--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সন্দেহজনক অৱস্থাত মৃত্যু হৈছে আৰন কাৰ্টাৰ। ৩৪ বছৰীয়া আৰনৰ মৃতদেহ ঘৰৰ বাথটাবত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। তেওঁৰ মৃত্যুত অনুৰাগীসকল গভীৰভাৱে স্তম্ভিত হৈ পৰিছে।

বিখ্যাত গায়ক তথা ৰেপাৰ আৰন কাৰ্টাৰৰ ৩৪ বছৰ বয়সত মৃত্যু হৈছে। গায়ক, টিভি ব্যক্তিত্ব তথা বেকষ্ট্ৰীট বয়ছৰ তাৰকা নিক কাৰ্টাৰৰ কনিষ্ঠ ভাতৃ এৰনে কম বয়সতে খ্যাতি লাভ কৰিছিল। ৱেবছাইট টিএমজেডৰ মতে, শনিবাৰে পুৱা কেলিফৰ্ণিয়াৰ লেংকেষ্টাৰত থকা নিজৰ ঘৰৰ বাথটাবত কাৰ্টাৰক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। তেওঁৰ দলৰ সদস্যসকলে তেওঁৰ মৃত্যু নিশ্চিত কৰিছে। এতিয়ালৈকে মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই।

১৯৮৭ চনৰ ৭ ডিচেম্বৰত ফ্ল’ৰিডাৰ টাম্পাত জন্মগ্ৰহণ কৰা আৰন কাৰ্টাৰে ১৯৯৭ চনৰ ভ্ৰমণত বেকষ্ট্ৰীট বয়ছৰ সৈতে গায়ক জীৱন আৰম্ভ কৰে। তেওঁৰ প্ৰথম এলবাম ‘এৰন কাৰ্টাৰ’ মুক্তি পাইছিল মাত্ৰ ৯ বছৰ বয়সতে। ৯০ দশকৰ আৰম্ভণিতে তেওঁৰ চাৰিটা এলবামৰ লাখ লাখ কপি বিক্ৰী হৈছিল। ২০০০ চনত মুক্তি পোৱা এৰনৰ দ্বিতীয়টো এলবাম হাৰুন পাৰ্টি (কম গেট ইট) ট্ৰিপল প্লেটিনাম লাভ কৰে।

অৱশ্যে এটা সময় আহিল যেতিয়া তেওঁ বহু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হ’ল। ড্ৰাগছ ৰখা আৰু অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবেও বিষয়াসকলৰ সৈতে কেইবাবাৰো কাজিয়া হৈছিল।

এই খবৰত আৰনৰ অনুৰাগীসকল যথেষ্ট স্তম্ভিত হৈ পৰিছে। চেলিব্ৰিটিৰ পৰা অনুৰাগীলৈকে ছ’চিয়েল মিডিয়াত শ্ৰদ্ধাঞ্জলি জনাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে