--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুই যুৱতীৰ মাজত দুৰ্ঘোৰ প্ৰেম। তেওঁলোকে এই সম্পৰ্কক দিব বিচাৰিছে বৈবাহিক ৰূপ। দুয়ো দুয়োকে আঙঠি পিন্ধাই এই সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিলে। অতি সোনকালে দুই যুৱতী বিবাহপাশত আৱদ্ধ হ'ব। যুৱতী দুগৰাকীৰ নাম সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী। সুৰভিৰ ঘৰ নাগপুৰত আৰু পাৰমিতাৰ ঘৰ কলকাতাত। সুৰভি পেছাত ডাক্তৰ আৰু পাৰমিতাই এটা ডাঙৰ কোম্পানীত চাকৰি কৰি আছে। নাগপুৰৰ এখন ৰিজ'ৰ্টত পৰিয়ালৰ লোকৰ উপস্থিতিত সুৰভি আৰু পাৰমিতাৰ ৰিং চেৰেমনী অনুষ্ঠিত হয়। সমকামিতাক বৰ্তমান সময়ত বৈধ বুলি ঘোষণা কৰা হ'ল যদিও এতিয়াও সমাজে ইয়াক সহজভাৱে গ্ৰহণ কৰিব পৰা হোৱা নাই।

সোঁফালে সুৰভি মিত্ৰ আৰু বাওঁফালে পাৰমিতা মুখাৰ্জী

সুৰভি মিত্ৰ আৰু পাৰমিতা সমাজক লৈ চিন্তিত নহয়। তেওঁলোকে নিজৰ জীৱন কেনেদৰে সুখী কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে। পাৰমিতা মুখাৰ্জীয়ে কয় যে ''মই দেউতাৰ সৈতে বহুত ফ্ৰী আছিলো। তেওঁক মই সকলো কথা খুলি কওঁ। মই ২০১৩ চনতে দেউতাক মই যে লেছবিয়ান বা হমোছেক্সুৱেল সেই কথা জনাই দিছিলো। দেউতাই একো আপত্তি কৰা নাছিল। মাক অলপ পলমকৈ কৈছিলো। তেওঁ প্ৰথমে মানি লোৱা নাছিল কিন্তু বুজাই মেলি মান্তি কৰাব পাৰিলোঁ।'' আনহাতে সুৰভিয়ে কয় যে ''মই একদম খোলাখুলিকৈ মই কি বিচাৰো সেয়া মা-দেউতাক কৈছিলো। তেওঁলোকে একেবাৰতে মোৰ কথা মানি লৈছিল। তেওঁলোকক সকলো কথা খুলি কোৱা বাবে বহুত সুখী।''

ধুমধামেৰে অনুষ্ঠিত হয় সুৰভি-পাৰমিতাৰ ৰিং চেৰেমনী

দুই প্ৰেমিকাই লগতে কয়, ''আমি এটা কথা বিচাৰো ক'ব বিচাৰো যে সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে। কোনে কেনেকৈ সুখী হ'ব সেয়া সকলোৰে নিজা নিজা কথা। আমি দুয়ো জীৱনসংগী হৈ আজীৱন থাকিব বিচাৰো।'' উল্লেখ্য যে সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জীয়ে এতিয়া সংসাৰ পাতনি মেলাৰ ৰঙীন সপোন ৰচনা কৰাত ব্যস্ত। বিয়াৰ পাছত তেওঁলোক ক'ত থাকিব। ঘৰটো কেনেকুৱা হ'ব। পৰিয়াল পৰিকল্পনা কেনেকৈ কৰিব আদি কথাৰ আলোচনাত ব্যস্ত আছে সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী। দুয়োৰে জীৱন সুখৰ হ'বলৈ শুভকামনা আৰু আশীৰ্বাদ দিছে সুৰভি-পাৰমিতাৰ পৰিয়ালৰ লোকে।

আৰু পঢ়কঃ আকৌ বন্ধ জিম; মূৰে-কপালে হাত দিছে জিমৰ মালিকে, ক’লে ‘আমিও সুৰা বিকিব লাগিব’


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক