--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুই যুৱতীৰ মাজত দুৰ্ঘোৰ প্ৰেম। তেওঁলোকে এই সম্পৰ্কক দিব বিচাৰিছে বৈবাহিক ৰূপ। দুয়ো দুয়োকে আঙঠি পিন্ধাই এই সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিলে। অতি সোনকালে দুই যুৱতী বিবাহপাশত আৱদ্ধ হ'ব। যুৱতী দুগৰাকীৰ নাম সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী। সুৰভিৰ ঘৰ নাগপুৰত আৰু পাৰমিতাৰ ঘৰ কলকাতাত। সুৰভি পেছাত ডাক্তৰ আৰু পাৰমিতাই এটা ডাঙৰ কোম্পানীত চাকৰি কৰি আছে। নাগপুৰৰ এখন ৰিজ'ৰ্টত পৰিয়ালৰ লোকৰ উপস্থিতিত সুৰভি আৰু পাৰমিতাৰ ৰিং চেৰেমনী অনুষ্ঠিত হয়। সমকামিতাক বৰ্তমান সময়ত বৈধ বুলি ঘোষণা কৰা হ'ল যদিও এতিয়াও সমাজে ইয়াক সহজভাৱে গ্ৰহণ কৰিব পৰা হোৱা নাই।

সোঁফালে সুৰভি মিত্ৰ আৰু বাওঁফালে পাৰমিতা মুখাৰ্জী

সুৰভি মিত্ৰ আৰু পাৰমিতা সমাজক লৈ চিন্তিত নহয়। তেওঁলোকে নিজৰ জীৱন কেনেদৰে সুখী কৰিব পাৰি তাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰিছে। পাৰমিতা মুখাৰ্জীয়ে কয় যে ''মই দেউতাৰ সৈতে বহুত ফ্ৰী আছিলো। তেওঁক মই সকলো কথা খুলি কওঁ। মই ২০১৩ চনতে দেউতাক মই যে লেছবিয়ান বা হমোছেক্সুৱেল সেই কথা জনাই দিছিলো। দেউতাই একো আপত্তি কৰা নাছিল। মাক অলপ পলমকৈ কৈছিলো। তেওঁ প্ৰথমে মানি লোৱা নাছিল কিন্তু বুজাই মেলি মান্তি কৰাব পাৰিলোঁ।'' আনহাতে সুৰভিয়ে কয় যে ''মই একদম খোলাখুলিকৈ মই কি বিচাৰো সেয়া মা-দেউতাক কৈছিলো। তেওঁলোকে একেবাৰতে মোৰ কথা মানি লৈছিল। তেওঁলোকক সকলো কথা খুলি কোৱা বাবে বহুত সুখী।''

ধুমধামেৰে অনুষ্ঠিত হয় সুৰভি-পাৰমিতাৰ ৰিং চেৰেমনী

দুই প্ৰেমিকাই লগতে কয়, ''আমি এটা কথা বিচাৰো ক'ব বিচাৰো যে সুখী হোৱাৰ অধিকাৰ সকলোৰে আছে। কোনে কেনেকৈ সুখী হ'ব সেয়া সকলোৰে নিজা নিজা কথা। আমি দুয়ো জীৱনসংগী হৈ আজীৱন থাকিব বিচাৰো।'' উল্লেখ্য যে সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জীয়ে এতিয়া সংসাৰ পাতনি মেলাৰ ৰঙীন সপোন ৰচনা কৰাত ব্যস্ত। বিয়াৰ পাছত তেওঁলোক ক'ত থাকিব। ঘৰটো কেনেকুৱা হ'ব। পৰিয়াল পৰিকল্পনা কেনেকৈ কৰিব আদি কথাৰ আলোচনাত ব্যস্ত আছে সুৰভি মিত্ৰ আৰু পাৰমিতা মুখাৰ্জী। দুয়োৰে জীৱন সুখৰ হ'বলৈ শুভকামনা আৰু আশীৰ্বাদ দিছে সুৰভি-পাৰমিতাৰ পৰিয়ালৰ লোকে।

আৰু পঢ়কঃ আকৌ বন্ধ জিম; মূৰে-কপালে হাত দিছে জিমৰ মালিকে, ক’লে ‘আমিও সুৰা বিকিব লাগিব’


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি