--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ দতিয়া জিলাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। তাৰে এগৰাকী বিজেপি বিধায়কৰ পুত্ৰ আৰু তেওঁৰ চাৰি সহপাঠীয়ে নাবালিক দুগৰাকী ভগ্নীক এটা কোঠাত আবদ্ধ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনা চৰ্চালৈ অহাৰ পাছতে ৰাজ্যৰ মূল বিৰোধী দল কংগ্ৰেছে বিজেপি চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলাইছে।


আৰক্ষীৰ তথ্য অনুসৰি এগৰাকী ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ বিপৰীতে আনগৰাকীক নিৰ্যাতন চলোৱা হয়। আনকি এগৰাকী ভুক্তভোগীয়ে আত্মহত্যাৰ চেষ্টাও কৰিছিল যদিও পৰিয়ালৰ লোকে সময়মতে তেওঁক ৰক্ষা কৰিছিল। এই ঘটনাই স্থানীয় জনগোষ্ঠীৰ মাজত ক্ষোভৰ সৃষ্টি কৰে আৰু প্ৰতিবাদৰ সৃষ্টি হয়। দতিয়া জিলাৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে ১৭ বছৰীয়া কনিষ্ঠ ভগ্নীৰ বক্তব্যৰ ভিত্তিত এফআইআৰ ৰুজু কৰা হৈছে। শুকুৰবাৰে দতিয়া জিলাৰ উন্নাও অঞ্চলত সংঘটিত হয় এই ঘটনা।

১৮ বছৰৰ তলৰ তিনি অভিযুক্তৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ,বন্দী, নিৰ্যাতন আৰু যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন চমুকৈ পি অ’ চি এছ অ’ৰ গোচৰত আই পি চিৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ ইতিমধ্যে চাৰিজন অভিযুক্তক সোধা-পোছাৰ বাবে জিম্মাত লোৱা হৈছে। 


বিশেষ সূত্ৰই জনোৱা মতে, জিম্মাত লোৱা তিনিজন ল’ৰাৰ ভিতৰত এজন বিজেপি বিধায়কৰ পুত্ৰ বুলি অভিযোগ উঠিছে। তাৎপৰ্যপূৰ্ণভাৱে দতিয়া হৈছে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ গৃহ জিলা। এই ঘটনাৰ পিছত ৰাজ্যিক কংগ্ৰেছ ইউনিটে তেওঁৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হোৱা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ মিডিয়া চেলৰ সদস্য পীয়ুষ বেবলে টুইট কৰি কয়, "বিজেপি নেতাৰ নাম মধ্যপ্ৰদেশৰ আটাইতকৈ জঘন্য অপৰাধৰ সৈতে জড়িত হৈ আছে। চাঞ্চল্যকৰ কথাটো হ'ল এই জঘন্য অপৰাধ সংঘটিত হৈছে ৰাজ্যৰ গৃহমন্ত্ৰীৰ গৃহ জিলাত, যিয়ে সম্পূৰ্ণ তদন্ত কৰিছে।এয়া সচাঁকৈয়ে দুৰ্ভাগ্যজনক৷"

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস