--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক শিহৰণকাৰী ঘটনা সংঘটিত হৈছে মুম্বাইত। পৰিয়ালৰ  সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে এগৰাকী মহিলাই।  মুম্বাইৰ বান্দ্ৰা বেণ্ডষ্টেণ্ডত  সাগৰৰ ঢৌৱে এগৰাকী ৩২ বছৰীয়া মহিলা উটুৱাই নিয়ে। মাকক ঢৌৱে উটুৱাই নিয়াৰ সময়ত অসহায়ভাবে চাই ৰৈছিল সন্তানসহ স্বামীয়ে। 

সাগৰৰ ঢৌৱে উটুৱাই নি মৃত্যু ঘটোৱা মহিলাগৰাকীৰ নাম জ্যোতি সোণাৰ। মহিলাগৰাকীয়ে  তেওঁৰ স্বামী আৰু পুত্ৰ আৰু কন্যাৰ সৈতে পিকনিক খাবলৈ সাগৰৰ পাৰলৈ গৈছিল।  তেওঁলোকে  জুহু চৌপথীলৈ যোৱাৰ কথা আছিল। কিন্তু জোৱাৰৰ ঢৌৰ বাবে জুহু চৌপথী বন্ধ  থকা বাবে তেওঁলোকে বান্দ্ৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিল। 

স্বামী-স্ত্ৰীয়ে  এটা শিলৰ ওপৰত বহি ফটো উঠি আছিল। এনে সময়তে সাগৰৰ  এটা প্ৰচণ্ড ঢৌৱে দম্পতীহালক কোবাই যায়। । মুহূৰ্ততে  মহলাগৰাকী উটি যায়। ঘটনাটোৰ দৃশ্য বুলি দাবী কৰা এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা প্ৰমাণিত কৰা নাই।

ভাইৰেল ভিডিঅ'টোত, জ্যোতিক ঢৌৱে উটুৱাই নিয়া দেখা গৈছে। স্থানীয় সূত্ৰ অনুসৰি একাংশ  লোকে জ্যোতিৰ স্বামীক ভৰিত খামুচি ধৰি  ৰক্ষা কৰিছিল। কিন্তু জ্যোতিক বিচাৰি উলিয়াব পৰা নগ'ল। পিছত ডুবাৰুৱে তেওঁৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।  ঘটনাস্থলীত উপস্থিত থকা মুকেশ নামৰ এজন ব্যক্তিয়ে দাবী কৰিছে যে তেওঁ শেষ মুহূৰ্তত জ্যোতিৰ শাৰীখন ধৰিছিল। কিন্তু তেওঁ মহিলাগৰাকীক ৰক্ষা কৰিব নোৱাৰিলে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প