--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মুম্বাইত। পৰিয়ালৰ  সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।  মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ডত  সাগৰৰ ঢৌৱে এগৰাকী ৩২ বছৰীয়া মহিলা উটুৱাই নিয়ে। মাকক ঢৌৱে উটুৱাই নিয়াৰ সময়ত অসহায়ভাবে চাই ৰৈছিল সন্তানসহ স্বামীয়ে। 

সাগৰৰ ঢৌৱে উটুৱাই নি মৃত্যু ঘটোৱা মহিলাগৰাকীৰ নাম জ্যোতি সোণাৰ। মহিলাগৰাকীয়ে  তেওঁৰ স্বামী আৰু পুত্ৰ আৰু কন্যাৰ সৈতে পিকনিক খাবলৈ সাগৰৰ পাৰলৈ গৈছিল।  তেওঁলোকে  জুহু চৌপথীলৈ যোৱাৰ কথা আছিল। কিন্তু জোৱাৰৰ ঢৌৰ বাবে জুহু চৌপথী বন্ধ  থকা বাবে তেওঁলোকে বান্দ্ৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 

স্বামী-স্ত্ৰীয়ে  এটা শিলৰ ওপৰত বহি ফটো উঠি আছিল। এনে সময়তে সাগৰৰ  এটা প্ৰচণ্ড ঢৌৱে দম্পতীহালক কোবাই যায়। । মুহূৰ্ততে  মহলাগৰাকী উটি যায়। ঘটনাটোৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা প্ৰমাণিত কৰা নাই।

ভাইৰেল ভিডিঅ'টোত, জ্যোতিক ঢৌৱে উটুৱাই নিয়া দেখা গৈছে। স্থানীয় সূত্ৰ অনুসৰি একাংশ  লোকে জ্যোতিৰ স্বামীক ভৰিত খামুচি ধৰি  ৰক্ষা কৰিছিল। কিন্তু জ্যোতিক বিচাৰি উলিয়াব পৰা নগ'ল। পিছত ডুবাৰুৱে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  ঘটনাস্থলীত উপস্থিত থকা মুকেশ নামৰ এজন ব্যক্তিয়ে দাবী কৰিছে যে তেওঁ শেষ মুহূৰ্তত জ্যোতিৰ শাৰীখন ধৰিছিল। কিন্তু তেওঁ মহিলাগৰাকীক ৰক্ষা কৰিব নোৱাৰিলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস