--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত নেডাৰলেণ্ডৰ আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰিলে  'বৰিছ জনছন'ক! অৱশ্যে সমগ্ৰ বিষয়টোৱে কৌতূহলৰ সৃষ্টি কৰাৰ সময়তে নেডাৰলেণ্ড আৰক্ষীয়ে সমগ্ৰ বিষয়টো স্পষ্ট কৰিছে৷  

নেডাৰলেণ্ডৰ আৰক্ষীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে গ্ৰেপ্তাৰ কৰা লোক জনে  বৰিছ জনছনৰ ছবি থকা ইউক্ৰেইনৰ ড্ৰাইভিং লাইচেঞ্চ এখন লগত লৈ ফুৰিছিল৷ ডাচ্চ আৰক্ষীয়ে লগতে কয় যে  যে  সুৰাপান কৰি গাড়ী চলোৱা লোকজনে নিজৰ নামো বৰিছ জনছন বুলিয়েই লিখিছিল৷  

প্ৰাক্তন ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ ছবি আৰু সঠিক জন্ম তাৰিখৰ সৈতে সম্পূৰ্ণ ভুৱা  চালকৰ অনুজ্ঞাপত্ৰ খন ২০১৯ চনত  জাৰি কৰা বুলি দেখুওৱা হৈছে৷ অনুজ্ঞাপত্ৰ খনৰ ম্যাদ ২০৩০ চনলৈকে  আছিল। আৰক্ষীৰ মুখপাত্ৰ থিজ ছ ডামষ্ট্ৰাই কয়  যে আৰক্ষী বিষয়াসকলে দেওবাৰে মাজনিশা এমা ব্ৰিজৰ ওচৰত এখন গাড়ীয়ে  খুটাত খুন্দা মৰা দেখিছিল।

আৰক্ষীয়ে ৩৫ বছৰীয়া লোকজনক গ্ৰেপ্তাৰ কৰে৷  আৰক্ষীয়ে লোকজনে  ক'ত জাল নথিখন তৈয়াৰ কৰিছিল সেই বিষয়ত তদন্ত কৰি আছে৷  উল্লেখ্য ইয়াৰ পূৰ্বেও বহু বিখ্যাত লোকৰ নাম আৰু ছবি ব্যৱহাৰ কৰি বহুতে জাল নথি প্ৰস্তুত কৰাৰ কথা ধৰা পৰিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন