--°C
Loading...
Listen to Article
2 min read
80%

আঞ্চলিকতাবাদৰ মহত্ব বুজাত পলম হ’ল নেকি অগপ নেতাৰ?

bfc2 ডিজিটেল ডেস্ক : এইবাৰ ভেটি খহাৰ উপক্ৰম ঘটিছে এগৰাকী অগপ নেতাৰ। একেটা সমষ্টিৰ পৰা একেৰাহে সৰ্বাধিকবাৰ বিজয়ী হোৱাৰ ৰেকৰ্ডৰ অধিকাৰী এইগৰাকী জ্যেষ্ঠ অগপ নেতাও এতিয়া ভৱিষ্যতৰ শংকাত ভুগিবলগীয়া হৈছে। তেওঁ হৈছে ফণীভূষণ চৌধুৰী। ১৯৮৫চনৰ পৰা বঙাইগাঁও সমষ্টিৰ পৰা তেওঁ একেৰাহে নিৰ্বাচনত জয়ী হৈ আহিছে। বিধায়ক হিচাপে চলিত কাৰ্যকাল শেষ হ’লে একেৰাহে ৪০ বছৰ বিধায়কৰ আসনত থকাৰ কৃতিত্বৰ অধিকাৰী হ’ব ফণীভূষণ। কিন্তু হঠাতে তেওঁৰ সমষ্টিতে নিজৰ স্থিতি যেন থৰক-বৰক হৈ পৰিছে। তাৰ কাৰণ আন একো নহয়, তেওঁলোকৰ সহযোগী দল বিজেপি। আজি ফলাফল ঘোষণা হোৱা পৌৰ নিৰ্বাচনত অগপ-বিজেপি দল পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। ৰাজ্যত মিত্ৰতাৰ জৰিয়তে চৰকাৰ গঠন কৰি থাকিলেও পৌৰ নিৰ্বাচনত তেওঁলোক অৱতীৰ্ণ হৈছিল সমুখ-সমৰত। আৰু তাৰ পাছতে ফণীভূষণৰ সমষ্টিত বিজেপিৰ আগ্ৰাসনৰ ছবিখন স্পষ্ট হৈ পৰিছে। বঙাইগাঁও পৌৰসভা নিৰ্বাচনত মুঠ ২৫ টা ৱাৰ্ডৰ ভিতৰত বিজেপি প্ৰাৰ্থীয়ে আধাতকৈ অধিক ৱাৰ্ডত জয়ী হৈছে। বিজেপিয়ে ১৩টা ৱাৰ্ডত বিজয়ী হোৱাৰ বিপৰীতে অগপ বিজয়ী হৈছে ১১টা ৱাৰ্ডত। ২, ৬, ৭, ৮, ৯, ১০, ১১, ১২, ১৩, ১৪, ১৬, ১৭, ২৫ নম্বৰ ৱাৰ্ডত জয়লাভ কৰিছে বিজেপিয়ে। তাৰ বিপৰীতে অগপ দলে ৩, ৫, ১৫, ১৮, ১৯, ২০, ২১, ২২, ২৩, ২৪ ৱাৰ্ডত অৰ্থাৎ দহটা ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম হৈছে। কংগ্ৰেছে এটা ৱাৰ্ডত বিজয়ী হ‌য়। ফণীভূষণৰ দুৰ্গ বঙাইগাঁৱত বিজেপিৰ এই আগ্ৰাসন সাধাৰণভাৱে ল’বপৰা কথা নিশ্চয় নহয়। বিজেপিৰ এই নীৰৱ আগ্ৰাসনৰ উমান পায়েই শেহতীয়াকৈ ফণীভূষণ চৌধুৰীয়ে জাতীয়তাবাদৰ সপক্ষে মাত মতা দেখিবলৈ পোৱা গৈছিল। পৌৰ নিৰ্বাচনৰ আগে আগে তেওঁ ঘোষণা কৰিছিল যে, ৰাজ্যত আঞ্চলিকতাবাদী ৰাজনীতিৰ উত্থান ঘটিব। আঞ্চলিকতাবাদৰ সপক্ষে মত প্ৰকাশ কৰি তেওঁ আনকি সকলো আঞ্চলিক দলক একত্ৰিত হোৱাৰো আহ্বান জনাইছিল। বিজেপিয়ে কিদৰে অগপৰ মাটি-ভেটি খহাই নিঃশেষ কৰি আনিছে তাৰ উদাহৰণ হৈছে বঙাইগাঁৱৰ পৌৰসভাৰ এই ফলাফল। অৱশ্যে বিজেপিৰ ছত্ৰছায়াতে শাসনৰ সোৱাদ লৈ থকা ফণীভূষণ চৌধুৰীৰ দৰে নেতাই আঞ্চলিকতাবাদৰ মহত্ত উপলব্ধি কৰাত পলম হ’ল নেকি সেই প্ৰশ্ন নিশ্চয় এতিয়া উচ্চাৰিত হ’ব। মন কৰিবলগীয়া যে, এইবাৰ ফণীভূষণ চৌধুৰীক হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত স্থান দিয়া হোৱা নাই। বিজেপিয়ে এনেদৰেই অগপ নেতা-কৰ্মীক এলাগী কৰি অনাৰ কৌশল নিশ্চয় ফণীভূষণৰ দৰে জ্যেষ্ঠ আৰু অভিজ্ঞ ৰাজনীতিকে নুবুজাকৈ থকা নাই। তদুপৰি পৌৰ নিৰ্বাচনৰ এই ফলাফলে আন এটা শিকনি দিব অগপ নেতাসকলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক