--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰলৈ উভতি অহা নাই শান্তি। এনে সময়তে কুকি সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীয়ে দুমাহৰ অন্তত  মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ কৰিলে। গৃহমন্ত্ৰী অমিত শ্বাহে  কৰা অনুৰোধৰ পিছতে কুকি সংগঠনে মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা  দুমাহৰ পিছত অৱৰোধ প্ৰত্যাহাৰ কৰে। 

মে’ মাহত মণিপুৰত অস্থিৰতা সৃষ্টি হোৱাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছিল। শেহতীয়াকৈ, কুকিসকলে শ্বাহৰ কথা মানি লৈ  অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ক্ষেত্ৰত দুটা কুকি সংগঠন, ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউপিএফ) আৰু কুকি নেচনেল অৰ্গেনাইজেচন (কেএনঅ')য়ে আগভাগ লৈছিল। দুয়োটা সংগঠনে শেহতীয়াকৈ এটা যুটীয়া বিবৃতি প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে  যে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ প্ৰত্যাহাৰ কৰা  হৈছে। ইপিনে গৃহমন্ত্ৰী অমিত শ্বাহে  ৰাজ্যখনত চলি থকা অশান্তি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

মণিপুৰত দুটা ৰাষ্ট্ৰীয় ঘাইপথ আছে। এটা হৈছে ইম্ফল-ডিমাপুৰ আৰু আনটো হৈছে ইম্ফল-জিৰিবাম (ৰাষ্ট্ৰীয় ঘাইপথ-৩৭)। ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মে’ মাহৰ পৰা কাংপোকপি জিলাৰ ওচৰত অৱৰোধ কৰা হৈছিল।

শেহতীয়াকৈ  মণিপুৰত সংঘৰ্ষত ১০০ ৰো অধিক লোক নিহত হৈছে।প্ৰতিবাদকাৰীয়ে  বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰঞ্জন সিঙৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ কৰাৰ লগতে বহু ঘৰ জ্বলাই দিছে। মণিপুৰ চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কাংপোকপি সমষ্টিৰ বিধায়িকা নেমচা কিগপেনৰ ঘৰত দুৰ্বৃত্তই  জুই লগাই দিয়ে। জনস্বাস্থ্য, কাৰিকৰী আৰু উপভোক্তা সুৰক্ষা মন্ত্ৰী, এল. সুচিন্দ্ৰ মেইটেইৰ ঘৰৰ কাষৰে থকা এটা গুদামত অগ্নি সংযোগ কৰা হৈছিল। এনে পৰিস্থিতত বিৰোধীয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইদিনমান পূৰ্বে  অস্থিৰতাৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰিছিল। কিন্তু ৰাজ্য খনত আজিও শান্তি স্থাপন হোৱা   নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস