--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ধাৰাবাহিক জয়েৰে আশাপ্ৰদভাৱেই চলিত এছিয়া কাপৰ চুপাৰ ৪ ৰাউণ্ডত প্ৰৱেশ কৰাৰ পাছত আজি আঘাতৰ সমস্যাই দেখা দিছে ডিফেণ্ডিং চেম্পিয়ন ভাৰতীয় দলক। চুপাৰ ৪ পৰ্যায়ত অৱতীৰ্ণ হোৱাৰ পূৰ্বে ভাৰতীয় শিবিৰক চিন্তিত কৰি দলৰ নিৰ্ভৰযোগ্য ক্ৰিকেটাৰ তথা তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই আজি সোঁ আঁঠুত আঘাতপ্ৰাপ্ত হৈ এছিয়া কাপৰ পৰা বাহিৰ হৈছে। আজি বিচিচিআই- এ এক বিবৃতিযোগে জাদেজাৰ আঘাত তথা দলৰ পৰা বাহিৰ হোৱাৰ কথা সদৰী কৰে।

জাদেজাৰ স্থানত এছিয়া কাপৰ পৰৱৰ্তী মেচৰ বাবে আন এগৰাকী অলৰাউণ্ডাৰ অক্সৰ পেটেলক দলত অন্তৰ্ভুক্ত কৰা হৈছে বুলিও বিচিচিআই- এ বিবৃতিটোত লগতে উল্লেখ কৰে। আনহাতে আঘাতপ্ৰাপ্ত জাদেজা বৰ্তমান বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে বুলি উল্লেখ কৰিছে বিচিচিআই- এ।

উল্লেখ্য যে বিচিচিআই- এ পূৰ্বে এছিয়া কাপৰ বাবে ঘোষণা কৰা ১৫ জনীয়া দলত স্থান লাভ নকৰিলেও অক্সৰক ষ্টেণ্ডবাই খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল। এতিয়া জাদেজাৰ আঘাতে অক্সৰক মূল দলত স্থান লাভৰ পথ সুগম কৰি তোলে। অক্সৰে শীঘ্ৰেই ডুবাই ভাৰতীয় দলটোত যোগদান কৰিব বুলি বিচিচিআই- এ জানিবলৈ দিয়ে।

আজি প্ৰকাশ কৰা বিবৃতিটোত বিচিচিআই- এ কয়, "চলিত এছিয়া কাপত ৰবীন্দ্ৰ জাদেজাৰ স্থানত অক্সৰ পেটেলক দলত অন্তৰ্ভুক্ত কৰা হৈছে। ৰবীন্দ্ৰ জাদেজাই সোঁ আঁঠুত আঘাত পাইছে আৰু প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। তেওঁ বৰ্তমান বিচিচিআইৰ চিকিৎসা দলৰ তত্বাৱধানত আছে। তেওঁৰ স্থানত পূৰ্বে দলৰ অন্যতম ষ্টেণ্ডবাই হিচাপে নিৰ্বাচিত কৰা অক্সৰ পেটেলক অন্তৰ্ভুক্ত কৰা হৈছে আৰু শীঘ্ৰেই তেওঁ ডুবাইত ভাৰতীয় দলটোত যোগদান কৰিব।"

লক্ষণীয়ভাৱে জাদেজাই একেটা ভৰিতে আঘোত পোৱাৰ বাবে চলিত বছৰৰ আৰম্ভণিতে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা বাহিৰ হৈছিল। জাদেজাৰ আঘাত ভাৰতীয় দলৰ বাবে যথেষ্ট ক্ষতিকাৰক হিচাপে বিবেচিত হৈছে। কিয়নো এছিয়া কাপৰ প্ৰথমখন মেচত পাকিস্তানৰ বিৰুদ্ধে জাদেজাই ভাৰতৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। মেচখনত উইকেট লাভ নকৰিলেও জাদেজাই ৩৫ ৰানৰ এক অনবদ্য ইনিংছ খেলিছিল।

আনহাতে হংকঙৰ বিৰুদ্ধে টুৰ্ণামেণ্টৰ দ্বিতীয়খন খেলত জাদেজাই বেটিং কৰাৰ সুযোগ নাপালেও মিতব্যয়ী বলিঙেৰে এটা উইকেট দখল কৰিছিল। অৱশ্যে শেহতীয়াকৈ অক্সৰ পেটেলেও ভাৰতীয় দলৰ হৈ যথেষ্ট উন্নত প্ৰদৰ্শন আগবঢ়াই আহিছে। মিতব্যয়ী বলিঙৰ লগতে উইকেট দখলৰ সামৰ্থৰ বাবে অক্সৰে শেহতীয়াকৈ বিচিচিআইৰ আস্থা জয় কৰিবলৈ সক্ষম হৈছে। তদুপৰি বেট হাতত লৈও শেহতীয়াকৈ দুটামান বিজয়ী ইনিংছ খেলিছে অলৰাউণ্ডাৰ গৰাকীয়ে।

চলিত এছিয়া কাপত অপৰাজিত হৈ থকা ভাৰতে এতিয়া ৪ ছেপ্টেম্বৰত চুপাৰ ৪ পৰ্যায়ৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব। মেচখনত পুনৰ ভাৰত পাকিস্তানৰ মুখামুখি হ’ব। পাক দলটোৱে আজি হংকঙক ১৫৫ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰি চুপাৰ ৪ ৰাউণ্ডত স্থান নিশ্চিত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী