--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকি-মেইটেইৰ সংঘৰ্ষত উত্তপ্ত হৈ পৰা মণিপুৰত উদ্ধাৰ হৈছে বহু অস্ত্ৰ৷ বীৰেন সিং চৰকাৰে হিংসাপীড়িত মণিপুৰত উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ সংখ্যা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছে। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে শুক্ৰবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন বিচাৰপীঠৰ সন্মুখত এই সন্দৰ্ভত এখন শপতনামা দাখিল কৰা হয়। আৰু এই প্ৰতিবেদন কেৱল বিচাৰকসকলৰ বাবেহে বুলি তেওঁ উল্লেখ কৰে।

৬ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰ আৰু আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহক উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰৰ বিষয়ে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। মণিপুৰ চৰকাৰে শুক্ৰবাৰে এই সন্দৰ্ভত  প্ৰতিবেদন দাখিল কৰে। মেহতাই কয় যে এই বিষয়ত  সকলো তথ্য উচ্চতম ন্যায়ালয়ৰ নিযুক্ত সমিতিৰ দৃষ্টিগোচৰ কৰা হৈছে। পেনেলে সেইবোৰ চাই আছে। বিষয়টো ২৫ ছেপ্টেম্বৰত শুনানিৰ বাবে পুনৰ গ্ৰহণ কৰা হৈছে৷ যোৱা মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে সংঘৰ্ষজৰ্জৰ  মণিপুৰত সাহায্য, পুনৰ্সংস্থাপন আৰু ক্ষতিপূৰণৰ দৰে বিষয়বোৰ চোৱাচিতা কৰিবলৈ  এখন নতুন সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিছিল। 

সমিতিখনত জম্মু আৰু কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টাল আৰু বোম্বাই উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিনী ফুনচালকাৰ যোশী আছে। দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আশা মেননো সমিতি খনত  থাকিব। সমিতিখনৰ নেতৃত্ব দিব প্ৰাক্তন ন্যায়াধীশ গীতা মিট্টালে। এই সমিতিখনে মণিপুৰৰ ভুক্তভোগীসকলৰ বাবে কাম কৰিব। ই ভুক্তভোগীসকলক সকাহ, পুনৰ্সংস্থাপন, ক্ষতিপূৰণআদি বিষয়সমূহ  তত্বাৱধান কৰিব।

মণিপুৰৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে ৩ মে'ত 'ট্ৰাইবেল ছলিডাৰিটি মাৰ্চ' আৰম্ভ কৰিছিল। সমদলটোৰ উদ্দেশ্য আছিল মেইটেইসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰা৷ সেই সমদলৰ পিছৰে পৰাই মণিপুৰৰ পৰিস্থিতি হিংসাত্মক হৈ পৰিছিল। ৰাজ্যজুৰি হিংসাত্মক ঘটনা সংঘটিত হৈছিল। তেতিয়াৰ পৰা, যোৱা পাঁচ মাহত তাত ২০০ ৰো অধিক লোকৰ মৃত্যু হৈছে। বহু লোক আহত হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা