--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটি সপ্তম শ্ৰেণৰীৰ ছাত্ৰৰ বুদ্ধিমত্তাই এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলে ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীক। শেহতীয়াকৈ এইগৰাকী ছাত্ৰই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

তথ্য অনুসৰি, যোৱা ২৬ এপ্ৰিলত মিচিগান কাৰ্টাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ডিলান ৰিভছ নিজৰ সহপাঠী সকলৰ সৈতে স্কুল বাছত নিজৰ পঢ়াশালি লৈ গৈ আছিল। কিন্তু বাছখন চলই থকাৰ অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে হঠাতে বাছৰ চালকজনে সংজ্ঞা হেৰুৱাই পেলাই।

সেই দৃশ্য দেখি ডিলানে লগে লগে ড্ৰাইভাৰৰ কেবিনলৈ দৌৰি গৈ বাছখনৰ ষ্টিয়াৰিঙ নিজৰ নিয়ন্ত্ৰণ লৈ আনে। ইয়াৰ পিছত ডিলানে ব্ৰেক মাৰি বাছখনৰ গতি হ্ৰাস কৰে আৰু বাছখনৰ ইঞ্জিনটো বন্ধ কৰি দিয়ে। যাৰ ফলত এটা ডাঙৰ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে ডিলানৰ লগতে বাকী ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন।

ইতিমধ্যে বাছখনত থকা চিচি টিভি কেমেৰাত বন্দী হৈছে ডিলানৰ বুদ্ধিদীপ্ততা আৰু দুঃসাহসিক কামৰ এই সমগ্ৰ দৃশ্য। এই দৃশ্য এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে বাছখন ৰখোৱাৰ পিছত ডিলানে বাকী ছাত্ৰ-ছাত্ৰীসকলক তৎক্ষণাত ৯১১ নম্বৰত ফোন কৰিবলৈ কয়। সেই ফোন পোৱাৰ পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী দল তাত উপস্থিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস