--°C
Loading...
Listen to Article
2 min read
80%

আঞ্চলিকতাবাদৰ মহত্ব বুজাত পলম হ’ল নেকি অগপ নেতাৰ?

bfc2 ডিজিটেল ডেস্ক : এইবাৰ ভেটি খহাৰ উপক্ৰম ঘটিছে এগৰাকী অগপ নেতাৰ। একেটা সমষ্টিৰ পৰা একেৰাহে সৰ্বাধিকবাৰ বিজয়ী হোৱাৰ ৰেকৰ্ডৰ অধিকাৰী এইগৰাকী জ্যেষ্ঠ অগপ নেতাও এতিয়া ভৱিষ্যতৰ শংকাত ভুগিবলগীয়া হৈছে। তেওঁ হৈছে ফণীভূষণ চৌধুৰী। ১৯৮৫চনৰ পৰা বঙাইগাঁও সমষ্টিৰ পৰা তেওঁ একেৰাহে নিৰ্বাচনত জয়ী হৈ আহিছে। বিধায়ক হিচাপে চলিত কাৰ্যকাল শেষ হ’লে একেৰাহে ৪০ বছৰ বিধায়কৰ আসনত থকাৰ কৃতিত্বৰ অধিকাৰী হ’ব ফণীভূষণ। কিন্তু হঠাতে তেওঁৰ সমষ্টিতে নিজৰ স্থিতি যেন থৰক-বৰক হৈ পৰিছে। তাৰ কাৰণ আন একো নহয়, তেওঁলোকৰ সহযোগী দল বিজেপি। আজি ফলাফল ঘোষণা হোৱা পৌৰ নিৰ্বাচনত অগপ-বিজেপি দল পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ৰাজ্যত মিত্ৰতাৰ জৰিয়তে চৰকাৰ গঠন কৰি থাকিলেও পৌৰ নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হৈছিল সমুখ-সমৰত। আৰু তাৰ পাছতে ফণীভূষণৰ সমষ্টিত বিজেপিৰ আগ্ৰাসনৰ ছবিখন স্পষ্ট হৈ পৰিছে। বঙাইগাঁও পৌৰসভা নিৰ্বাচনত মুঠ ২৫ টা ৱাৰ্ডৰ ভিতৰত বিজেপি প্ৰাৰ্থীয়ে আধাতকৈ অধিক ৱাৰ্ডত জয়ী হৈছে। বিজেপিয়ে ১৩টা ৱাৰ্ডত বিজয়ী হোৱাৰ বিপৰীতে অগপ বিজয়ী হৈছে ১১টা ৱাৰ্ডত। ২, ৬, ৭, ৮, ৯, ১০, ১১, ১২, ১৩, ১৪, ১৬, ১৭, ২৫ নম্বৰ ৱাৰ্ডত জয়লাভ কৰিছে বিজেপিয়ে। তাৰ বিপৰীতে অগপ দলে ৩, ৫, ১৫, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৪ ৱাৰ্ডত অৰ্থাৎ দহটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছে এটা ৱাৰ্ডত বিজয়ী হ‌য়। ফণীভূষণৰ দুৰ্গ বঙাইগাঁৱত বিজেপিৰ এই আগ্ৰাসন সাধাৰণভাৱে ল’বপৰা কথা নিশ্চয় নহয়। বিজেপিৰ এই নীৰৱ আগ্ৰাসনৰ উমান পায়েই শেহতীয়াকৈ ফণীভূষণ চৌধুৰীয়ে জাতীয়তাবাদৰ সপক্ষে মাত মতা দেখিবলৈ পোৱা গৈছিল। পৌৰ নিৰ্বাচনৰ আগে আগে তেওঁ ঘোষণা কৰিছিল যে, ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান ঘটিব। আঞ্চলিকতাবাদৰ সপক্ষে মত প্ৰকাশ কৰি তেওঁ আনকি সকলো আঞ্চলিক দলক একত্ৰিত হোৱাৰো আহ্বান জনাইছিল। বিজেপিয়ে কিদৰে অগপৰ মাটি-ভেটি খহাই নিঃশেষ কৰি আনিছে তাৰ উদাহৰণ হৈছে বঙাইগাঁৱৰ পৌৰসভাৰ এই ফলাফল। অৱশ্যে বিজেপিৰ ছত্ৰছায়াতে শাসনৰ সোৱাদ লৈ থকা ফণীভূষণ চৌধুৰীৰ দৰে নেতাই আঞ্চলিকতাবাদৰ মহত্ত উপলব্ধি কৰাত পলম হ’ল নেকি সেই প্ৰশ্ন নিশ্চয় এতিয়া উচ্চাৰিত হ’ব। মন কৰিবলগীয়া যে, এইবাৰ ফণীভূষণ চৌধুৰীক হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান দিয়া হোৱা নাই। বিজেপিয়ে এনেদৰেই অগপ নেতা-কৰ্মীক এলাগী কৰি অনাৰ কৌশল নিশ্চয় ফণীভূষণৰ দৰে জ্যেষ্ঠ আৰু অভিজ্ঞ ৰাজনীতিকে নুবুজাকৈ থকা নাই। তদুপৰি পৌৰ নিৰ্বাচনৰ এই ফলাফলে আন এটা শিকনি দিব অগপ নেতাসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য