কোনো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নগ’ল৷ ছ’চিয়েল মিডিয়াত বিৰোধীয়ে এই বিষয়টোক জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷

বিএছপি সাংসদ দানিশ আলীয়ে অধ্যক্ষ ওম বিৰলালৈ লিখা পত্ৰ ‘এক্স’ত পোষ্ট কৰি কয় যে এইটো সংসদীয় গণতন্ত্ৰ আৰু নতুন সংসদত প্ৰথম আক্ৰমণ৷

বিৰোধী দলবোৰে বিজেপি আৰু বিধুৰীক সমালোচনা কৰাত একমত হৈছিল। কংগ্ৰেছে কৈছিল যে মোদীয়ে এই মন্তব্যবোৰ প্ৰচাৰ কৰিব৷ জয়ৰাম ৰমেশে কয়, দুজন প্ৰাক্তন কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী ৰবি শংকৰ প্ৰসাদ আৰু হৰ্ষ বৰ্ধনে তেওঁলোকৰ দলৰ সতীৰ্থৰ আপত্তিজনক কথাবোৰত নিৰ্লজ্জভাৱে হাঁহি আছিল৷ গণতন্ত্ৰ আৰু সংসদীয় পৰম্পৰা কলুষিত কৰা এই ঘটনাক নিন্দা কৰে ৰমেশে৷

আনহাতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে শুকুৰবাৰে সংবাদমেলত কয় যে এইটো অপৰাধমূলক ঘটনাতকৈ কম নহয়।

তৃণমূল কংগ্ৰেছে ইয়াক অশ্লীলতাৰ প্ৰতীক বুলি অভিহিত কৰিছিল আৰু ভৱিষ্যদ্বাণী কৰিছিল যে প্ৰধানমন্ত্ৰীয়ে বিষয়টোত নীৰৱ হৈ থাকিব।  নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সাংসদ সুপ্ৰিয়া চুলেই কৈছিল যে এই ঘটনাক সঠিকভাৱে মোকাবিলা নকৰিলে ভৱিষ্যতৰ সকলো আলোচনাৰ বাবে এক দৃষ্টান্ত স্থাপন কৰিব। তেওঁ লোকসভাৰ মহাসচিবলৈ এখন পত্ৰও প্ৰেৰণ কৰিছে, য’ত তেওঁ কৈছিল যে ঘটনাটো বিশেষাধিকাৰ ভংগ আৰু বিষয়টো তদন্ত কৰিবলৈ বিশেষাধিকাৰ সমিতিলৈ প্ৰেৰণ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা