--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা সময় আছিল বলীউডৰ হট কাপলৰ অন্যতম আছিল হৃত্বিক ৰোশন আৰু ছুজেন খান। দুয়োৰে প্ৰেমে এটা সময়ত বহুখিনি চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু সময় সদায় একেদৰে নাযায়…লাহে লাহে দুয়োৰে প্ৰেমৰ মাজত দখল কৰিলেহি বিৰক্তি আৰু ঘৃণাই। এনেদৰে এটা সম্পৰ্ক আৰু কিমানদূৰ আগুৱাব! ফলত দুয়ো পৃথক হোৱাৰ সিদ্ধান্ত লয়। হৃত্বিক ৰোশনৰ কাষৰ পৰা আঁতৰি আহিল প্ৰিয়তমা পত্নী ছুজেন খান। হৃত্বিক আৰু ছুজেনৰ ২০০০ চনত স্থাপন কৰা বৈবাহিক বান্ধোনৰ ইতি পৰিল ২০১৪ চনত। হৃত্বিক ৰোশনে দায়িত্ব ল'লে দুই পুত্ৰ হৃদান আৰু হৃহানৰ। ছুজেন খানে বৰ্তমান টিভি অভিনেতা আৰ্ছলান গনিৰ সৈতে ডেটিঙত ব্যস্ত বুলি চৰ্চা হৈছে। বহুবাৰ দুয়োকে ভিন্ন ডেটিং স্পটত একেলগে দেখা গৈছে। বহুতো প্ৰ'গ্ৰামত দুয়ো একেলগে উপস্থিত থাকে।

কেৱল সেয়াই নহয়, দুয়ো অলপতে গোৱালৈ একেলগে অৱসৰ বিনোদনত গৈছিল। পুনৰ দুয়োজন চৰ্চাত আহিছে এক বিশেষ খবৰৰ বাবে। আৰ্ছলান গনিয়ে ১৯ ডিচেম্বৰত তেওঁৰ জন্মদিন উদযাপন কৰিছিল। আৰ্ছলানৰ জন্মদিনত ছুজেনৰ উপস্থিতি আছিল অতি বিশেষ। ছুজেন খানে এই জন্মদিনৰ পাৰ্টিত আৰ্ছলান গনিৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰে। ফটোখনত ছুজেনে আৰ্ছলানক অতি মৰমেৰে সাবটি থকা দেখা গৈছে। আৰ্ছলানৰ সৈতে ক'লা টপ আৰু সোণালী মিনি স্কাৰ্টত পোজ দিয়া দেখা গৈছে ছুজেনক। ফটোখন শ্বেয়াৰ কৰি ছুজেন খানে আৰ্ছলান গনিৰ বাবে এটা অতি বিশেষ জন্মদিনৰ টোকাও শ্বেয়াৰ কৰে। ছুজেনে লিখিছে: ''শুভ, শুভ শুভ জন্মদিন। মই আপোনাৰ বাবে এনে এখন পৃথিৱী বিচাৰোঁ যত আপুনি বিচৰা সকলোখিনিয়ে পায়। আপোনাৰ উজ্জ্বল হাঁহি আৰু বিশুদ্ধ প্ৰেমৰ সৈতে আপুনি জিলিকি থাকক। মই এতিয়ালৈকে লগ পোৱা সকলৰ ভিতৰত আপুনি হৈছে আটাইতকৈ ধুনীয়া,উজ্জ্বলতম সীমাহীন শক্তি।'' ছুজেন খানৰ এই শুভেচ্ছাৰ উত্তৰ হিচাপে আৰ্ছলান গনিয়ে লিখে-''আপুনি বহুত ভাল…লাভ ইউ''। ছচিয়েল মিডিয়াত এই বিষয়টো এতিয়া ভাইৰেল হৈ পৰিছে।

আৰু পঢ়কঃ বৰুণ গান্ধীৰ বিদ্ৰোহ! নাথুৰাম গডছে প্ৰশংসাকাৰীক ফাঁচিৰ দাবী


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ