--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ দতিয়া জিলাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। তাৰে এগৰাকী বিজেপি বিধায়কৰ পুত্ৰ আৰু তেওঁৰ চাৰি সহপাঠীয়ে নাবালিক দুগৰাকী ভগ্নীক এটা কোঠাত আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা চৰ্চালৈ অহাৰ পাছতে ৰাজ্যৰ মূল বিৰোধী দল কংগ্ৰেছে বিজেপি চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।


আৰক্ষীৰ তথ্য অনুসৰি এগৰাকী ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ বিপৰীতে আনগৰাকীক নিৰ্যাতন চলোৱা হয়। আনকি এগৰাকী ভুক্তভোগীয়ে আত্মহত্যাৰ চেষ্টাও কৰিছিল যদিও পৰিয়ালৰ লোকে সময়মতে তেওঁক ৰক্ষা কৰিছিল। এই ঘটনাই স্থানীয় জনগোষ্ঠীৰ মাজত ক্ষোভৰ সৃষ্টি কৰে আৰু প্ৰতিবাদৰ সৃষ্টি হয়। দতিয়া জিলাৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে ১৭ বছৰীয়া কনিষ্ঠ ভগ্নীৰ বক্তব্যৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে দতিয়া জিলাৰ উন্নাও অঞ্চলত সংঘটিত হয় এই ঘটনা।

১৮ বছৰৰ তলৰ তিনি অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ,বন্দী, নিৰ্যাতন আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন চমুকৈ পি অ’ চি এছ অ’ৰ গোচৰত আই পি চিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ ইতিমধ্যে চাৰিজন অভিযুক্তক সোধা-পোছাৰ বাবে জিম্মাত লোৱা হৈছে। 


বিশেষ সূত্ৰই জনোৱা মতে, জিম্মাত লোৱা তিনিজন ল’ৰাৰ ভিতৰত এজন বিজেপি বিধায়কৰ পুত্ৰ বুলি অভিযোগ উঠিছে। তাৎপৰ্যপূৰ্ণভাৱে দতিয়া হৈছে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ গৃহ জিলা। এই ঘটনাৰ পিছত ৰাজ্যিক কংগ্ৰেছ ইউনিটে তেওঁৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ মিডিয়া চেলৰ সদস্য পীয়ুষ বেবলে টুইট কৰি কয়, "বিজেপি নেতাৰ নাম মধ্যপ্ৰদেশৰ আটাইতকৈ জঘন্য অপৰাধৰ সৈতে জড়িত হৈ আছে। চাঞ্চল্যকৰ কথাটো হ'ল এই জঘন্য অপৰাধ সংঘটিত হৈছে ৰাজ্যৰ গৃহমন্ত্ৰীৰ গৃহ জিলাত, যিয়ে সম্পূৰ্ণ তদন্ত কৰিছে।এয়া সচাঁকৈয়ে দুৰ্ভাগ্যজনক৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প