--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষাকেন্দ্ৰ সুৰ সংগমৰ বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘সুৰ সংগম সংগীত আৰু নৃত্য মহোৎসৱ ২০২৪’৷ যোৱা ৫ আৰু ৬ অক্টোবৰত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই মহোৎসৱ অনুষ্ঠিত হয়৷ মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰদৰ্শিত হয় ‘দেৱী’৷ 

কথক নৃত্যশৈলীত প্ৰদৰ্শিত এই নৃত্যনাটিকাখনত দুৰ্গা দেৱীৰ চৰিত্ৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মেঘৰঞ্জনী মেধিয়ে আৰু আদ্যা দেৱীৰ চৰিত্ৰত অভিনেত্ৰী তথা কথক নৃত্যশিল্পী সুনীতা কৌশিকে অভিনয় কৰে৷ 

‘দেৱী’ত পোনপ্ৰথমবাৰৰ বাবে ওজাপালি, দেওধনি, আইনাম, ৰণচণ্ডী আদি কেইবাটাও অসমীয়া লোকসংস্কৃতিৰ কথকৰ সৈতে সংযোজন ঘটোৱা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধিৰ কৰিঅ’গ্ৰাফী আৰু পৰিচালনাৰে সজাই তোলা ‘দেৱী’য়ে দৰ্শকৰ যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হয়৷ নৃত্যনাটিকাখনৰ চিত্ৰনাট্য আৰু সংগীত ভাস্কৰজ্যোতি ওজাৰ৷ মেঘৰঞ্জনী মেধি সহকাৰী নৃত্য পৰিচালক৷ 

অভিনেতা কপিল বৰাই ধাৰা বিৱৰণী দিয়ে আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধি, অমৃতপ্ৰভা মহন্ত, সঞ্জয় শইকীয়া, ভাস্কৰজ্যোতি ওজা, মীনাক্ষি কলিতা, সবিতা বৰ্মন আৰু ধ্ৰুৱজ্যোতি বৰুৱাই কণ্ঠদান কৰে৷ নৃত্যনাটিকাখনৰ বাবে তপন বৰুৱাই কৰা আলোকসজ্জাই প্ৰেক্ষাগৃহত এক স্বৰ্গীয় আৰু মায়াময় পৰিৱেশৰ সৃষ্টি কৰে৷ উমাকান্ত সোণোৱালে মঞ্চসজ্জা কৰা ’দেৱী’ৰ ভিজুৱেল এফেক্ট আৰু এনিমেশ্যন কৌশিক নাথৰ৷ গ্ৰাফিক ডিজাইন আৰু ভি এফ এক্স সূৰ্যপ্ৰকাশ মেধিৰ৷ ছাউণ্ড ডিজাইন অভিজিত বৰ্মনৰ৷ গুৰু মৰমী মেধিৰ জ্যেষ্ঠ শিক্ষাৰ্থীসকলেও 'দেৱী’ত অংশগ্ৰহণ কৰে৷ 

মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে সূৰ্যপ্ৰকাশ মেধি আৰু অমৃতপ্ৰভা মহন্তই কণ্ঠদান কৰা 'কোৱা না কোৱা' শীৰ্ষক এটা ৰোমাণ্টিক গীত উন্মোচন কৰা হয়৷ বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে গীতটো উন্মোচন কৰে। ইয়াৰ পিছতেই সূৰ্যপ্ৰকাশ আৰু অমৃতপ্ৰভাই মঞ্চত গীতটো পৰিৱেশন কৰে।

মহোৎসৱৰ প্ৰথম দিনা সুৰ  সংগমৰ সংগীত আৰু নৃত্যৰ ন-পুৰণি শিক্ষাৰ্থীসকলৰ লগতে বিশিষ্ট সংগীতজ্ঞ জয়প্ৰকাশ মেধিয়েও অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত তেওঁক সহযোগ কৰে তেওঁৰ জ্যেষ্ঠ শিষ্যাদ্বয় ঈপ্সিতা দুৱৰা আৰু সংগীতা গগৈয়ে। কৌশিক কোঁৱৰ, কামান গগৈ, ৰাজু আনছাৰি, ভাবীৰাম বড়ো আৰু তপন চন্দ্ৰ ডেকাই তেওঁলোকক বাদ্যযন্ত্ৰত সহযোগ কৰে। 

মহোৎসৱৰ প্ৰথম দিনাৰ অনুষ্ঠানত মিণ্টু দাস আৰু অংকুৰ দাসে ভৰত নাট্যম প্ৰদৰ্শন কৰাৰ লগতে বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ নিৰ্দেশনাত ক্ষীৰোদ বৰা, দীপান্বিতা ডেকা আৰু টিনা মেধিয়ে 'মোক্ষ' শীৰ্ষক সত্ৰীয়া নৃত্যৰ এক অনুষ্ঠান পৰিৱেশন কৰে। মৰমী মেধিৰ জ্যেষ্ঠ শিষ্যদ্বয় দীপশিখা বৰুৱা আৰু ইন্দ্ৰজিত চক্ৰৱৰ্তীয়ে নজৰুল গীতিত এটি নৃত্য পৰিৱেশন কৰে। 

বিশিষ্ট কথক নৃত্যগুৰু বিপুল দাস, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য গুৰুদ্বয় শাৰদী শইকীয়া আৰু অনিতা শৰ্মা, স্বপ্ননীল বৰুৱা, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি দুয়োদিনৰ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু