--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা সময় আছিল বলীউডৰ হট কাপলৰ অন্যতম আছিল হৃত্বিক ৰোশন আৰু ছুজেন খান। দুয়োৰে প্ৰেমে এটা সময়ত বহুখিনি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সময় সদায় একেদৰে নাযায়…লাহে লাহে দুয়োৰে প্ৰেমৰ মাজত দখল কৰিলেহি বিৰক্তি আৰু ঘৃণাই। এনেদৰে এটা সম্পৰ্ক আৰু কিমানদূৰ আগুৱাব! ফলত দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়। হৃত্বিক ৰোশনৰ কাষৰ পৰা আঁতৰি আহিল প্ৰিয়তমা পত্নী ছুজেন খান। হৃত্বিক আৰু ছুজেনৰ ২০০০ চনত স্থাপন কৰা বৈবাহিক বান্ধোনৰ ইতি পৰিল ২০১৪ চনত। হৃত্বিক ৰোশনে দায়িত্ব ল'লে দুই পুত্ৰ হৃদান আৰু হৃহানৰ। ছুজেন খানে বৰ্তমান টিভি অভিনেতা আৰ্ছলান গনিৰ সৈতে ডেটিঙত ব্যস্ত বুলি চৰ্চা হৈছে। বহুবাৰ দুয়োকে ভিন্ন ডেটিং স্পটত একেলগে দেখা গৈছে। বহুতো প্ৰ'গ্ৰামত দুয়ো একেলগে উপস্থিত থাকে।

কেৱল সেয়াই নহয়, দুয়ো অলপতে গোৱালৈ একেলগে অৱসৰ বিনোদনত গৈছিল। পুনৰ দুয়োজন চৰ্চাত আহিছে এক বিশেষ খবৰৰ বাবে। আৰ্ছলান গনিয়ে ১৯ ডিচেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিছিল। আৰ্ছলানৰ জন্মদিনত ছুজেনৰ উপস্থিতি আছিল অতি বিশেষ। ছুজেন খানে এই জন্মদিনৰ পাৰ্টিত আৰ্ছলান গনিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰে। ফটোখনত ছুজেনে আৰ্ছলানক অতি মৰমেৰে সাবটি থকা দেখা গৈছে। আৰ্ছলানৰ সৈতে ক'লা টপ আৰু সোণালী মিনি স্কাৰ্টত পোজ দিয়া দেখা গৈছে ছুজেনক। ফটোখন শ্বেয়াৰ কৰি ছুজেন খানে আৰ্ছলান গনিৰ বাবে এটা অতি বিশেষ জন্মদিনৰ টোকাও শ্বেয়াৰ কৰে। ছুজেনে লিখিছে: ''শুভ, শুভ শুভ জন্মদিন। মই আপোনাৰ বাবে এনে এখন পৃথিৱী বিচাৰোঁ যত আপুনি বিচৰা সকলোখিনিয়ে পায়। আপোনাৰ উজ্জ্বল হাঁহি আৰু বিশুদ্ধ প্ৰেমৰ সৈতে আপুনি জিলিকি থাকক। মই এতিয়ালৈকে লগ পোৱা সকলৰ ভিতৰত আপুনি হৈছে আটাইতকৈ ধুনীয়া,উজ্জ্বলতম সীমাহীন শক্তি।'' ছুজেন খানৰ এই শুভেচ্ছাৰ উত্তৰ হিচাপে আৰ্ছলান গনিয়ে লিখে-''আপুনি বহুত ভাল…লাভ ইউ''। ছচিয়েল মিডিয়াত এই বিষয়টো এতিয়া ভাইৰেল হৈ পৰিছে।

আৰু পঢ়কঃ বৰুণ গান্ধীৰ বিদ্ৰোহ! নাথুৰাম গডছে প্ৰশংসাকাৰীক ফাঁচিৰ দাবী


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু