--°C
Loading...
Listen to Article
2 min read
80%
ডিজেটেল ডেস্ক : বিজেপিলৈ যোৱাৰ পাছতে প্ৰথমবাৰলৈ মুখ থেকেচা খালে ৰূপজ্যোতি কুৰ্মীয়ে। ন-বিজেপি এই বহুবল্কী বিধায়কজনে তেওঁৰ লাগ-বান্ধ নোহোৱা কথা-বতৰা আৰু সংযমহীন আচৰণৰ বাবে প্ৰায়েই থাকে সংবাদ শিৰোনামত। বিৰোধী দলক অতি অসংস্কৃত আৰু অৰুচিকৰ ভাষাৰে আক্ৰমণ কৰাটোও তেওঁৰ স্বভাৱ। কিন্তু এইবোৰ কৰি যে সদায় নিৰ্বাচন জিকি থাকিব নোৱাৰি সেইকথা যেন কুৰ্মীক সোঁৱৰাই দিলে মৰিয়নিৰ ৰাইজে। আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল বিজেপি বিধায়ক ৰূপজ্যোতিয়ে। BFC_ সস্তীয়া কথা-বতৰাৰে প্ৰচাৰৰ ষ্টাণ্ট কৰি থাকি উন্নয়নমূলক কাম-কাজলৈ পিঠি দিয়া বাবেই যেন ৰূপজ্যোতিক কৰ্তব্য সোঁৱৰাই দিলে মৰিয়নিৰ ৰাইজে। কেৱল চিঞৰ-বাখৰ, গালি-গালাজ কৰি থাকিলেই নহ’ব উন্নয়নো সাধিব লাগিব বুলি ৰূপজ্যোতিক যেন সোঁৱৰাই দিয়া হ’ল। মৰিয়নিত বিজেপিক ধূলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধব্বজা। মৰিয়নি পৌৰসভা নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ পচন্দৰ প্ৰাৰ্থীক নিবাচনত অৱতীৰ্ণ কৰোঁৱাত ক্ষুব্ধ হৈ নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হৈছিল বহু বিজেপি কৰ্মী। মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে মৰিয়নি নগৰৰ ১৭হেজাৰ ভোটাৰৰ গৰিষ্ঠসংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰসকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু তাৰ ফলতে ৰূপজ্যোতি কুৰ্মীৰ ভৰিৰ তলৰ মাটি একপ্ৰকাৰ নাইকিয়া হৈ পৰে। এতিয়া তেওঁৰ ভৱিষ্যৎ অধিক কণ্টকাকীৰ্ণ হৈ পৰিব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য