--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকি-মেইটেইৰ সংঘৰ্ষত উত্তপ্ত হৈ পৰা মণিপুৰত উদ্ধাৰ হৈছে বহু অস্ত্ৰ৷ বীৰেন সিং চৰকাৰে হিংসাপীড়িত মণিপুৰত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে শুক্ৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই সন্দৰ্ভত এখন শপতনামা দাখিল কৰা হয়। আৰু এই প্ৰতিবেদন কেৱল বিচাৰকসকলৰ বাবেহে বুলি তেওঁ উল্লেখ কৰে।

৬ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰ আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। মণিপুৰ চৰকাৰে শুক্ৰবাৰে এই সন্দৰ্ভত  প্ৰতিবেদন দাখিল কৰে। মেহতাই কয় যে এই বিষয়ত  সকলো তথ্য উচ্চতম ন্যায়ালয়ৰ নিযুক্ত সমিতিৰ দৃষ্টিগোচৰ কৰা হৈছে। পেনেলে সেইবোৰ চাই আছে। বিষয়টো ২৫ ছেপ্টেম্বৰত শুনানিৰ বাবে পুনৰ গ্ৰহণ কৰা হৈছে৷ যোৱা মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সংঘৰ্ষজৰ্জৰ  মণিপুৰত সাহায্য, পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণৰ দৰে বিষয়বোৰ চোৱাচিতা কৰিবলৈ  এখন নতুন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল। 

সমিতিখনত জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টাল আৰু বোম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিনী ফুনচালকাৰ যোশী আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আশা মেননো সমিতি খনত  থাকিব। সমিতিখনৰ নেতৃত্ব দিব প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টালে। এই সমিতিখনে মণিপুৰৰ ভুক্তভোগীসকলৰ বাবে কাম কৰিব। ই ভুক্তভোগীসকলক সকাহ, পুনৰ্সংস্থাপন, ক্ষতিপূৰণআদি বিষয়সমূহ  তত্বাৱধান কৰিব।

মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে ৩ মে'ত 'ট্ৰাইবেল ছলিডাৰিটি মাৰ্চ' আৰম্ভ কৰিছিল। সমদলটোৰ উদ্দেশ্য আছিল মেইটেইসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰা৷ সেই সমদলৰ পিছৰে পৰাই মণিপুৰৰ পৰিস্থিতি হিংসাত্মক হৈ পৰিছিল। ৰাজ্যজুৰি হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তেতিয়াৰ পৰা, যোৱা পাঁচ মাহত তাত ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। বহু লোক আহত হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল