--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশান্ত মণিপুৰলৈ উভতি অহা নাই শান্তি। এনে সময়তে কুকি সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীয়ে দুমাহৰ অন্তত  মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰত্যাহাৰ কৰিলে। গৃহমন্ত্ৰী অমিত শ্বাহে  কৰা অনুৰোধৰ পিছতে কুকি সংগঠনে মণিপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা  দুমাহৰ পিছত অৱৰোধ প্ৰত্যাহাৰ কৰে। 

মে’ মাহত মণিপুৰত অস্থিৰতা সৃষ্টি হোৱাৰ পিছৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথ-২ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছিল। শেহতীয়াকৈ, কুকিসকলে শ্বাহৰ কথা মানি লৈ  অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ক্ষেত্ৰত দুটা কুকি সংগঠন, ইউনাইটেড পিপলছ ফ্ৰণ্ট (ইউপিএফ) আৰু কুকি নেচনেল অৰ্গেনাইজেচন (কেএনঅ')য়ে আগভাগ লৈছিল। দুয়োটা সংগঠনে শেহতীয়াকৈ এটা যুটীয়া বিবৃতি প্ৰকাশ কৰিছে। তেওঁলোকে কৈছে  যে ৰাষ্ট্ৰীয় ঘাইপথৰ অৱৰোধ প্ৰত্যাহাৰ কৰা  হৈছে। ইপিনে গৃহমন্ত্ৰী অমিত শ্বাহে  ৰাজ্যখনত চলি থকা অশান্তি সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰে।

মণিপুৰত দুটা ৰাষ্ট্ৰীয় ঘাইপথ আছে। এটা হৈছে ইম্ফল-ডিমাপুৰ আৰু আনটো হৈছে ইম্ফল-জিৰিবাম (ৰাষ্ট্ৰীয় ঘাইপথ-৩৭)। ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মে’ মাহৰ পৰা কাংপোকপি জিলাৰ ওচৰত অৱৰোধ কৰা হৈছিল।

শেহতীয়াকৈ  মণিপুৰত সংঘৰ্ষত ১০০ ৰো অধিক লোক নিহত হৈছে।প্ৰতিবাদকাৰীয়ে  বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ৰঞ্জন সিঙৰ বাসগৃহত পেট্ৰ'ল বোমা নিক্ষেপ কৰাৰ লগতে বহু ঘৰ জ্বলাই দিছে। মণিপুৰ চৰকাৰৰ একমাত্ৰ মহিলা মন্ত্ৰী কাংপোকপি সমষ্টিৰ বিধায়িকা নেমচা কিগপেনৰ ঘৰত দুৰ্বৃত্তই  জুই লগাই দিয়ে। জনস্বাস্থ্য, কাৰিকৰী আৰু উপভোক্তা সুৰক্ষা মন্ত্ৰী, এল. সুচিন্দ্ৰ মেইটেইৰ ঘৰৰ কাষৰে থকা এটা গুদামত অগ্নি সংযোগ কৰা হৈছিল। এনে পৰিস্থিতত বিৰোধীয়ে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাই আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেইদিনমান পূৰ্বে  অস্থিৰতাৰ মাজতে ৰাজ্যখন ভ্ৰমণ কৰিছিল। কিন্তু ৰাজ্য খনত আজিও শান্তি স্থাপন হোৱা   নাই। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ে বাতিল কৰিলে নিজে দিয়া মৃত্যুদণ্ডৰ ৰায়
এছিয়া কাপ টি-২০ৰ ইতিহাসত সৰ্বাধিক স্ক’ৰ! জানেনে কোনটো দলে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে?
ভাৰতৰ বিৰুদ্ধে আমেৰিকাৰ ৫০% শুল্ক আজিৰ পৰা হ'ব কাৰ্যকৰী
চীনত একেখন মঞ্চত থিয় হ'ব মোদী-জিনপিং-পুটিনসহ শীর্ষ নেতা
ধুবুৰীত মালবাহী ৰে'লৰ প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনত! কথমপি প্ৰাণ ৰক্ষা তিনি ছাত্ৰীসহ এজন লোকৰ
চণ্ডীগড়ত হ'ব IAFৰ ঐতিহাসিক অধ্যায়ৰ সামৰণি অনুষ্ঠান!  মিগ-২১ৰ শেষ উৰণ, প্রতীকী বিদায়
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা