--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশতে আৰম্ভ হৈছে কানৱাৰ যাত্ৰা। কানৱাৰ যাত্ৰাৰ সময়তে উত্তৰ প্ৰদেশত সংঘটিত হৈছে এক অঘটন। বিদ্যুৎস্পৃষ্ট হৈ পাঁচজন ভক্তৰ মৃত্যু হোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।  

উত্তৰ প্ৰদেশৰ মেৰু এলেকাত যাত্ৰা কৰি থকা অৱস্থাতে একাংশ ভক্ত  বিদ্যুৎস্পৃষ্ট হয়।  ঘটনাস্থলীত এজন ভক্তৰ মৃত্যু হয়। পিছত আৰু চাৰিজন ভক্তৰ মৃত্যুৰ খবৰ পোৱা গৈছে বিদ্যুৎস্পৃষ্ট হৈ আন ৪২ জন ভক্ত গুৰুতৰভাৱে আহত হয়।  আশাংকা কৰা অনুসৰি  মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে ।

জানিব পৰা মতে শনিবাৰে নিশা প্ৰায় ৮ বজাত তীৰ্থযাত্ৰীৰ এটা দলে গংগাৰ  পানী লৈ হৰিদ্বাৰৰ পৰা উভতি আহি আছিল। কানৱাৰ যাত্ৰীসকলে নিজৰ  গাওঁলৈ গৈ আছিল। আহি থাকোতে তেওঁলোকৰ গাড়ীখন বিপজ্জনকভাৱে ওলমি থকা বিদ্যুতৰ তাঁৰত লাগি ধৰে । 

ফলত বাহন খনত থকা লোকসকল বিদ্যুৎস্পৃষ্ট হয়। ঘটনাৰ বিষয়ে জানিব পাৰি  স্থানীয় লোকে বিদ্যুৎ যোগান বন্ধ কৰে আৰু ভক্তসকলক  উদ্ধাৰ  কৰে। ঘটনাস্থলীতে মনীষ নামৰ এজন ভক্তৰ মৃত্যু হয়। চিকিৎসালয়ত আন চাৰিজনৰ মৃত্যু  হয়। আন পাঁচজনৰ অৱস্থাও অতি গুৰুতৰ বুলি জানিব পৰা গৈছে।  তেওঁলোকক স্থানীয়  এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। 

এই ঘটনাৰ পিছত গাওঁবৈাসীয়ে  পথ অৱৰোধ কৰি  প্ৰতিবাদ সাৱস্ত্য কৰিছে। গাওঁবাসীয়ে দাবী কৰিছিল যে বিদ্যুৎ বিভাগৰ অৱহেলাৰ বাবেই এনে এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস