--°C
Loading...
Listen to Article
2 min read
80%
ডিজেটেল ডেস্ক : বিজেপিলৈ যোৱাৰ পাছতে প্ৰথমবাৰলৈ মুখ থেকেচা খালে ৰূপজ্যোতি কুৰ্মীয়ে। ন-বিজেপি এই বহুবল্কী বিধায়কজনে তেওঁৰ লাগ-বান্ধ নোহোৱা কথা-বতৰা আৰু সংযমহীন আচৰণৰ বাবে প্ৰায়েই থাকে সংবাদ শিৰোনামত। বিৰোধী দলক অতি অসংস্কৃত আৰু অৰুচিকৰ ভাষাৰে আক্ৰমণ কৰাটোও তেওঁৰ স্বভাৱ। কিন্তু এইবোৰ কৰি যে সদায় নিৰ্বাচন জিকি থাকিব নোৱাৰি সেইকথা যেন কুৰ্মীক সোঁৱৰাই দিলে মৰিয়নিৰ ৰাইজে। আজি ঘোষণা হোৱা পৌৰসভা নিৰ্বাচনত মুথ থেকেচা খাবলগীয়া হ’ল বিজেপি বিধায়ক ৰূপজ্যোতিয়ে। BFC_ সস্তীয়া কথা-বতৰাৰে প্ৰচাৰৰ ষ্টাণ্ট কৰি থাকি উন্নয়নমূলক কাম-কাজলৈ পিঠি দিয়া বাবেই যেন ৰূপজ্যোতিক কৰ্তব্য সোঁৱৰাই দিলে মৰিয়নিৰ ৰাইজে। কেৱল চিঞৰ-বাখৰ, গালি-গালাজ কৰি থাকিলেই নহ’ব উন্নয়নো সাধিব লাগিব বুলি ৰূপজ্যোতিক যেন সোঁৱৰাই দিয়া হ’ল। মৰিয়নিত বিজেপিক ধূলিসাৎ কৰি ১০টা ৱাৰ্ডৰ ভিতৰত ৮টাতে নিৰ্দলীয় প্ৰাৰ্থীয়ে উৰুৱালে বিজয়ধব্বজা। মৰিয়নি পৌৰসভা নিৰ্বাচনত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজ পচন্দৰ প্ৰাৰ্থীক নিবাচনত অৱতীৰ্ণ কৰোঁৱাত ক্ষুব্ধ হৈ নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হৈছিল বহু বিজেপি কৰ্মী। মৰিয়নিৰ প্ৰয়াত প্ৰাক্তন বিধায়ক অলক ঘোষৰ ঘনিষ্ঠৰূপে পৰিচিত বহুকেইজন প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয়ৰূপে অবতীৰ্ণ হৈ বিজয় লাভ কৰিবলৈ সক্ষম হয়। মনকৰিবলগীয়া যে মৰিয়নি নগৰৰ ১৭হেজাৰ ভোটাৰৰ গৰিষ্ঠসংখ্যকে হৈছে বঙালী ভোটাৰ। অলক ঘোষৰ প্ৰভাৱ থকা বঙালী ভোটাৰসকলে পূৰ্বৰ দৰে এইবাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু তাৰ ফলতে ৰূপজ্যোতি কুৰ্মীৰ ভৰিৰ তলৰ মাটি একপ্ৰকাৰ নাইকিয়া হৈ পৰে। এতিয়া তেওঁৰ ভৱিষ্যৎ অধিক কণ্টকাকীৰ্ণ হৈ পৰিব নেকি সেই প্ৰশ্ন উত্থাপন হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক