--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘মিষ্টাৰ ইণ্ডিয়া’ৰ সংসাৰতো লাগিল কেনা...সামান্থা প্ৰভু-নাগা চৈতন্যৰ বিচ্ছেদ! প্ৰিয়ংকা চোপ্ৰা-নিক জোনাছৰ বিবাহ-বিচ্ছেহক লৈয়ো এতিয়া বলীউড এৰিনাত চলিছে নানা জল্পনা-কল্পনা! এইবাৰ এই তালিকাত সাঙোৰ খাইছে অনিল কাপুৰ-সুনীতা কাপুৰৰ নাম। সম্প্ৰতি বলীউডত এনেধৰণৰ কথা-বতৰাই সৰ্বাধিক প্ৰাধান্য পোৱা দেখিবলৈ পোৱা গৈছে। 'মিষ্টাৰ ইণ্ডিয়া'ইয়ো এইবাৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ বান্ধোনৰ পৰা মুক্তি বিচাৰিছে বুলি অনুৰাগীৰ মাজত গুঞ্জন শুনিবলৈ পোৱা গৈছে। বিষয়টোক লৈ হৈছে চৰ্চা। অনিল কাপুৰৰ সংসাৰতো এনেধৰণৰ কথাই ক্ৰিয়া কৰা বাবে দোষাৰোপ কৰা হৈছে বিতৰ্কিত অভিনেত্ৰী কংগনা ৰানাৱটক। সকলোৰে মনত প্ৰশ্ন উঠিছে যে, অনিল-সুনীতাৰ সঁচাকৈয়ে বিচ্ছেদ হৈছে নেকি?

বলীউডত কিয় ‘মিষ্টাৰ ইণ্ডিয়া’ৰ সংসাৰক লৈ এনেধৰৰ গুঞ্জন উঠিছে? পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য। জানিবলৈ পোৱা মতে, অনিল আৰু কংগনা ৰানাৱটে আজিৰ পৰা কেইবাবছৰ আগতে দূৰদৰ্শনৰ এটা অনুষ্ঠানৰ অতিথি হৈছিল। অনুষ্ঠানটোৰ আঁত ধৰিছিল কৰণ জোহৰে। সেই অনুষ্ঠানটোতে কৰণ জোহৰে অনিল কাপুৰক সুধিছিল যে, ‘কোনগৰাকী মহিলাৰ বাবে অনিলে তেওঁৰ পত্নীক ত্যাগ কৰিবলৈ ইচ্ছুক?' অনিলে লগে লগে তেওঁৰ কাষত বহি থকা কংগনা ৰানাৱটৰ নামটো কৈছিল। তাকে লৈ কংগনাক ঠাট্টা কৰিছিল কৰণ জোহৰে। লাজত ৰঙা পৰি গৈছিল বলীউড কণ্ট্ৰভাৰ্ছী কুইন কংগনাৰ দুগাল। শেহতীয়াকৈ, এই ঘটনাটোক কেন্দ্ৰ কৰিয়েই নানা গুজৱ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। অৱশ্যে এই ঘটনাটোক কেন্দ্ৰ কৰি কোনোধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে কাপুৰ দম্পতীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু