--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজ্যৰ আগশাৰীৰ শাস্ত্ৰীয় সংগীত আৰু নৃত্যৰ শিক্ষাকেন্দ্ৰ সুৰ সংগমৰ বৰ্ষপূৰ্তি উপলক্ষে দুদিনীয়াকৈ অনুষ্ঠিত হয় ‘সুৰ সংগম সংগীত আৰু নৃত্য মহোৎসৱ ২০২৪’৷ যোৱা ৫ আৰু ৬ অক্টোবৰত মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এই মহোৎসৱ অনুষ্ঠিত হয়৷ মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত প্ৰদৰ্শিত হয় ‘দেৱী’৷ 

কথক নৃত্যশৈলীত প্ৰদৰ্শিত এই নৃত্যনাটিকাখনত দুৰ্গা দেৱীৰ চৰিত্ৰত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যাংগনা মেঘৰঞ্জনী মেধিয়ে আৰু আদ্যা দেৱীৰ চৰিত্ৰত অভিনেত্ৰী তথা কথক নৃত্যশিল্পী সুনীতা কৌশিকে অভিনয় কৰে৷ 

‘দেৱী’ত পোনপ্ৰথমবাৰৰ বাবে ওজাপালি, দেওধনি, আইনাম, ৰণচণ্ডী আদি কেইবাটাও অসমীয়া লোকসংস্কৃতিৰ কথকৰ সৈতে সংযোজন ঘটোৱা হৈছে৷ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কথক নৃত্যগুৰু মৰমী মেধিৰ কৰিঅ’গ্ৰাফী আৰু পৰিচালনাৰে সজাই তোলা ‘দেৱী’য়ে দৰ্শকৰ যথেষ্ট সমাদৰ বুটলিবলৈ সক্ষম হয়৷ নৃত্যনাটিকাখনৰ চিত্ৰনাট্য আৰু সংগীত ভাস্কৰজ্যোতি ওজাৰ৷ মেঘৰঞ্জনী মেধি সহকাৰী নৃত্য পৰিচালক৷ 

অভিনেতা কপিল বৰাই ধাৰা বিৱৰণী দিয়ে আৰু বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ জয়প্ৰকাশ মেধি, অমৃতপ্ৰভা মহন্ত, সঞ্জয় শইকীয়া, ভাস্কৰজ্যোতি ওজা, মীনাক্ষি কলিতা, সবিতা বৰ্মন আৰু ধ্ৰুৱজ্যোতি বৰুৱাই কণ্ঠদান কৰে৷ নৃত্যনাটিকাখনৰ বাবে তপন বৰুৱাই কৰা আলোকসজ্জাই প্ৰেক্ষাগৃহত এক স্বৰ্গীয় আৰু মায়াময় পৰিৱেশৰ সৃষ্টি কৰে৷ উমাকান্ত সোণোৱালে মঞ্চসজ্জা কৰা ’দেৱী’ৰ ভিজুৱেল এফেক্ট আৰু এনিমেশ্যন কৌশিক নাথৰ৷ গ্ৰাফিক ডিজাইন আৰু ভি এফ এক্স সূৰ্যপ্ৰকাশ মেধিৰ৷ ছাউণ্ড ডিজাইন অভিজিত বৰ্মনৰ৷ গুৰু মৰমী মেধিৰ জ্যেষ্ঠ শিক্ষাৰ্থীসকলেও 'দেৱী’ত অংশগ্ৰহণ কৰে৷ 

মহোৎসৱৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ আৰম্ভণিতে সূৰ্যপ্ৰকাশ মেধি আৰু অমৃতপ্ৰভা মহন্তই কণ্ঠদান কৰা 'কোৱা না কোৱা' শীৰ্ষক এটা ৰোমাণ্টিক গীত উন্মোচন কৰা হয়৷ বিশিষ্ট সংগীত শিল্পী পুলক বেনাৰ্জীয়ে আনুষ্ঠানিকভাৱে গীতটো উন্মোচন কৰে। ইয়াৰ পিছতেই সূৰ্যপ্ৰকাশ আৰু অমৃতপ্ৰভাই মঞ্চত গীতটো পৰিৱেশন কৰে।

মহোৎসৱৰ প্ৰথম দিনা সুৰ  সংগমৰ সংগীত আৰু নৃত্যৰ ন-পুৰণি শিক্ষাৰ্থীসকলৰ লগতে বিশিষ্ট সংগীতজ্ঞ জয়প্ৰকাশ মেধিয়েও অনুষ্ঠান পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানত তেওঁক সহযোগ কৰে তেওঁৰ জ্যেষ্ঠ শিষ্যাদ্বয় ঈপ্সিতা দুৱৰা আৰু সংগীতা গগৈয়ে। কৌশিক কোঁৱৰ, কামান গগৈ, ৰাজু আনছাৰি, ভাবীৰাম বড়ো আৰু তপন চন্দ্ৰ ডেকাই তেওঁলোকক বাদ্যযন্ত্ৰত সহযোগ কৰে। 

মহোৎসৱৰ প্ৰথম দিনাৰ অনুষ্ঠানত মিণ্টু দাস আৰু অংকুৰ দাসে ভৰত নাট্যম প্ৰদৰ্শন কৰাৰ লগতে বিছমিল্লা খান যুৱ বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য শিল্পীদ্বয় দীপজ্যোতি দাস আৰু দীপাংকৰ আৰান্ধৰাৰ নিৰ্দেশনাত ক্ষীৰোদ বৰা, দীপান্বিতা ডেকা আৰু টিনা মেধিয়ে 'মোক্ষ' শীৰ্ষক সত্ৰীয়া নৃত্যৰ এক অনুষ্ঠান পৰিৱেশন কৰে। মৰমী মেধিৰ জ্যেষ্ঠ শিষ্যদ্বয় দীপশিখা বৰুৱা আৰু ইন্দ্ৰজিত চক্ৰৱৰ্তীয়ে নজৰুল গীতিত এটি নৃত্য পৰিৱেশন কৰে। 

বিশিষ্ট কথক নৃত্যগুৰু বিপুল দাস, সংগীত নাটক অকাডেমি বঁটাপ্ৰাপক সত্ৰীয়া নৃত্য গুৰুদ্বয় শাৰদী শইকীয়া আৰু অনিতা শৰ্মা, স্বপ্ননীল বৰুৱা, শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি দুয়োদিনৰ অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ